• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এজাক বৰষুণতে বুৰ গ’ল নগাঁও চহৰৰ বহু অঞ্চল, ব্যাহত যাতায়াত

মিণ্টু দাস by মিণ্টু দাস
July 5, 2018 6:05 am
জলমগ্ন হৈ পৰা নগাঁও চহৰ

এজাক বৰষুণতে জলমগ্ন হৈ পৰা নগাঁও চহৰ। ফটো : মিন্টু দাস

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজাক বৰষুণত নগাঁও চহৰৰ বহু কেইটা পথত একাঠু পানীৰ সৃষ্টি হোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰা পৰিলক্ষিত হয়। কালি সন্ধিয়া হোৱা এজাক বৰষুণত নগাঁও চহৰৰ বহু কেইটা অঞ্চল বুৰ যোৱাত যাতায়ত ব্যাহত হৈ পৰে। বিশেষকৈ নগাঁও- ধিং সংযোগী পথৰ ধিং চিণ্ডিকেটৰ সমীপৱৰ্তী উৰণীয়া সেঁতুৰ কাষৰ দুয়োটা চাৰ্ভিচ পথৰে অৱস্থা সম্প্ৰতি শোচনীয় হৈ পৰিছে।

আনকি, কালি সন্ধিয়াৰ ভাগৰ পৰা আৰম্ভ হোৱা বৰষুণত এই পথ দুটাত কৃত্ৰিম বানৰ সৃষ্টি হয়। উল্লেখ্য, এই পথ কেইটাৰে পানী ওলাই যোৱাৰ কোনো সু-ব্যৱস্থা নথকাৰ ফলত মুলতঃ পথ কেইটাত এজাক বৰষুণ দিলেই পানীৰ সৃষ্টি হয়। নগাঁও চহৰৰ হনুমান মন্দিৰৰ সন্মুখৰ পৰা ধিং গেটৰ উৰণীয়া সেঁ‌তু পৰ্যন্ত এই পথ চোৱাই দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাত ইতিপূৰ্বে বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে।

Apply Now

উক্ত চাৰ্ভিচ পথ দুটাৰে ধিং গেটত থকা বিভিন্ন প্ৰতিষ্ঠানলৈ যাতায়ত কৰাৰ লগতে গুৰুত্বপূৰ্ণ হয়বৰগাঁও ৰেল ষ্টেশ্যনলৈ যাতায়ত কৰে সৰ্বসাধাৰণ ৰাইজে। এজাক বৰষুণতে  যাতায়ত বন্ধ হৈ পথ দুটাৰে ৰে’ল ষ্টেচনলৈ অহা-যোৱা কৰা যাত্ৰী সকলো সমস্যাৰ সন্মুখীন হ’বলগা হয়। কেৱল এই চাৰ্ভিচ পথ দুটাই নহয়, ধিং গেটৰ উৰণীয়া সেঁতুৰ দুয়ো মূৰত এজাক বৰষুণত পুখুৰী সদৃশ পানী জমা হয়।

উল্লেখ্য যে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা, ধিং আদি অঞ্চললৈ যাতায়ত কৰা একমাত্ৰ পথচোৱা এজাক বৰষুণ দিলেই যাতায়তৰ ক্ষেত্ৰত সংকটৰ সন্মুখীন হয় ৰাইজ। কেৱল এই পথ কেইটাই নহয়, নগাঁও চহৰৰ মোল্লাপট্টি হৈ বৰভেটী চাৰিআলি সংযোগী পথটোৰো অৱস্থা শোচনীয়। নগাঁও-মৰিগাঁও সংযোগী ৰাজ্যিক ঘাইপথৰ অধীনৰ এই পথটোৰ নিৰ্মাণ কাৰ্য কোনো কোনো স্থানত চলি আছে যদিও নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ বাবেই পথটোৰে সম্প্ৰতি যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে।পথটোত নতুনকৈ মাটি উঠোৱাত বৰষুণ দিলেই পথটোত একাঠু বোকা হয়।

একেদৰে মৰিগাঁও বাছ আস্থানৰ পৰা আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সন্মুখৰে যোৱা পথটোতো এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয়। তাৎপৰ্যপূৰ্ণ যে, নগাঁও পৌৰসভাই নগাঁও চহৰৰ নলা- নৰ্দমাসমূহ সঠিকভাবে নিৰ্মাণ নকৰাৰ পৰিপ্ৰেক্ষিতত বহু পথৰে পানী ওলাই যাব নোৱাৰে। যাৰ বাবে বহু কেইটা পথত এজাক বৰষুণতে একাঠু পানীৰ সৃষ্টি হয়।

মন কৰিবলীয়া যে, চহৰখনৰ আমোলাপট্টি বি বৰুৱা পথ, ১ নং উপ পথতো বৰষুণৰ পানী জমা হৈ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। কিছুদিন পুৰ্বে এই পথচোৱা মেৰামতিৰ বাবে স্থানীয় এগৰাকী শিক্ষাবিদে এখন ৰাজহুৱা সভাত অনুৰোধ জনোৱাৰ বাবেই শিক্ষাবিদগৰাকীক ৰে’ল ৰাজ্যমন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইয়ে অপদস্থ কৰিছিল। এই লৈ সমগ্ৰ নগাঁৱতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আজিও এই পথচোৱা মেৰামতিৰ অভাৱত এজাক বৰষুণ দিলেই জলমগ্ন হৈ পৰে।

ইপিনে আজি এজাক  বৰষুণতে পানীৰ তলত বুৰ যায় চহৰৰ ঢাকাপট্টি, কৃষ্ণাহল চাৰিআলি, হৰিজনপট্টি, তিলক ডেকা পথ, এডিপি ৰোড, মৰিগাঁও বাছ ছেণ্ডিকেটৰ পৰা এডিপি কলেজ পথৰ লগতে চহৰখনৰ বহু অঞ্চল।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd