• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হেংদান দেখুৱাই বীৰত্ব প্ৰদৰ্শন কৰাসকল দিল্লী-দিচপুৰত ভিজা মেকুৰী : উপমন্যু হাজৰিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2018 9:21 pm
Upamanyu Hazarika
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“লতাশিল খেলপথাৰত হেংদান দেখুৱাই বীৰত্ব প্ৰদৰ্শন কৰাসকল এতিয়া দিল্লী-দিচপুৰত ভিজা মেকুৰী। সততা আৰু সৎ সাহস নাথাকিলে আমি সফল হ’ব নোৱাৰোঁ, বিশেষকৈ যিসকল নেতাই জাতীয় সংগঠনৰ দায়িত্ব লৈ ব্যক্তিগত ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত জাতিৰ অস্তিত্বক লৈ দৰদাম কৰে সেই একে ভূমিকা নিৰ্বাচিত নেতা হৈয়ো প্ৰদৰ্শন কৰে।” –আজি এইদৰে জাতীয় সংগঠনৰ মজিয়াৰ পৰা ৰাজনীতিলৈ যোৱা নেতাসকলক উদ্দেশ্যি তীব্ৰ কটাক্ষ কৰিছে প্ৰৱ্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি হাজৰিকাই জাতীয় সংগঠনৰ নেতাসকলে যাতে অসমৰ ৰাইজৰ পৰিপন্থী কোনো কাম নকৰে তাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱাৰ আহ্বান জনায়। তেওঁ লগতে জাতীয় সংগঠনৰ কোনো সদস্যই যেন আগন্তুক দিনত কেতিয়াও নিৰ্বাচনী ৰাজনীতিত অংশগ্ৰহণ নকৰে আৰু চৰকাৰী কোনো সা-সুবিধা নলয় তাক নিশ্চিত কৰিবলৈ কয়।

Apply Now

ইয়াৰ উপৰি অসম বিধান সভাত জাতীয় সংগঠনৰ পৰা যোৱা ৬০জন সদস্য আছে বুলি কৈ জাতিৰ স্বাৰ্থত তেওঁলোকক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ আহ্বান জনায়।

সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি উপমন্যু হাজৰিকাই অসমৰ লাখ লাখ নাগৰিকে এই বিধেয়কখনৰ বিৰোধিতা আৰু প্ৰতিবাদ কৰি থকাৰ পাছতো মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত নিশ্চুপ হৈ থকা কাৰ্যক গৰিহণা দিয়ে।

তেওঁ লগতে ১৯৫১ চনক ভিত্তি হিচাপে লৈ থলুৱা মানুহৰ বাবে অসমৰ ভূমি, চৰকাৰী চাকৰি, চৰকাৰী সা-সুবিধা, বেপাৰ-বাণিজ্যৰ অনুজ্ঞাপত্ৰ আৰু শিক্ষানুষ্ঠানত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজনীয়তাৰ আছে বুলি মত প্ৰকাশ কৰে। তেওঁ কয় যে এই সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, সংবিধানে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা ৰাজ্য চৰকাৰক দিছে। কিন্তু ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে নিজৰ কৰণীয়খিনিৰো দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ ওপৰত জাপি দি এখন কমিটি গঠন কৰিবলৈ দি বিষয়টো গুৰুত্বহীন কৰি পেলোৱা বুলি মন্তব্য কৰে।

হাজৰিকাই অসম চৰকাৰৰ শাসক দল বিজেপি আৰু অগপই বিগত এটা মাহত নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰা গা এৰা দিয়া বুলি অভিযোগ আনি কয় যে সকলো কথাতে ৰাজ্য চৰকাৰে নিজৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰলৈ ঠেলি থকা বুলি কয়। যোৱা ৩০ মে’ত নতুন দিল্লীত মুখ্য মন্ত্ৰী আৰু গৃহ মন্ত্ৰ্যালয়ৰ মাজত হোৱা আলোচনাৰ পাছৰ পৰাই এই গা এৰা দিয়া ভূমিকা স্পষ্ট ৰূপত প্ৰকাশ পোৱা বুলিও মন্তব্য কৰে।

সংবাদমেলত উপমন্যু হাজৰিকাই ব্ৰহ্ম কমিটীৰ প্ৰসংগ আনি এই কমিটীৰ প্ৰতিবেদনক গুৰুত্বহীন কৰি চৰকাৰে এখন নতুন কমিটী গঠন কৰাৰ প্ৰয়াস কৰি থকা বুলি কয়।

আনহাতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰূদ্ধে সৰৱ হৈ মহন্তই দুটা কাৰ্যকাল মুখ্য মন্ত্ৰী হৈ থাকিও খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ বাবে একো নকৰিলে বুলি অভিযোগ কৰে। লগতে এতিয়া চৰকাৰ অংশীদাৰ হৈয়ো চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নিজে নিজৰ বিৰূদ্ধে প্ৰতিবাদ কৰি থকা বুলি মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd