• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অফলাইনৰ পৰা হঠাতে অনলাইন আৱেদনৰ নিৰ্দেশ : স্বাস্থ্য বিভাগৰ নতুন সিদ্ধান্তই চাকৰি প্ৰাৰ্থীৰ মাজত সৃষ্টি কৰিছে হতাশা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
March 13, 2018 8:49 pm
Directorate-of-Health-Services-Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাস্থ্য বিভাগে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নতুনকৈ স্থাপন কৰা আদৰ্শ চিকিৎসালয়সমূহৰ নৈশ চকীদাৰ, ৱাৰ্ডবয় আৰু ৱাৰ্ডগাৰ্লকে ধৰি চতুৰ্থ শ্ৰেণীৰ পদসমূহত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লৈছে যদিও বিভাগটোৱে হঠাতে ইয়াৰ পূৰ্বৰ এটা সিদ্ধান্তক নতুনকৈ অন্য ধৰণে আগ বঢ়োৱাত আৱেদনকাৰীসকল বিপাঙত পৰিছে। স্বাস্থ্য বিভাগৰ এই কাণ্ডই এতিয়া ৰাজ্যখনৰ হাজাৰ হাজাৰ প্ৰাৰ্থীৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে।

জানিব পৰামতে স্বাস্থ্য সেৱা সঞ্চালকালয়ে পূৰ্বতে এই পদসমূহৰ বাবে ট্ৰেজাৰি চালানসহ ‘অফলাইন’ যোগে আৱেদন আহ্বান কৰিছিল যদিও নতুন সিদ্ধান্তৰে প্ৰাৰ্থীসকলক অনলাইন যোগে আৱেদন কৰিবলৈ নিৰ্দেশনা দিছে। কিন্তু অনলাইন আৱেদন কৰিবলৈ গৈ প্ৰাৰ্থীসকল সন্মুখীন হৈছে এক গুৰুতৰ সমস্যাৰ। কাৰণ তেওঁলোকৰ হাতত নাই পূৰ্বে জমা দিয়া ট্ৰেজাৰি চালানৰ প্ৰতিলিপি। আনহাতে পূৰ্বে অফলাইন আৱেদন কৰা প্ৰাৰ্থীসকলকহে কেৱল অনলাইন আৱেদনৰ সুযোগ দিয়াত নতুন প্ৰাৰ্থী হিচাপে আৱেদন কৰাৰ সুযোগো নাই তেওঁলোকৰ হাতত। চালানৰ প্ৰতিলিপি জমা দিব নোৱৰাৰ ফলত অনলাইন প্ৰক্ৰিয়াটোত তেওঁলোকৰ আৱেদন গ্ৰহণ কৰা নাই।

Apply Now

উল্লেখযোগ্য যে স্বাস্থ্য বিভাগে এইচ্ছ এছ ই/১৪৩/২০১৭/১৪৫৯৫ নম্বৰ বিজ্ঞাপনৰ জৰিয়তে যোৱা ১৪ ডিচেম্বৰত বিভিন্ন জিলাত স্থাপন কৰা আদৰ্শ চিকিৎসালয়ত প্ৰয়োজন হোৱা নৈশ চকীদাৰ, ৱাৰ্ডবয়, ৱাৰ্ডগাৰ্ল আদি চতুৰ্থ শ্ৰেণীৰ পদসমূহ পূৰণ কৰাৰ বাবে প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচাৰিছিল। এই বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাৰ্থীসকলক ২৫০ টকা আৰু অনুসূচিত জাতি-জনজাতি শ্ৰেণীৰ প্ৰাৰ্থীসকলক ১৫০ টকাকৈ ট্ৰেজাৰি চালানযোগে জমা দি আৱেদন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। বিজ্ঞাপনটোৰ জৰিয়তে প্ৰাৰ্থীসকলক প্ৰতিখন জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত ‘অফলাইন’ৰ জৰিয়তে প্ৰ-পত্ৰসমূহ জমা দিবলৈ কোৱা হৈছিল। এই অনুসৰি, ৰাজ্যখনৰ বিভিন্ন জিলাৰ হাজাৰ হাজাৰ নিবনুৱাই ট্ৰেজাৰি চালানসহ নিজ নিজ জিলাত থকা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়সমূহত ‘অফলাইন’ৰ জৰিয়তে আবেদন প্ৰ-পত্ৰ জমা দিয়ে।

কিন্তু শেহতীয়াভাৱে ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে জনসংযোগ বিভাগৰ জৰিয়তে জাৰি কৰা এইচ এচ ই/১৪৩/২০১৭/২৫০৬ নম্বৰৰ এক বিজ্ঞাপনৰ জৰিয়তে উক্ত পদসমূহৰ বাবে প্ৰাৰ্থীসকলৰ পৰা নতুনকৈ অনলাইনযোগে আৱেদন বিচাৰে।  বিজ্ঞাপনটোৰ জৰিয়তে উল্লেখ কৰা হৈছে যে ‘অনলাইন’ৰ জৰিয়তে কোনো নতুন প্ৰাৰ্থীৰ আৱেদন গ্ৰহণ কৰা নহ’ব আৰু ইতিমধ্যে ‘অফলাইন’ৰ জৰিয়তে আৱেদন কৰা প্ৰাৰ্থীসকলে নতুনকৈ ট্ৰেজাৰি চালান জমা দিয়াৰ আৱশ্যকতা নাই। আনহাতে, ‘অনলাইন’ত আৱেদন কৰিবলৈ সক্ষম নোহোৱা, পূৰ্বতে ‘অফলাইন’ত আৱেদন কৰা প্ৰাৰ্থীসকলৰ পূৰ্বৰ আৱেদন প্ৰ-পত্ৰসমূহ বিবেচনা কৰা নহ’ব বুলিও নতুন বিজ্ঞাপনটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে। যোৱা ৭ মাৰ্চৰ মাজ নিশাৰ পৰা আৰম্ভ হোৱা অনলাইনযোগে প্ৰ-পত্ৰ গ্ৰহণ প্ৰক্ৰিয়া ২০ মাৰ্চৰ মাজ নিশালৈকে অব্যাহত থাকিব।

কিন্তু ইতিমধ্যে অফলাইনৰ জৰিয়তে আৱেদন কৰা বহু প্ৰাৰ্থীয়ে অনলাইনৰ জৰিয়তে আবেদন কৰিবলৈ গৈ গুৰুতৰ সমস্যাৰ সন্মুখীন হ’বলগা হৈছে। কিয়নো প্ৰাৰ্থীসকলৰ হাতত চালানৰ অতিৰিক্ত কপি নথকাত অনলাইনত চালানৰ কপি জমা দিব পৰা নাই। আনহাতে, চালানৰ কপি জমা দিব নোৱৰাত প্ৰাৰ্থীসকলৰ আৱেদন অনলাইনত গ্ৰহণযোগ্য হোৱা নাই। ইয়াৰ ফলতে হাজাৰ হাজাৰ প্ৰাৰ্থীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। জানিব পৰা মতে কেৱল বৰপেটা জিলাতে প্ৰায় ৪০ হাজাৰ নিবনুৱাই উক্ত পদসমূহৰ বিপৰীতে অফলাইনৰ জৰিয়তে আবেদন কৰিছিল। কিন্তু এই প্ৰাৰ্থীসকলৰ হাতত তেওঁলোকে জমা দিয়া চালানৰ কপি নথকাত এতিয়া অনলাইনত আৱেদন কৰিব নোৱাৰি উৱাদিহ হেৰুৱাই পেলাইছে। প্ৰাৰ্থীসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ ক্ষোভ আৰু হতাশা। আজি ভালেসংখ্যক প্ৰাৰ্থীয়ে বৰপেটা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়লৈ গৈ যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীৰ পৰা এই সন্দৰ্ভত বিতংভাৱে জানিবলৈ বিচৰাৰ লগতে সমস্যাটোৰ এক সমাধান উলিয়াবলৈ দাবী জনায়। কিন্তু যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে এইক্ষেত্ৰত তেওঁ নিৰুপায় বুলি অৱগত কৰি প্ৰাৰ্থীসকলক ওভতাই পঠায়। স্বাস্থ্য বিভাগে নিবনুৱা প্ৰাৰ্থীসকলৰ কথা নাভাবি হঠাতে গ্ৰহণ কৰা এনে টোগলকী কাণ্ডৰ বাবেই এতিয়া ৰাজ্যখনৰ হাজাৰ হাজাৰ চাকৰি প্ৰাৰ্থী বঞ্চিত হোৱাৰ আশংকাই দেখা দিছে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd