• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে সাজু আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2018 12:43 pm
pares
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবা দশকো পুৰণি আলফা সমস্যাটোৰ শান্তিপূর্ণ সমাধানৰ বাবে সম্পূর্ণৰূপে সাজু আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ৷ ভাৰত চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে বিষয়টোৰ স্থায়ী নিষ্পত্তি বিচাৰিছে পৰেশ বৰুৱাই।

কিন্তু আলফা (স্বাধীন)ৰ আদর্শৰ ভিতৰত মুখ্য সেনাধ্যক্ষজনৰ আলোচনাৰ প্রতি সম্পূর্ণ সদিচছা থকাৰ পাছতো আৰু আলোচনাৰ প্রক্রিয়াটো বহু দূৰ আগবাঢ়ি যোৱাৰ পাছতো ৰাজ্যৰ একাংশ আৰক্ষী বিষয়া, একাংশ আলোচনীপন্থী নেতা আৰু চোৰাংচোৱাৰ বিধি-পথালিৰ বাবেই আজিও ফলপ্রসু হৈ উঠা নাই বিষয়টো।

Apply Now

কিয়নো উপৰিউক্ত মহলে আলফা (স্বা) আৰু ভাৰত চৰকাৰ আলোচনা নিবিচাৰে। এওঁলোকে মাত্র বিচাৰে সমস্যাটো দীর্ঘকালৰ বাবে জীয়াই থকাটো৷ যি সময়ত আলফা (স্বা) আৰু ভাৰত চৰকাৰৰ মাজত প্রস্তাৱিত আলোচনাৰ বাবেই পিচিজিৰ সদস্য তথা পৰেশ বৰুৱাৰ ঘনিষ্ঠ বন্ধু ৰেৱতী ফুকন সন্ধানহীন হৈছে বুলি ব্যাপক চৰ্চা চলিছে আৰু সমগ্র বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিও উত্তাল কৰি তুলিছে, সেই সময়তে এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে খোদ পৰেশ বৰুৱাই৷

‘একাংশ আৰক্ষী বিষয়া আৰু চোৰাংচোৱাই আলফা সমস্যাটোৰ সমাধান এই কাৰণেই নিবিচাৰে যে ইহঁতে উগ্রপন্থী সমস্যা সমাধানৰ নামত বছৰি বছৰি কোটি কোটি টকা লুটি থকাৰ বাট বন্ধ হৈ পৰিব৷ বিগত চল্লিশ বছৰে উগ্রপন্থী সমস্যাৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ লুণ্ঠন চলিছে, যি ধন একাউণ্টেব’ল নহয়৷’

এইদৰেই দীর্ঘদিনীয়া নীৰৱতা ভংগ কৰি নিজৰ উষ্মা প্রকাশ কৰাৰ লগতে আলোচনাৰ প্রক্রিয়াৰ প্রতি থকা তেওঁৰ সদিচছা ব্যক্ত কৰে মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ বৃহস্পতিবাৰে ৰাজ্যখনৰ এখন প্ৰতিষ্ঠিত তথা আগশাৰীৰ বাতৰি কাকত ‘দৈনিক জনমভূমি’ৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপযোগে আন বহুকেইটা বিষয়ত নিজৰ মত প্রকাশ কৰি একাধিক বিস্ফোৰক মন্তব্য কৰে আলফাৰ মুখ্য সেনাধ্যক্ষজনে৷

উল্লেখযোগ্য যে বর্তমানেও নিখোজ হৈ থকা ৰেৱতী ফুকনে পৰেশ বৰুৱাক আলোচনাৰ টেবুলত বহুৱাই আলফা সমস্যাৰ এক স্থায়ী, ফলপ্রসু আৰু শান্তিপূর্ণ সমাধানৰ বাবে এক অভিনৱ সমাধান সূত্র প্রস্তুত কৰি উলিয়াইছিল আৰু কেন্দ্রীয় চৰকাৰৰ গুৰুত্বত এই প্রক্রিয়া বহু পৰিমাণে আগবাঢ়িছিল৷

জানিব পৰা মতে, ফুকনে ইতিমধ্যেই কেন্দ্রীয় চৰকাৰৰ গুৰুত্বপূর্ণ বিষয়া আৰ এন ৰবিৰ লগত কেইবালানিও আলোচনা সম্পূর্ণ কৰিছিল৷

এনে সময়তে ৰেৱতী ফুকনৰ অপহৰণ ৰহস্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ এই অপহৰণ কাণ্ড সন্দৰ্ভত মন্তব্য কৰি পৰেশ বৰুৱাই কয়— ‘ৰেৱতী ফুকনৰ অপহৰণত আৰক্ষীৰ একাংশ শীর্ষ বিষয়া, কেন্দ্রীয় চৰকাৰৰ চোৰাংচোৱা সংস্থা আৰু একাংশ আলোচনাপন্থী আলফা জড়িত হৈ আছে৷ কাৰণ আলফা-চৰকাৰৰ আলোচনা নহ’লে এওঁলোকৰে লাভ আটাইতকৈ বেছি হ’ব৷’

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd