• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিক্ষা নহ’ল! ৰিয়ানৰ শাস্তি দেখাৰ পিছতো বিমানতে ধূমপান যুজবেন্দ্ৰ চাহালৰ, কি হ’ব এতিয়া?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2026 4:19 pm
112
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত ২০২৬ চনৰ আই পি এলৰ মাজভাগতে ভেপিং বিতৰ্কত জড়িত হৈ পৰিল পঞ্জাব কিংছৰ স্পিনাৰ যুজবেন্দ্ৰ চাহাল। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগৰ ক্ষেত্ৰত এনে বিতৰ্কৰ সৃষ্টি হৈছিল। এইবাৰ একেটা বিষয়তে চাহালৰ নামো চৰ্চালৈ আহিল।

এটা ভাইৰেল ভিডিঅ’ই ইতিমধ্যে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে। অভিযোগ অনুসৰি বিমানৰ ভিতৰতে চাহালে ই-চিগাৰেট ব্যৱহাৰ কৰা দেখা গৈছে।

Apply Now

জানিব পৰা মতে, এই ভিডিঅ’টো পঞ্জাৱ দলৰ ভ্ৰমণৰ সময়ত লোৱা হৈছে। অৰ্শদীপ সিঙৰ ভিডিঅ’ৰ বেকগ্ৰাউণ্ডত দেখা গৈছে চাহালক। পিছত এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰাই পেলোৱাৰ দাবী উত্থাপন হৈছে।

কিন্তু তেতিয়ালৈকে ভিডিঅ’টোৰ কিছু অংশ ইণ্টাৰনেটত দ্ৰুতগতিত বিয়পি পৰিছে। যদিও এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে চাহাল, পঞ্জাৱ কিংছ বা আই পি এল কৰ্তৃপক্ষৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।

বিমানৰ ভিতৰত ধূমপান বা ই-চিগাৰেট ব্যৱহাৰ কৰাটো কঠোৰভাৱে নিষিদ্ধ। কাৰণ ইয়াৰ ফলত অগ্নিকাণ্ডৰ আশংকা সৃষ্টি হ’ব পাৰে, যিটো যাত্ৰীৰ সুৰক্ষাৰ বাবে অতি বিপদজনক।

এই কাৰণেই চাহালৰ বিৰুদ্ধে উত্থাপিত অভিযোগক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। বহুতে ধাৰণা কৰে যে যদি অভিযোগ সত্য বুলি প্ৰমাণিত হয়, তেন্তে বিষয়টোৱে কেৱল আই পি এলৰ নিয়ম উলংঘা কৰাই নহয়, আইনী সমস্যাও সৃষ্টি কৰিব পাৰে।

অৱশ্যে এই পৰ্যন্ত যুজবেন্দ্ৰ চাহাল, অৰ্শদীপ সিং, পঞ্জাব কিংছ বা আই পি এল কৰ্তৃপক্ষই কোনো আনুষ্ঠানিক বক্তব্য দিয়া নাই। ফলত ভিডিঅ’টোৰ সত্যতা এতিয়াও নিশ্চিত হোৱা নাই।

চলিত ছিজনৰ আৰম্ভণিতে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগ ই-চিগাৰেটৰ বিতৰ্কৰ সৈতে জড়িত হৈছিল। ড্ৰেছিং ৰুমৰ ভিডিঅ’ত তেওঁক ই-চিগাৰেট ব্যৱহাৰ কৰা দেখা গৈছিল। এই ঘটনাৰ বাবে ৰিয়ানক জৰিমনাও বিহা হৈছিল।

এইবাৰ ক্ৰিকেটাৰৰ অনুশাসনক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে, কিয়নো একেটা বিতৰ্কত যুজবেন্দ্ৰ চাহালৰ নাম আহি পৰিছে। বিশেষকৈ আই পি এলৰ দৰে ডাঙৰ মঞ্চত, য’ত ক্ৰিকেটাৰসকলক কোটি কোটি যুৱকে আদৰ্শ হিচাপে চায়, তেনে অভিযোগে স্বাভাৱিকতে আৰু ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰে।

Look at Yuzvendra Chahal, man. He was risking everyone’s safety by vaping an e-cigarette inside the flight while Shashank Singh and other Punjab Kings⁠ players were around him. 👀

This is totally unacceptable and highly risky for everyone. Such behavior violates flight safety… pic.twitter.com/YnXlPmPhjr

— Sonu (@Cricket_live247) May 7, 2026

খেলপথাৰত প্ৰদৰ্শনৰ বাবে এতিয়া চাপত আছে পঞ্জাৱ কিংছ। একেৰাহে তিনিখন মেচত পৰাস্ত হৈ পইণ্ট তালিকাৰ শীৰ্ষ স্থান হেৰুৱাইছে দলটোৱে। ইতিমধ্যে বেয়া ফিল্ডিংক লৈ সমালোচনা হৈছে। ইপিনে এই নতুন বিতৰ্কই দলটোক আৰু অধিক অস্বস্তিত পেলাইছে।

অৱশ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰা সকলো তথ্য এতিয়াও পৰীক্ষা কৰা হোৱা নাই। বহুতে সকীয়াই দিছে যে সম্পূৰ্ণ সত্য নজনাকৈ কোনো সিদ্ধান্ত লোৱা উচিত নহয়। এতিয়া চোৱা যাওক অৱশেষত এই বিতৰ্কৰ ওপৰত আই পি এল আৰু আনুষংগিক ফ্ৰেঞ্চাইজিসমূহে কি স্থিতি গ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd