• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰযোজক তপোব্ৰত বৰুৱাৰ মৃত্যুত শোকত ম্ৰিয়মাণ চলচ্চিত্ৰ জগতৰ শিল্পীসমাজ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 20, 2018 5:04 pm
tapubrata_baruah
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৯০ ৰ দশকৰ জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ‘বোৱাৰী’ৰ প্ৰযোজক তপোব্ৰত বৰুৱাৰ আজি কাহিলি পুৱাতে দিল্লীৰ মুলচান্দ হস্পিটেলত মৃত্যু হয়। তেওঁ অসমীয়া চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেত্ৰী মৃদুলা বৰুৱাৰ স্বামী আছিল। তেওঁ প্ৰযোজনা কৰা আৰু বিজু ফুকন আৰু মৃদুলা বৰুৱাই মুখ্য চৰিত্ৰত অভিনয় কৰা বোৱাৰী ছবিখন ১৯৮২ চনৰ ১৫ জানুৱাৰীত মুক্তি লাভ কৰিছিল।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৬ বছৰ। তেওঁ দিল্লীৰ চিকিৎসালয়খনত ভালেমান দিনৰ পৰা চিকিৎসাধীন হৈ আছিল।

Apply Now

জনপ্ৰিয় ছবি বোৱাৰীৰ প্ৰযোজক হিচাপে সকলোৰে মাজত পৰিচিত বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসমীয়া চলচ্চিত্ৰ জগতৰ সৈতি জড়িত শিল্পী তথা বিভিন্ন ব্যক্তিসকলে।

অসমীয়া চলচ্চিত্ৰ তথা অসমীয়া ধাৰাবাহিকৰ পৰিচালক, প্ৰযোজক প্ৰমোদ দাসে শোক প্ৰকাশ কৰি নৰ্থ-ইষ্ট নাওক কয়, ‘পুৱাই সংবাদ মাধ্যমত তেখেতৰ মৃত্যুৰ খবৰটো পাই অতি দুখ পাইছো। তেখেত এগৰাকী গুণী ব্যক্তি আছিল। তেখেতক মই চলচ্চিত্ৰ পৰিচালনা কৰোঁতে মৃদুলা বৰুৱাৰ সৈতে বহু বাৰ লগ পাইছিলোঁ। লগতে সভা অথবা অন্য অনুষ্ঠানতো লগ পোৱাৰ সৌভাগ্য ঘটিছিল।

তেখেতৰ ছবিয়ে এসময়ত মাইলৰ খুঁটি প্ৰতিষ্ঠা কৰি থৈ গৈছিল।’

তদুপৰি তেওঁ দুখ প্ৰকাশ কৰি কয়, ‘বোৱাৰী চলচ্চিত্ৰখনে অসমৰ গাঁৱে-ভূঞে আলোড়নৰ সৃষ্টি কৰিছিল। তেনেকুৱা ৰসাল ছবি বৰ্তমান সময়ত পোৱা নাযায়। তেওঁৰ নিৰ্বাচন প্ৰক্ৰিয়া সুন্দৰ হোৱাৰ লগতে প্ৰযোজনা কৰি ৰাইজৰ সন্মুখত সুন্দৰভাৱে উপস্থাপন কৰিব পাৰিছিল।  তেখেতৰ মৃত্যুত চলচ্চিত্ৰ জগতখনে এগৰাকী ভাল প্ৰযোজক হেৰুৱাবলগীয়া হ’ল। তেওঁৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰিছো।’

আনহাতে চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা দীপক কুমাৰ ৰয়ে নৰ্থ-ইষ্ট নাওক কয়, ‘চলচ্চিত্ৰ প্ৰযোজক তপোব্ৰত বৰুৱা ছাৰৰ মৃত্যু অসমীয়া চলচ্চিত্ৰজগতৰ বাবে এক বৃহৎ ক্ষতি বুলি মই ভাবো। তেখেতক আমি মৰমতে ভেকু-দা বুলি মাতিছিলো। তেখেত এগৰাকী অভিজাত্যপূৰ্ণ  প্ৰকৃত সাধাৰণ ব্যক্তি আছিল। তেখেতৰ সান্নিধ্য পোৱাৰ মোৰ সৌভাগ্য ঘটিছিল। তেওঁ পূৰ্বতে এগৰাকী চাহ খেতিয়কো আছিল। নৰ্থ-ইষ্ট নাওৰ জৰিয়তে তেখেতৰ মৃত্যুত পৰিয়ালৰ লোকসকল বিশেষকৈ মৃদুলা বাইদেউলৈ সমবেদনা জ্ঞাপন কৰিছো। লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছো।’

ইয়াৰোপৰি অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক মহেন্দ্ৰ দাসে নৰ্থ-ইষ্ট নাওক কয়- ‘’আজি পুৱাই এই খবৰটো শুনি আমি বহু দুখ পাইছো। যেতিয়া আমি চলচ্চিত্ৰ জগতত প্ৰথম খোজ দিছিলোঁ তেতিয়া তপোব্ৰত বৰুৱা ছাৰে অভিনয় ক্ষেত্ৰৰ পৰা অৱসৰ লৈছিল।  তথাপি চলচ্চিত্ৰ জগতৰ প্ৰতি তেখেতৰ যি অৱদান সেয়া চিৰস্মৰণীয় হৈৰ’ব। তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁৰ বিয়োগত চলচ্চিত্ৰ ক্ষেত্ৰখনৰ পৰা যেন এটা নক্ষত্ৰ খহিপৰিছে তেনে অনুভৱ হৈছে।’

জানিব পৰা মতে এই প্ৰযোজকগৰাকীৰ মৃত্যুৰ সময়ত তেওঁৰ পত্নী মৃদুলা বৰা তেওঁৰ সৈতে একেলগে আছিল। বাতৰি সংগ্ৰহ কৰা সময়লৈকে তেওঁৰ মৃতদেহটো দিল্লীৰ পৰা অনা হোৱা নাছিল।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd