অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আনুষ্ঠানিকভাৱে সমাপ্ত কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। এই তদন্তৰ অন্তত আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে শিল্পীগৰাকীৰ মৃত্যুত কোনো ধৰণৰ ৰহস্য বা অপৰাধজনিত কাৰ্য জড়িত নাই, বৰঞ্চ এয়া আছিল এক মৰ্মান্তিক দুৰ্ঘটনা।
প্ৰকাশিত চৰকাৰী তথ্য অনুসৰি, এই ঘটনাটো যোৱা ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ লাজাৰাছ দ্বীপৰ সমীপত সংঘটিত হৈছিল। এখন ব্যক্তিগত বিলাসী নাও বা ইয়াটত সময় অতিবাহিত কৰিবলৈ যোৱা শিল্পীগৰাকীয়ে প্ৰথম অৱস্থাত লাইফ জেকেট পৰিধান কৰি সাঁতুৰিছিল যদিও পিছত ইয়াটলৈ উভতি আহি জেকেটটো সোলোকাই থৈছিল। ইয়াৰ পিছত তেওঁ পুনৰ অকলেই পানীত নামে আৰু আন সংগীয়ে লাইফ জেকেট আগবঢ়োৱাৰ পিছতো সেয়া পৰিধান কৰাৰ পৰা বিৰত থাকে। পুনৰ ইয়াটলৈ সাঁতুৰি উভতি অহাৰ সময়তে তেওঁ সংজ্ঞাহীন হৈ পৰে। লগে লগে ইয়াটত উপস্থিত থকা লোকসকলে তেওঁক উদ্ধাৰ কৰি ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসা (CPR) প্ৰদান কৰে। জৰুৰীকালীন খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ ক’ষ্ট গাৰ্ডৰ এটা দলো উপস্থিত হয় আৰু তেওঁক ছিংগাপুৰ জেনেৰেল হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
মৰণোত্তৰ পৰীক্ষা আৰু টক্সিক‘লজীৰ প্ৰতিবেদনত পানীত ডুবি যোৱাৰ ফলতেই তেওঁৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। তদন্তকাৰী বিষয়াসকলে জানিবলৈ দিয়া মতে, তেওঁৰ তেজত উচ্চ মাত্ৰাত এলক’হল পোৱা গৈছিল, যি শাৰীৰিক ভাৰসাম্য আৰু প্ৰতিক্ৰিয়া ক্ষমতা হ্ৰাস কৰিব পৰাকৈ যথেষ্ট আছিল। ইয়াৰ উপৰি, তেওঁৰ শৰীৰত পোৱা অন্যান্য দৰৱৰ মাত্ৰা স্বাভাৱিক আছিল, যিবোৰ তেওঁ মৃগীৰোগ আৰু উচ্চ ৰক্তচাপৰ দৰে ৰোগৰ বাবে গ্ৰহণ কৰিছিল। কোনো এলাৰ্জি বা আনুষংগিক প্ৰতিক্ৰিয়াৰ ফলত তেওঁৰ মৃত্যু হোৱা নাই বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
এই সমগ্ৰ তথ্য আৰু প্ৰতিবেদনসমূহ ক‘ৰ’নাৰৰ অনুসন্ধান প্ৰক্ৰিয়াৰ অধীনত পৰীক্ষা কৰা হয়। চলিত বৰ্ষৰ ২০২৬ চনৰ ২৫ মাৰ্চত ৰাজ্যিক ক’ৰ’নাৰে ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ সৈতে সহমত পোষণ কৰি এই মৃত্যুক দুৰ্ঘটনাবশত হোৱা মৃত্যু বুলি ঘোষণা কৰে। শেহতীয়াকৈ ছিংগাপুৰ আৰক্ষীয়ে শিল্পীগৰাকীৰ পৰিয়াল আৰু অনুৰাগীসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে ন্যায়িক প্ৰক্ৰিয়াৰ মৰ্যাদা বজাই ৰখাৰ স্বাৰ্থত ৰাইজক কোনো ধৰণৰ উৰাবাতৰি বা ভিত্তিহীন অনুমানৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে।





