• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰই যদি টকা বেছিকৈ দিছেই উন্নয়ন হোৱা নাই কিয় : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 27, 2018 10:05 pm
সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি এখন সংবাদমেল দি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্যৰ বিজেপিৰ চৰকাৰখনক কঠোৰ সমালোচনা কৰে। বহুকেইটা বিষয়ত চৰকাৰখনে ৰাইজক আন্ধাৰত ৰখা বুলি অভিযোগ কৰে। তেওঁ বিজেপি চৰকাৰৰ উন্নয়ন একেবাৰে লেহেমীয়া বুলি সদৰী কৰি এই চৰকাৰখনক এখন অযোগ্য চৰকাৰ আখ্যা দিয়ে।

চৰকাৰখনক বিফল বুলি দাবী কৰি কয়, ’সোণোৱাল চৰকাৰে ঢাক-ঢোল বজাইহে বিত্ত বিভাগটো ভাল ভাল বুলি কৈ থাকে। বিজেপি চৰকাৰৰ দিনত কোনোধৰণৰ উন্নয়নমূলক কাম হোৱা নাই।’

Apply Now

এই সন্দৰ্ভত তেওঁ নিজৰ বাখ্যা আগবঢ়াই কয়, ‘যদি কেন্দ্ৰৰ পৰা পূৰ্বৰ তুলনাত অনুদান বেছিকৈ পাইছে তথা নিজৰ পুঁজিত বহু ধন আছে, তেন্তে কিহৰ বাবে তেওঁলোকে উন্নয়নসমূহ স্থবিৰ কৰি ৰাখিছে।’

বিজেপি চৰকাৰে উন্নয়নৰ নামত অহা ধনৰ ১৭ শতাংশহে বৰ্তমানলৈকে খৰচ কৰিছে বুলি তেওঁ মন্তব্য কৰে।

তেওঁৰ কয়, ‘কেন্দ্ৰীয় চৰকাৰৰ পৰা ধন আবণ্টন হৈ থকাৰ পিছতো তেওঁলোকে সেই ধন খৰচ নকৰে। গতিকে এইখন চৰকাৰৰ মন্ত্ৰীসমূহো অযোগ্য। বিভাগীয় মন্ত্ৰী থাকিও উন্নয়ন কৰিব নোৱাৰে আৰু তেওঁলোকে বিভাগীয় বিষয়াসকলৰ ওপৰত দোষ জাপি দিয়ে। প্ৰকৃততে মন্ত্ৰীসকলে বিষয়াসকলক চলাব নাজানে।’

আনহাতে নাগাওঁ আৰু কাচাৰ কাগজকল সন্দৰ্ভত প্ৰাক্তন মুখ্য মন্ত্ৰীজনে নিজৰ স্থিতি প্ৰকাশ কৰি কয়, ‘বিজেপি চৰকাৰে জাগীৰোড আৰু কাছাৰ পেপাৰ মিল ব্যক্তিগত খণ্ডক দিব বিচাৰিছে। কিন্তু এনে হ’লে এই উদ্যোগসমূহৰ ক্ষতি হোৱাটো নিশ্চিত। মই এইবোৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত পুনৰুজ্জীৱিতকৰণ হোৱাটো বিচাৰো। ব্যক্তিগত খণ্ডৰ হাতত উদ্যোগসমূহ এৰি দিলে অসমলৈ কোনো উদ্যোগ নাহিব।’

লগতে তেওঁ কয়, ’কেন্দ্ৰীয় চৰকাৰে কিছু পৰিমাণে লোকচান ভৰি হ’লেও এই কোম্পানীসমূহ জীয়াই তুলিবলৈ নিজৰ ফালৰ পৰা ধন আবণ্টন কৰিব লাগিব।’

অসমত কংগ্ৰেছ চৰকাৰ শাসনত থকা সময়ত ব্যক্তিগত খণ্ডৰ হাতত উদ্যোগসমূহ গতাই দিয়া হোৱা নাছিল বুলিও তেওঁ সদৰী কৰে।

‘আমাৰ সময়ত বাজপেয়ী চৰকাৰে কাগজকল আৰু কোকৰাঝাৰৰ চিমেন্ট উদ্যোগ ব্যক্তিগতকৰণ কৰিব খোজোতেও দিয়া নাছিলো। ব্যক্তিগতকৰণ কৰিলে নিবনুৱা সমস্যা বাঢ়িব তেতিয়া পুনৰ উগ্ৰপন্থী দলসমূহ সক্ৰিয় হৈ উঠিব।’

নিবনুৱা সমস্যাৰ ক্ষেত্ৰত ব্যক্তিগতকৰণ কৰিলে ক্ষতি হ’ব বুলি কৈ তেওঁ কয়, ‘কংগ্ৰেছ চৰকাৰৰ দিনত নিবনুৱা সমস্যা দূৰ কৰিবৰ বাবে গেছক্ৰেকাৰ, বিটিএছ ইত্যাদি উদ্যোগসমূহ মুকলি কৰিছিলো। বাজপেয়ীক কৈ মই ব্যক্তিগতকৰণ কৰাৰ পৰা উদ্যোগসমূহক ৰক্ষা কৰিছিলো। কিন্তু নিজৰ চৰকাৰ থাকিও আজি সৰ্বানন্দ সোনোৱালে মোডীৰ সিদ্ধান্তৰ বিৰুদ্ধে একো ক’ব পৰা নাই।’

আনহাতে বি টি এ ডিত কালি অবড়োসকলৰ ভূমিৰ অধিকাৰ সম্পৰ্কীয় যি সিদ্ধান্তৰ কথা ওলাইছে সেই সন্দৰ্ভত তেওঁ কয় : বড়োলেণ্ডৰ চুক্তিৰ জৰিয়তে বিটিচি এলেকাৰ অবড়ো লোকসকলে তেওঁলোকৰ অধিকাৰসমূহ লাভ কৰি আহিছে। গতিকে  ভূমি অধিকাৰসমূহ খৰ্ব কৰিলে তেওঁলোক শংকিত হোৱাটো স্বাভাবিক।

তেওঁ বড়োলেণ্ডত বসবাস কৰা অবড়োসকলৰ ভূমি অধিকাৰ, চাকৰি পোৱাৰ অধিকাৰ- এইবোৰ খৰ্ব নকৰিবৰ বাবে চৰকাৰক আহ্বান জনায়।

আনহাতে স্বাভাৱসুলভভাৱে তেওঁ প্ৰাক্তন শিষ্য তথা এসময়ৰ সোঁহাতস্বৰূপ ড০ হিমন্ত বিশ্ব শৰ্মাক সৰ্ববিদ্যা বিশাৰদ বুলি কটাক্ষ কৰে। তেওঁ কয় ‘তেওঁ সকলো কামতে পাৰ্গত। ডিজিটেল বাজেট নিৰ্মাণ কৰাতো পাকৈত, তাৰ সমান্তৰালকৈ সাৰদা কেলেংকাৰি, লুইবাৰ্জাৰ কেলেংকাৰি, তথা অস্ত্ৰ-শস্ত্ৰ চুক্তিটো পাকৈত।’

আনহাতে তেওঁ ডিজিটেল বাজেটক জনসাধাৰণক আভুৱা-ভাঁৰিবলৈ কৰা এক চেষ্টা বুলি অভিহিত কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে বহনক্ষম উন্নয়ন আঁচনিখন নিজৰ বুলি দাবী কৰি কয় ‘বিজেপি চৰকাৰে এই আঁচনিখন হাইজেক কৰি নিজৰ আঁচনি বুলি ক’ব বিচাৰিছে। তথ্য চালেই পোহৰলৈ আহিব এই আঁচনিখন প্ৰকৃতাৰ্থত  কাৰ।’

তাৰোপৰি তেওঁ বহনক্ষম আঁচনিখনৰ অধীনৰ কামসমূহ বিজেপি চৰকাৰে সম্পূৰ্ণ ওলোটাকৈ কৰি আছে বুলি উল্লেখ কৰে। লগতে তেওঁলোকৰ অধীনত এই আঁচনিখনে দুৰ্ভিক্ষতা বেছিকৈহে আনিছে বুলি তেওঁ উল্লেখ কৰে।

তেওঁৰ মতে বিজেপি চৰকাৰে বৰ্তমান সময়লৈকে বানপানীৰ সমস্যাটোৰে উপযুক্ত সমাধান নিৰূপণ কৰিব পৰা নাই। বাৰিষা আহিবৰ হ’ল তদুপৰি চৰকাৰে বানে ভাঙি পেলোৱা মথাউৰি কেইটাই পুনৰ নিৰ্মাণ কৰিব পৰা নাই।

এই ক্ষে্ত্ৰত তেওঁ বিভাগীয় কতৃপক্ষক বানপানী প্ৰতিৰোধৰ বাবদ অহা ধনৰ হিচাপ তথা অহাবাৰ কি কি কাৰ্য্যকৰী ব্যৱস্থা প্ৰস্তুত কৰিছে সেয়া ৰাজহুৱা কৰিবৰ বাবে দাবী জনায়।

ইয়াৰোপৰি তেওঁ পৰিমল শুক্লবৈদ্যৰ গড়কপ্তানী বিভাগতো কোনোধৰণৰ ৰাস্তা-পথ মেৰামতি হোৱা নাই বুলি অভিযোগ আনে।

এ পি এছ ছি কেলেংকাৰিৰ সন্দৰ্ভত তেওঁ প্ৰশ্ন উত্থাপন কৰি কয় ‘ৰাকেশ পালৰ ভাতৃ ৰাজেশ পালক কিয় ধৰিব পৰা নাই? ইয়াৰ পৰা গম পোৱা যায় যে তদন্ত প্ৰক্ৰিয়াটো যি পৰ্য্যায়ত হ’ব লাগিছিল সেই পৰ্য্যায়ত হোৱা নাই।’

চৰাকখনৰ কৰ্মকাণ্ডত পুৰণি বিজেপি কৰ্মী সকল অসন্তুষ্ট বুলি উল্লেখ কৰি তেওঁ কয় ‘বহু পুৰণা বিজেপি কৰ্মীয়ে আহি কংগ্ৰেছত যোগদান কৰা বুলি কৈছে। কইনাধৰাত মোক নিজে আহি লগ পাই গৈছে। যোৰহাট, গুৱাহাটী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিজেপি তথা আৰ এছ এছ কৰ্মীসকল আহিছে। ইয়াৰ পৰাই বিজেপি চৰকাৰৰ প্ৰতি নিজ দলৰে আশ্বাস কমি যোৱা বুলি গম পোৱা যায়।’

আনহাতে দলত হৈ থকা অন্তৰ্কন্দল সন্দৰ্ভত গগৈয়ে কয় ‘দলত কিছু নিয়মানুবৰ্তিতাৰ অভাৱ হৈছে। অনিল ৰাজা, ৰকিবুল হুছেইন দুয়ো মোৰ চকুত সমান। কিন্তু অনিলে কিছু ভুল কৰিছে, কাৰোবাৰ বিৰুদ্ধে মাত মাতিছে আপত্তি নাই, কিন্তু ৰাজহুৱাভাৱে কৰাটো দলৰ নীতি বিৰোধী কথা। এয়া ভুল বুজাবুজিৰ বাবেহে হৈছে। আজিৰ পৰা অনিয়মানুবৰ্তিতা নাইকিয়া কৰাৰ বাবে চেষ্টা হাতত ল’ম।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd