• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত কৃষিৰ উন্নয়নৰ বাবে সঠিক পৰিকল্পনাৰ ওপৰত গুৰুত্ব ৰাজ্যপাল মুখীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2018 9:25 am
Photo-7-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বুধবাৰে তেওঁৰ প্ৰথমটো বৰপেটা জিলা ভ্ৰমণৰ সময়ত জিলাখনৰ উপায়ুক্ত, সুৰক্ষা সংস্থা, বিভিন্ন বিভাগৰ মুৰব্বীসকল আৰু আন সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু জিলাখনৰ ৰাইজৰ বাবে গ্ৰহণ কৰা বিভিন্ন কাম-কাজৰ বুজ লয়।

উপায়ুক্তৰ কাৰ্যালয়ৰ বৈঠক গৃহত বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে হোৱা পৰ্যালোচনা বৈঠকত ৰাজ্যপালে বিভিন্ন বিষয়ৰ লগতে স্বাস্থ্যসেৱা, খোৱা পানী, পৰিচ্ছন্নতা, শিক্ষা, পথ আৰু যোগাযোগ, কৃষি আদি বিষয়ৰ স্থিতি সম্পৰ্কে অৱগত হয়।

Apply Now

ৰাজ্যপাল গৰাকীয়ে উপায়ুক্ত আৰু পৌৰ পৰিষদক আৰ্ৱজনাৰ ব্যৱস্থাপনা আৰু নিষ্কাষণৰ দিশবোৰ চালি-জাৰি চাই পৰিকল্পনা যুগুত কৰাৰ বাবে নিৰ্দেশ দিয়ে।

কৃষি সম্পৰ্কত গুৰুত্ব প্ৰদান কৰি অধ্যাপক মুখীয়ে স্থানীয়ভাৱে উপযোগী আৰু উন্নত উৎপাদনক্ষম পৰিকল্পনা প্ৰস্তুত কৰাৰ আহ্বান জনায়। স্থানীয় দিশসমূহ সন্মুখত ৰাখি পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে জিলা কষি বিষয়াসকলক নিৰ্দেশ দিয়ে।

ৰাজ্যপালে গাখীৰৰ উৎপাদন দুগুণ বৃদ্ধি কৰাৰ সম্ভাৱনীয়তালৈ দৃষ্টি দিয়াৰ বাবেও আহ্বান জনায়।

Photo-2-1-768x512

তেওঁ লগতে উপায়ুক্তক কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ পৰ্যবেক্ষণ কৰিবলৈ আৰু অধিক উৎপাদন নিশ্চিত কৰিবলৈ কৃষকসকলক বীজ, সাৰ, জলসিঞ্চনৰ ব্যৱস্থা, মাটিৰ পৰীক্ষণৰ পৰামৰ্শ দিয়াৰ জৰিয়তে তেওঁলোকক উদ্বুদ্ধ কৰিবলৈ আহ্বান জনায়।

ৰাজ্যপালগৰাকীয়ে বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ ৰূপায়নৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰি উপায়ুক্ত থানেশ্বৰ মালাকাৰ আৰু বিভিন্ন বিভাগীয় মুৰব্বীসকলক সততা আৰু নিষ্ঠাৰে কাম কৰি তৃণমূল পৰ্যায়ৰ লোকসকলক উপকৃত কৰাত মনোনিৱেশ কৰাৰ আহ্বান জনায়।

তেওঁ বিষয়াসকলে তেওঁলোকৰ কৰ্মস্থানৰ চৌপাশে স্বচ্ছতা বজাই ৰাখি পৰিস্কাৰ আৰু সেউজ পাৰিপাৰ্শ্বিকতালৈ বৰঙণি যোগাৱাত গুৰুত্বআৰোপ কৰে।

ইয়াৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে বৰপেটা সত্ৰ পৰিদৰ্শন কৰে আৰু ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে সেৱা আগবঢ়ায়।

তেওঁ লগতে সত্ৰৰ সত্ৰাধিকাৰ আৰু আন বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰে বিভিন্ন প্ৰয়োজনীয়তাৰ বিষয়ে বুজ লয়।

ৰাজ্যপালগৰাকীয়ে পৌৰ পৰিষদৰ কাৰ্যালয়, বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মাধৱ চৌধুৰী মহাবিদ্যালয় পৰিদৰ্শন কৰি স্বচ্ছতা আৰু আন কাম-কাজৰ পৰ্যালোচনা কৰে।

তেওঁ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ গৱেষণা শাখাৰ মুখ্য গৱেষণা অনুসন্ধানকাৰী ড০ ৰঞ্জিত হাজৰিকাৰ সৈতে আলোচনাত মিলিত হয়। হাজৰিকাই বৰপেটা জিলাত কৰ্কট ৰোগীৰ উচ্চ হাৰৰ বিষয়ে ৰাজ্যপালগৰাকীক অৱগত কৰে।

অধ্যাপক মুখীয়ে বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধ আৰু সংবাদ মাধ্যমৰ সদস্যৰ সৈতে মত বিনিময় কৰে আৰু জিলাখনৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণ সম্পৰ্কীয় পা-পৰামৰ্শ গ্ৰহণ কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm
এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

June 30, 2026 8:23 pm
বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

June 30, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd