• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ বিত্তীয় স্বচ্ছতাক লৈ বিতৰ্ক: আৰটিআইৰ উত্তৰত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2026 6:47 pm
70
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি থকা জনসাধাৰণৰ আৱেগ আৰু শ্ৰদ্ধাৰ সুযোগ লৈছে নাকি একাংশই? এতিয়া সোণাপুৰৰ জুবিন গাৰ্গ সমাধি ক্ষেত্ৰত দান হিচাপে সংগ্ৰহ হোৱা লাখ লাখ টকাৰ হিচাপক লৈ উঠিছে প্ৰশ্ন। শেহতীয়া এক আৰটিআইৰ তথ্যই উন্মোচন কৰিছে কেনেকৈ কোনো বেংক একাউণ্ট বা ডিজিটেল মাধ্যম অবিহনেই কেৱল হাতে লিখা ৰেজিষ্টাৰত চলিছে এই বৃহৎ পুঁজিৰ লেনদেন, যিয়ে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গুৱাহাটীৰ সোণাপুৰত অৱস্থিত জুবিন গাৰ্গ সমাধি ক্ষেত্ৰৰ বিত্তীয় পৰিচালনাক লৈ এক শেহতীয়া তথ্য জনাৰ অধিকাৰ আইনৰ তথ্যই তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে। চৰকাৰী নথিৰ মতে, যোৱা চাৰি মাহৰ ভিতৰত কোনো ধৰণৰ আনুষ্ঠানিক বেংকিং ব্যৱস্থা অবিহনে কেৱল নগদ ধন হিচাপে প্ৰায় ১৬.৮০ লাখ টকা দান সংগ্ৰহ কৰা হৈছে। ডিমৰীয়াৰ সহ-জিলা আয়ুক্তৰ কাৰ্যালয়ে যোগান ধৰা তথ্য অনুসৰি, ২০২৫ চনৰ ২৪ ছেপ্টেম্বৰৰ পৰা ২০২৬ চনৰ ৬ জানুৱাৰীৰ ভিতৰত জনসাধাৰণৰ পৰা মুঠ ১৬,৭৯,৮৮০.৭৫ টকা দান হিচাপে লাভ কৰা হৈছে। আৰটিআইৰ উত্তৰত প্ৰকাশ পোৱা তথ্য অনুসৰি, এই সমগ্ৰ পুঁজি কেৱল হাতে লিখা ৰেজিষ্টাৰৰ জৰিয়তে পৰিচালনা কৰা হৈছে; বৰ্তমানলৈকে ইয়াৰ বাবে কোনো সুকীয়া বেংক একাউণ্ট বা ইউপিআইৰ দৰে ডিজিটেল পৰিশোধৰ ব্যৱস্থা নাই।

Apply Now

‘চেণ্টাৰ ফৰ এফিচিয়েন্ট গভৰ্নেন্স’ৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ হাজৰিকাই বিচাৰা এই তথ্যই জবাবদিহিতাৰ ক্ষেত্ৰত কেইবাটাও গুৰুতৰ ত্ৰুটি উদঙাই দিছে। প্ৰধানকৈ, বৃহৎ পৰিমাণৰ দান সংগ্ৰহৰ পাছতো ইয়াত লেনদেনৰ কোনো বেংকিং তথ্য নাই। বিশেষজ্ঞসকলৰ মতে, কেৱল হাতে লিখা ৰেজিষ্টাৰৰ ওপৰত নিৰ্ভৰ কৰিলে নগদ ধনৰ অপব্যৱহাৰ আৰু মানৱীয় ভুল হোৱাৰ সম্ভাৱনা থাকে। উল্লেখযোগ্য যে, ২৪ ছেপ্টেম্বৰৰ পৰাই দান সংগ্ৰহ আৰম্ভ হৈছিল যদিও চৰকাৰী কৰ্মচাৰীক ১৭ অক্টোবৰৰ পৰাহে সেই স্থানত নিয়োজিত কৰা হৈছিল। প্ৰথম তিনি সপ্তাহত কোনে নগদ ধন সংগ্ৰহ কৰিছিল, সেই সন্দৰ্ভত চৰকাৰী উত্তৰত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।

এই তথ্য লাভ কৰাৰ পিছত আৰটিআই আবেদনকাৰী ৰাকেশ হাজৰিকাই এই পৰিস্থিতিটোক জনসাধাৰণৰ বিশ্বাস ভংগ কৰা কাৰ্য বুলি অভিহিত কৰিছে। তেওঁ কয়, “যেতিয়া মানুহে জুবিন গাৰ্গ সমাধি ক্ষেত্ৰৰ দৰে এটা স্থানত দান কৰে, তেওঁলোকে গভীৰ আৱেগ আৰু শ্ৰদ্ধাৰ পৰাহে সেয়া কৰে। সেই বিশ্বাস কেৱল হাতে লিখা ৰেজিষ্টাৰৰ জৰিয়তে পৰিচালনা কৰিব নোৱাৰি।” তেওঁ লগতে প্ৰশ্ন কৰে, “প্ৰথম দিনাৰ পৰাই কিয় এটা সুকীয়া বেংক একাউণ্ট খোলা হোৱা নাছিল? সমাধি ক্ষেত্ৰখন কেৱল হাতে লিখা ৰেজিষ্টাৰৰ ওপৰত ভিত্তি কৰি চলিব নোৱাৰে।”

অসমৰ কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ প্ৰতি উৎসৰ্গিত এই স্মৃতিসৌধটি জনসাধাৰণৰ আৱেগৰ সৈতে জড়িত। সেয়েহে, সকলো পুঁজিৰ সঠিক হিচাপ পৰীক্ষা নিশ্চিত কৰিবলৈ স্বচ্ছতাৰ পোষকতা কৰা লোকসকলে অনতিপলমে এটা নিৰ্দিষ্ট ট্ৰাষ্ট বেংক একাউণ্ট স্থাপন কৰাৰ দাবী জনাইছে। ইয়াৰ উপৰি, এখন স্বচ্ছ নথিপত্ৰ ৰাখিবলৈ ডিজিটেল ৰচিদ আৰু ইউপিআই ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ লগতে ৰাজহুৱা তথ্য প্ৰকাশৰ ব্যৱস্থা কৰাৰো দাবী উত্থাপন হৈছে, যাতে স্মৃতিসৌধটি সকলো ধৰণৰ সন্দেহৰ ঊৰ্ধত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd