• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ৱাছিম ​​আৰু ৱাকাৰ মিলি এজন বুমৰাহ হয়!’ বিশ্বজয়ী পেচাৰক প্ৰশংসাৰে উপচালে পাকিস্তানী কিংবদন্তিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2026 9:04 pm
66
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টি-২০ বিশ্বকাপৰ অন্তিম দুখন খেলত ভাৰতে ৫০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে। সঞ্জু চেমছনৰ নেতৃত্বত মুম্বাই আৰু আহমেদাবাদত ৰানৰ ধুমুহা তুলিছে বেটছমেনসকলে। কিন্তু কেৱল বেটিং নহয় – ছেমি ফাইনেল আৰু ফাইনেলৰ দৰে পৰ্যায়ত টিম ইণ্ডিয়াৰ জয়ৰ অন্যতম স্থপতি যিগৰাকী, তেওঁ কোনো বেটছমেন নহয়, দলৰ নিৰ্ভৰযোগ্য পেচাৰ যশপ্ৰীত বুমৰাহ।

অন্তিম চাৰিৰ খেলত ১৮ নং অভাৰত ইংলেণ্ডৰ বেটছমেনসকলক ৰখাই দিয়ে। তাৰ পিছত ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ১৫ ৰানত ৪ টা উইকেট দখল কৰে। পাকিস্তানৰ ক্ৰিকেট কিংবদন্তি জাহিৰ আব্বাছ এনে প্ৰদৰ্শনত মুগ্ধ হৈ পৰিছে। তেওঁ নিজৰ দেশৰ দুজন প্ৰাক্তন বলাৰৰ নাম উল্লেখ কৰি বুমৰাহক প্ৰশংসা কৰিছে।

Apply Now

ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন ‘এছিয়ান ব্ৰেডমেন’ নামেৰে পৰিচিত জাহিৰ আব্বাছে ‘স্প’ৰ্টছ নাও’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, ‘যশপ্ৰীত বুমৰাহ হৈছে ৱাকাৰ ইউনিছ আৰু ৱাছিম ​​আক্ৰামৰ সংমিশ্ৰণ। তাত কোনো সন্দেহ নাই। ইয়ৰ্কাৰ, গতি, গুৰুত্বপূৰ্ণ মুহূৰ্তত বল ছুইং কৰাৰ ক্ষমতা – এই সকলোবোৰ অসাধাৰণ। এই প্ৰদৰ্শনেৰে অকলেই দলটোক বিশ্বকাপ জয়ী কৰিছে!’

বুমৰাহৰ লগতে ৭৮ বছৰীয়া পাক কিংবদন্তিগৰাকীও সঞ্জু চেমছনক লৈও উৎসাহিত হৈ পৰিছে। তেওঁৰ ভাষাত ‘সঞ্জুৱে শীৰ্ষত ব্যতিক্ৰমী বেটিং কৰিছে। তিনিখন মেচত ৮০ৰ ওপৰৰ ইনিংছ – অবিশ্বাস্য। দৰাচলতে সমগ্ৰ দলটোৰ প্ৰদৰ্শন আছিল অসাধাৰণ!’

বিশ্বকাপ জয়ৰ বাবে টিম ইণ্ডিয়াক প্ৰাপ্য কৃতিত্ব দিবলৈ জাহিৰে একেবাৰেই দ্বিধাবোধ কৰা নাই। তেওঁ কয়, ‘তেওঁলোকে চেম্পিয়নৰ দৰে খেলিছিল। এই প্ৰতিযোগিতাত তেওঁলোকে জয়লাভ কৰাৰ যোগ্য আৰু তেওঁলোকে জয়ী হ’ল। তিনিবাৰকৈ বিশ্বকাপ জয় কৰাৰ বাবে ভাৰতলৈ অভিনন্দন!’

উল্লেখ্য যে ১৯৬৯ চনৰ পৰা ১৯৮৫ চনলৈকে জাহিৰে পাকিস্তানৰ হৈ ৭৮খন টেষ্টত গড়ে ৪৪.৭৯ ৰানকৈ মুঠ  ৫,০৬২ ৰান আৰু ৬২খন এদিনীয়াত গড়ে ৪৭.৬২ ৰানকৈ মুঠ ২৫৭২ ৰান সংগ্ৰহ কৰিছিল। চুবুৰীয়া দেশ এখনৰ কিংবদন্তিৰ মুখৰ পৰা এই স্বীকৃতি কেৱল বুমৰাহৰ বাবেই নহয়, ভাৰতৰ বাবেও এক বিশেষ সন্মান।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

August 13, 2026 11:32 am
মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

August 13, 2026 11:32 am
মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd