• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিষ্ঠাৰ ১০ বছৰৰ পিছতো পূৰ্ণাংগ নহ’ল অসম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছ

নংনী তেৰাং by নংনী তেৰাং
April 18, 2018 8:44 am
DiphuCampus
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছ ২০০৭ চনতে প্ৰতিষ্ঠা কৰা হৈছিল যদিও আজি পৰ্য্যন্ত এই প্ৰতিষ্ঠানটোৱে পূৰ্ণাংগ ৰূপ নাপালে। তাৰ পৰিৱৰ্তে জোৰা-টাপলি মাৰিয়ে চলাই থকা হৈছে প্ৰতিষ্ঠানটো।

সংশ্লিষ্ট কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই এইদৰে কেম্পাছটো পংগু অৱস্থাত থকা বুলি ইয়াৰ ছাত্ৰ সমাজে অভিযোগ কৰিছে। অসম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছৰ ছাত্ৰ সন্থা (AUDCSU) ১৭ এপ্ৰিলত কেম্পাছটোৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে পুৱা ১০ বজাত মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়ে।

Apply Now

অৱশ্যে পিছত প্ৰায় ১১.৩০ মান বজাত প্ৰতিবাদকাৰীসকলে কৰ্তৃপক্ষৰ আশ্বাসত প্ৰৱেশদ্বাৰ অৱৰোধ কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰে। প্ৰতিবাদত অংশগ্ৰহণ কৰা ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক চাৰকানথিম ৰংপিয়ে জনায় যে কেম্পাছটোৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য (Pro Vice Chancellor) শিৱাশিস বিশ্বাসে অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য দিলীপ চন্দ্ৰ নাথৰসৈতে বিষয়টো সন্দৰ্ভত টেলিফোনত কথা পতা বুলি কোৱাৰ পিছত তেওঁলোকে প্ৰতিবাদটো উঠাই লয়। সাধাৰণ সম্পাদকজনে জনোৱা মতে উপাচাৰ্য্য দিলীপ চন্দ্ৰ নাথে ১৮ এপ্ৰিলত বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছ ভ্ৰমণ কৰিব আৰু তেতিয়া এই বিষয়বোৰ তেওঁলোকৰ সৈতে আলোচনা কৰিব বুলি জনায়।

মন কৰিব লগীয়া যে বিশ্ববিদ্যালয়খনৰ ডিফু কেম্পাছ গুৰুত্বপূৰ্ণ বিভাগ আৰু প্ৰশাসনিক গোট অবিহনেই চলি আছে যোৱা ১০ বছৰে। আনহাতে খালী হৈ আছে বহু গুৰুত্বপূৰ্ণ পদ।

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে অতি শীঘ্ৰে কণ্ট্ৰ’লাৰ অব এগজামিনেইশ্যনৰ শাখা কাৰ্য্যালয় স্থাপন, কাৰ্বি আংলঙৰ সকলো মহাবিদ্যালয়ক ডিফু কেম্পাছৰ অধীনলৈ অনা, ডিফু কেম্পাছত ৰসায়নবিজ্ঞান, গণিত, জৈৱ প্ৰযুক্তি (Biotechnology), শিক্ষা, অৰ্থনীতি, আইন, সমাজবিজ্ঞান, গণমাধ্যম (Mass Communication), পৰ্য্যটন আৰু অণুজীৱবিজ্ঞান (Microbiology) বিভাগ স্থাপন কৰা, তৎকালীনভাৱে উপ-পঞ্জীয়ক, সহ-পঞ্জীয়ক, ছেকশ্যন অফিচাৰ, লেব এটেনডেণ্ট, ছিষ্টেম এনালিষ্ট, পাৰ্ছনেল এছিষ্টেণ্ট নিযুক্তি দিয়াৰ লগতে খালী থকা সকলো পদ পূৰণ কৰা তথা ইয়াৰ কেন্দ্ৰীয় পুঁথিভঁৰালটোক পদ্মশ্ৰী বঁটা প্ৰাপক বংলং তেৰাঙৰ নামত নামকৰণ কৰাৰ দাবী জনায়।

উল্লেখযোগ্য যে ২০০৭ চনত কেৱল ৬টা বিভাগেৰে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ অধীনত বিশ্ববিদ্যালয়খনৰ ডিফু চৌহদটো আৰম্ভ কৰা হৈছিল। এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজেও ইয়াক পূৰ্ণাংগ এখন বিশ্ববিদ্যালয়ৰ মৰ্য্যাদালৈ নিবলৈ আহ্বান জনাই আছে।

নংনী তেৰাং

নংনী তেৰাং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd