• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

অভিযোগ অনুসৰি কিস্তি বাকী থকাৰ বাবেই দোকানৰ মালিকে প্ৰথমে যুৱকজনৰ পৰা কিনা মোবাইলটো বলপূৰ্বকভাৱে কাঢ়ি নিবলৈ মানুহ পঠিয়াইছিল।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 15, 2026 12:31 pm
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

97
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সময়মতে মোবাইলৰ মাহেকীয়া কিস্তি (EMI) দিব নোৱাৰাৰ শাস্তি! সাধাৰণ শাস্তি নহয়, মাৰাত্মক শাস্তি। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ নিগোহা অঞ্চলত এজন যুৱকক ঘৰৰ পৰা তুলি নি ব্লাড বেংকলৈ লৈ গৈ বলপূৰ্বক শৰীৰৰ পৰা তেজ উলিয়াই নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এক ফোন বিক্ৰেতাৰ বিৰুদ্ধে।

কেৱল সেয়াই নহয়, তেজ লোৱাৰ পিছত যুৱকজনক লক্ষ্ণৌৰ এটা ঘৰত আৱদ্ধ কৰি ৰাখি পাঁচদিন ধৰি মাৰধৰ আৰু বলপূৰ্বক কামত লগোৱাৰ অভিযোগ উঠিছে। অৱশেষত আৰক্ষীয়ে নিৰ্যাতিত যুৱকজনক উদ্ধাৰ কৰে।

আৰক্ষী আৰু ভুক্তভোগী পৰিয়ালে জনোৱা মতে, যুৱকজনে প্ৰায় এবছৰ পূৰ্বে নিগোহা অঞ্চলৰ এখন দোকানৰ পৰা ২১,৫০০ টকাৰ এটা স্মাৰ্টফোন ক্ৰয় কৰিছিল। চুক্তি অনুসৰি ফোনটোৰ সম্পূৰ্ণ মূল্য প্ৰতিমাহে ২৭৯৯ টকাৰ ১২টা কিস্তিত আদায় দিয়া হ’ব। কিন্তু প্ৰথম মাহৰ কিস্তি দিব নোৱাৰাতে নিৰ্যাতন আৰম্ভ হয়।

Apply Now

অভিযোগ অনুসৰি কিস্তি বাকী থকাৰ বাবেই দোকানৰ মালিকে প্ৰথমে যুৱকজনৰ পৰা কিনা মোবাইলটো বলপূৰ্বকভাৱে কাঢ়ি নিবলৈ মানুহ পঠিয়াইছিল। ইয়াৰ পিছতে যোৱা ৮ ছেপ্টেম্বৰত দুজন দুষ্কৃতিকাৰীক যুৱকজনৰ ঘৰলৈ প্ৰেৰণ কৰা হয়। তাৰ পৰাই তেওঁক তুলি লৈ গ’ল।

যুৱকজনে দাবী কৰা মতে, অপহৰণৰ পিছত তেওঁক পোনে পোনে লক্ষ্ণৌৰ এটা ব্লাড বেংকলৈ লৈ যোৱা হয়। তাত তেওঁৰ আপত্তি আৰু অনুৰোধৰ পিছতো তেওঁৰ শৰীৰত চিৰিঞ্জ সুমুৱাই বলপূৰ্বকভাৱে এক ইউনিট তেজ লোৱা হয়। তেজ লোৱাৰ পিছত তাৰ পৰাই তেওঁক সদৰ অঞ্চলৰ এটা নিৰ্জন ঘৰলৈ লৈ যোৱা হয়। অভিযোগ অনুসৰি, পাঁচ দিন ঘৰত ৰাখি নিয়মিতভাৱে মাৰধৰ কৰা, ঘৰৰ কাম কৰিবলৈ বাধ্য কৰাইছিল আৰু ঘটনাৰ বিষয়ে জনালে হত্যা কৰাৰ ভাবুকি দিছিল।

পুত্ৰ নিৰুদ্দেশ হোৱাৰ বাবে আৰু অহৰহ ভাবুকি পোৱাৰ বাবে আতংকিত হৈ পৰা পৰিয়ালটোৱে অৱশেষত আৰক্ষীক খবৰ দিয়ে। অপহৰণৰ লিখিত অভিযোগ দাখিল কৰা হয়।

এজাহাৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। অপহৰণৰ পাঁচ দিনৰ পাছত ম’বাইল টাৱাৰৰ স্থান আৰু অন্যান্য সূত্ৰৰ ভিত্তিত লক্ষ্ণৌৰ আত্মগোপন স্থানত অভিযান চলাই যুৱকজনক উদ্ধাৰ কৰে। ফোনৰ ই এম আই আদায়ৰ বাবে তেজ উলিয়াই নিয়া এই ভয়াবহ আৰু মধ্যযুগীয় প্ৰথাৰ ঘটনাই যোগী ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd