• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘এটা জাতি, এটা নিৰ্বাচন আৰু এটা দল’ নীতিৰে বিজেপিয়ে স্বৈৰাচাৰতন্ত্ৰ চলাব বিচাৰিছে : প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 6, 2018 5:03 pm
Tarun Gogoi pmt

৬ ফেব্ৰুৱাৰিত গুৱাহাটীত সংবাদমেল সম্বোধন কৰা সময়ত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আজি এক সংবাদমেলৰ জৰিয়তে উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ সদ্যসমাপ্ত নিৰ্বাচন আৰু ৰাজনৈতিক গতিবিধিকে ধৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। ঘাইকৈ বিজেপিৰ নীতিৰ সমালোচনা কৰি গগৈয়ে সংবাদমেলত কয়, ”এটাজাতি, এটা নিৰ্বাচন আৰু এটাদল-এই নীতিৰে বিজেপিয়ে সমগ্ৰ ভাৰততে স্বৈৰাচাৰী শাসন প্ৰৱৰ্তন কৰিব বিচাৰিছে।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয়, ‘বিজেপি এনে এটা দল যি বিষ খুৱাই সকলো ৰাজ্যৰে আঞ্চলিক দলসমূহক ধ্বংস কৰাৰ চেষ্টা চলাই আছে। মেঘালয়ত দলটোৱে মাত্ৰ দুখন আসনহে পাইছে।’

Apply Now

আনহাতে ত্ৰিপুৰা সম্পৰ্কত কয়, ‘২৫ বছৰে চি পি আই (এম)ৰ শাসনত থাকি জনসাধাৰণে তিক্ততা বোধ কৰাৰ বাবে বিজেপিক জয়ী কৰালে।’ নিজৰ দলৰ অৱস্থা সম্পৰ্কতো কয়, ‘নাগালেণ্ড আৰু ত্ৰিপুৰাত কংগ্ৰেছৰ অৱস্থা একেবাৰে বেয়া।’

বিজেপিয়ে ফটা ঢোলত চাপৰ মৰা বুলি মন্তব্য কৰি গগৈয়ে কয় ‘নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ উচ্চ পৰ্য্যায়ৰ নেতা সকলে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিও মাত্ৰ দুখন আসনহে লাভ কৰিব সক্ষম হয়। মাত্ৰ দুখন আসন লাভ কৰি বিজেপিৰ অমৃত শ্বাহ, ৰাজনাথ সিং মেঘালয়ৰ নব-নিযুক্ত মুখ্য মন্ত্ৰী কমৰাড চাংমাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহাটো লাজৰ কথা। মেঘালয়ৰ জনসাধাৰণে বিজেপি দলক মুখথেকেচা খুওৱাৰ পিছতো তেওঁলোকে চৰকাৰ গঠন কৰাৰ দৰে দেখুৱাব বিচাৰিছে।’

এই কথাই কনৰাড চাংমাক হেয় প্ৰতিপন্ন কৰাৰ লগতে মেঘালয়বাসীকো অপমান কৰা বুলি গগৈয়ে মন্তব্য কৰে।

আনহাতে মেঘালয়ত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে নিৰ্বাচনৰ পূৰ্বৰে পৰা কৈ আছিলো বুলি মন্তব্য কৰি গগৈয়ে কয়,- ‘ধনৰ বলত বিজেপিয়ে মেঘালয়ত বিজেপিয়ে চৰকাৰ গঠন কৰিছে। মেঘালয়ৰ জনসাধাৰণেও এবছৰ পাৰ হোৱাৰ পিছত বিজেপি প্ৰকৃততে কি সেই কথা উপলব্ধি কৰিব।’

বিজেপি চৰকাৰে অসমৰ বাবে একো কৰা নাই বুলি কটাক্ষ কৰি গগৈয়ে মন্তব্য কৰে ‘বিজেপি চৰকাৰৰ নেব্ৰা (NEBRRA) ৰ জৰিয়তে ২০১৫ চনৰ ১৯ জুনত মোৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ জলসম্পদ বিভাগৰ আলোচনা হৈছিল। কিন্তু ২০১৮ চন হোৱাৰ পিছতো এই বিষয়ত তেওঁলোকে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে।’

তদুপৰি তেওঁ বিটিচি কেবিনেটে অবড়ো লোকসকলৰ ভূমি কাঢ়ি ল’ব বিচৰা কথাটো উত্থাপনেৰে কয় ‘মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্তমান সময়তো এই বিষয়ত সম্পূৰ্ণ ৰূপত নিমাত। কংগ্ৰেছ চৰকাৰৰ দিনত এনেকুৱা পৰিস্থিতি কেতিয়াও হোৱা নাছিল আৰু হ’বলৈও দিয়া নাছিলো।’

আনহাতে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে কিৰেণ ৰিজিজুক কিহৰ বাবে নাগা ফ্ৰেমৱৰ্ক চুক্তিখন তিনি বছৰে গোপন কৰি ৰাখিছে বুলি প্ৰশ্ন উত্থাপন কৰে।

এই সন্দৰ্ভত তেওঁ কয় ‘যদি অসম নাইবা মণিপুৰৰ কোনো অংশই নাগালেণ্ডৰ অন্তৰ্ভুক্ত নহয় তেন্তে ইয়াক গোপন কৰি ৰখাৰ যুক্তি ক’ত?’

ত্ৰিপুৰাত বিজেপি কৰ্মীয়ে মাৰ্ক্সবাদী নেতা লেনিনৰ মূৰ্তি বাগৰাই পেলোৱা সন্দৰ্ভত গগৈয়ে কয়, ‘লেনিন অথবা মহাত্মা গান্ধী, দীনদয়াল, জৱাহৰলাল নেহেৰুকে ধৰি অন্যান্য বিশিষ্ট লোকসকলৰ আদৰ্শক কোনোবাই সমৰ্থন নজনাব পাৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মূৰ্তি বগৰাই পেলাব।’

তেওঁ প্ৰাক্তন সতীৰ্থ ড০ হিমন্ত বিশ্ব শৰ্মা জেইললৈ যোৱাৰ ভয়ত বিজেপিলৈ যোৱা বুলি মন্তব্য কৰি কয় ‘হিমন্তক মই সুৰক্ষা দি আছিলো। বিজেপি দলত যোগদান কৰাৰ বাহিৰে তেওঁৰ হাতত অন্য উপায় নাছিল। কংগ্ৰেছত থকাহেঁতেন মোকো তেওঁ লেটিয়াই থাকিল হেঁতেন। গতিকে ময়ো বাছি গ’লো। ময়ো সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰি, অস্ত্ৰ চুক্তি কেলেংকাৰিৰ বিষয়ে জানিছিলো। কিন্তু মই তেওঁক ছাঁ দি আছিলো।’

তাৎপৰ্য্যপূৰ্ণভাৱে তেওঁ কয় ‘মই হিমন্তৰ দোষবোৰ লুকুৱাই ৰাখিলো বাবে অপৰাধ কৰা হ’ল। কিন্তু বিজেপিয়ে এই বিষয়ে অৱগত হয় যদি কিয় কোনো ব্যৱস্থা হাতত লোৱা নাই। দুৰ্নীতিত লিপ্ত থাকিলেও বিজেপিলৈ যোৱাৰ পিছত সকলো সন্যাসী হৈ যায়।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd