• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিশ্বৰ সম্পত্তি : ড° হিমন্ত বিশ্ব শৰ্মা

মিন্টূ দাস by মিন্টূ দাস
June 11, 2018 6:50 am
10-06-18 Nagaon- Himanta Biswa at foundation day Srimanta Sankaradeva (1)
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই আদৰণি ভাষণ আগবঢ়োৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ বিত্ত, গড়কাপ্তানি আৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে–সামাজিক স্বাৰ্থ তথা মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰে প্ৰতিষ্ঠা হোৱা বিশ্ববিদ্যালয়খনে নিৰৱচ্ছিন্নভাবে মহাপুৰুষ জনৰ সৃষ্টি ৰাজি প্ৰসাৰ আৰু প্ৰচাৰত গুৰুত্ব আৰোপ কৰি আহিছে।

বিশ্ববিদ্যালয় খনৰ প্ৰতিষ্ঠা কালৰ কথা উল্লেখ কৰি ড° শৰ্মাই কয় যে–  মহাপুৰুষ জনৰ আদৰ্শৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে প্ৰতিষ্ঠা হোৱা বিশ্ববিদ্যালয়খনৰ ২০১৩ চনৰ প্ৰতিষ্ঠাৰ সময়ত ২৫ গৰাকী বিধায়কে নিজৰ এমাহৰ দৰমহা দিয়াৰ লগতে বিধানসভাত বিষয়টো উল্লেখ কৰাৰ সময়ত সকলোৱে সমৰ্থন কৰিছিল।

Apply Now

তেওঁ লগতে কয়, ‘’অসমীয়া জাতিৰ আদৰ্শ, সংস্কৃতি আদি শংকৰদেৱে দিছিল। মহাপুৰুষ শংকৰদেৱৰ ধৰ্ম সনাতন ধৰ্ম। কিন্তু এই বিষয়ত বহু বিতৰ্কৰ সৃষ্টি হৈছিল। একাংশ অসমৰ বুদ্ধিজীৱীয়ে এই কথাটো কোৱাৰ বাবে মোক অৱতাৰী পুৰুষ আখ্যা দিছিল। সেইসকলৰ মতে সনাতন ধৰ্ম যদি শংকৰদেৱৰ নহয় তেনেহ’লে কাৰ্লমাক্স, লেলিনে সনাতন সৃষ্টি কৰিছিল নেকি।‘’

সনাতন ধৰ্মৰ সম্পৰ্কে গুণমালাত সুন্দৰকৈ উল্লেখ আছে বুলি উল্লেখ কৰি মন্ত্ৰী ড° শৰ্মাই সেইসকল বুদ্ধিজীৱীয়ে গুণমালা বা কীৰ্ত্তন ঘোষা নপঢ়াটো পৰিতাপৰ কথা বুলিও কটাক্ষ কৰে।

ড: শৰ্মাই কয় যে-আমাৰ ৰাজ্যত বৌদ্ধিক দৈন্যতাৰ সৃষ্টি হোৱা মূল কাৰণ হৈছে গুণমালা, নামঘোষা, কীৰ্ত্তন, ভক্তি ৰত্নাৱলী আদিৰ বিষয়ে আমি নজনাটো। ইফালে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে পুনৰ আঠ কোটি টকা অনুদান আগবঢ়োৱা হব বুলি মন্ত্ৰীজনে উল্লেখ কৰি এই বিশ্ববিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত দিছপুৰত থাকি সকলো সময়তে সহায় সহযোগিতা আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।

ভাষণ প্ৰসংগত মন্ত্ৰীজনে লগতে কয় যে- মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ অকল অসমৰে সম্পত্তি নহয় ,বিশ্বৰ সম্পত্তি। সেয়ে মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজি, আদৰ্শ আমি বিশ্ব দৰবাৰলৈ লৈ যাব লাগিব। হিন্দুধৰ্মৰ আদৰ্শ বাওপন্থীতকৈ বহু ওপৰত বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই লগতে কয় যে আমাৰ ধৰ্ম সাম্যবাদৰ উৎকৃষ্ট নিৰ্দশন। উল্লেখ্য যে অনুষ্ঠানটোতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ‘সাৰস্বত’ নামৰ আলোচনীখন উন্মোচন কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘’বৰ্তমান এইখন অসমৰ বিশ্ববিদ্যালয়।

সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱাৰ আসনৰ প্ৰাক্তন অধ্যাপক ডঃ কৰবী ডেকা হাজৰিকাই ”শ্ৰীমন্ত শংকৰদেৱ দ্ৰষ্টা আৰু স্ৰষ্টা” শীৰ্ষক এক দীঘলীয়া ভাষণ আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁ কয় যে- সৰ্বগুণাকৰ শংকৰদেৱৰ ঘাই পৰিচয় হৈছে এগৰাকী ধৰ্মগুৰু আৰু এজন অদ্বিতীয় ধৰ্ম প্ৰচাৰক। দুজনা গুৰুৱে গুণমালা আৰু নামঘোষাৰ জৰিয়তে অসমত সনাতন ধৰ্মৰ প্ৰচাৰ কৰিছিল। মহাপুৰুষ শংকৰদেৱৰ সবাতোকৈ মূল্যবান পৰিচয় হ’ল তেওঁ আছিল এগৰাকী সফল আৰু সুদক্ষ সমাজ সংস্কাৰক।মহাপুৰুষজনাৰ জীৱন-দৰ্শনত ধৰ্ম আৰু সমাজ এনেদৰে সাঙোৰ খাই আছিল যে, এটা পৰিপূৰক আছিল আনটোৰ।

অনুষ্ঠানটোত উদ্বোধনী ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা শ্ৰীমন্ত শংকৰ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° ৰাতুল চন্দ্ৰ বৰা, শ্ৰীমন্ত শংকৰ সংঘৰ সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা, বাবুল বৰা, বিধায়কদ্বয় ৰূপক শৰ্মা, ৰমাকান্ত দেউৰী, আদি উপস্থিত থাকে।

মিন্টূ দাস

মিন্টূ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm
আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd