• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰাত আঞ্চলিক দলৰ বিকল্প নাই : অসম জন মৰ্চা

মিণ্টু দাস by মিণ্টু দাস
July 2, 2018 7:25 am
01-07-18 Nagaon- New political Party Asom Jono Marcha(1)

নগাঁবত নতুনকৈ গঠন হোবা আঞ্চলিক ৰাজনৈতিক দল অসম জন মৰ্চাৰ কাৰ্যালয় মুকলি অনুষ্ঠান। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”অসম আৰু অসমীয়াৰ স্বাৰ্থ ৰক্ষা কৰিব পাৰিব কেৱল আঞ্চলিক দলেহে। ইয়াৰ বাবে অসমৰ ৰাইজে আঞ্চলিক দলক শক্তিশালী কৰিব লাগিব।”- এই মন্তব্য নতুনকৈ ৰাজ্যত আত্মপ্ৰকাশ কৰা ৰাজনৈতিক দল অসম জন মৰ্চাৰ ৰাজ্যিক অধ্যক্ষ আব্দুল মতিনৰ।

নগাঁৱৰ আজাদ নগৰত দেওবাৰে আঞ্চলিক দলটোৰ ৰাজ্যিক কাৰ্যালয় মুকলি কৰি দিয়া ভাষণত এইদৰে মন্তব্য কৰি অধ্যক্ষ গৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় দল সমুহে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাত চূড়ান্তভাবে ব্যৰ্থ হৈছে। ইমান দিনে এই দলসমূহে ৰাজ্যৰ শাসনৰ বাঘজৰী দখল কৰি কেৱল শোষণ আৰু তোষণ কৰি আহিছে।

Apply Now

ৰাষ্ট্ৰীয় দল সমূহে মিছা প্ৰতিশ্ৰুতিৰে শাসনৰ নামত ঐক্য-সংহতি বিনষ্ট কৰিছে বুলি উল্লেখ কৰি আঞ্চলিক দলটোৰ অধ্যক্ষগৰাকীয়ে কয় যে অসমৰ ঐতিহ্য, ভাষা- সংস্কৃতিৰ লগতে অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আঞ্চলিক দলৰ বিকল্প নাই। এই ক্ষেত্ৰত অসম জন মৰ্চাই গণতান্ত্ৰিক দৃষ্টিভংগীৰে আগবাঢ়ি যাব বুলি মতিনে উল্লেখ কৰে।দলটোৱে ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীৰ ন্যায্যতা নিশ্চিত কৰাত অহোপুৰুষাৰ্থ কৰি যাব বুলিও তেওঁ উল্লেখ কৰে।

আনুষ্ঠানিকভাবে দলৰ  কাৰ্যালয় মুকলি কৰাৰ পিছত বিশিষ্ট চিকিৎসক ডাঃ মুনিন বৰকটকীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। এই সভাত দলটোৰ ৰাজ্যিক সভাপতি তথা জ্যেষ্ঠ অধিবক্তা ছাইফুল ইছলামে কয় যে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে আগুৱাই নিয়াই উদ্দেশ্য গঠন কৰা দলটোৱে যোৱা ২৮ মাৰ্চত ভাৰতীয় নিৰ্বাচনী আয়োগৰ স্বীকৃতি লাভ কৰিছে।

তেওঁ কয়, – বিগত কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত দুৰ্নীতি-ভ্ৰাষ্টাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি অসমৰ ৰাইজে পৰিবৰ্তনকামী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক ৰাজ্যৰ শাসনৰ গাদীত বহুৱাইছিল। কিন্তু এইখন চৰকাৰৰ দিনতো নিত্য প্ৰয়োজনীয় প্ৰতিটো বয়-বস্তুৰ দাম প্ৰতিদিনাই বৃদ্ধি পাইছে।

ভাষণ প্ৰসংগত দলটোৰ সভাপতি গৰাকীয়ে ৮৫৫ গৰাকী শ্বহীদৰ বিনিময়ত স্বাক্ষৰ হোৱা অসম চুক্তিক আখৰে আখৰে মানিব লাগিব। সেই ঐতিহাসিক চুক্তি অনুসৰি, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো হিন্দু-মুছলমান অসম এৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে অসমৰ মাটি ইতিমধ্যে বাংলাদেশ, মিজোৰাম, মণিপুৰ, মেঘালয়ে লৈ গ’ল। এতিয়া আকৌ হিন্দু বিদেশীৰ বোজা অসমে ল’ব নোৱাৰে।

নেতাগৰাকীয়ে এ আই ডি ইউৰ সভাপতি বদৰুদ্দিন আজমলক সমালোচনা কৰি কয় যে অসমীয়া কথা ভালকৈ ক’ব নজনা, অসমৰ ভাষা-সংস্কৃতিৰ জ্ঞান নথকা দলটোৱে থলুৱা তথা খিলঞ্জীয়া লোকৰ স্বাৰ্থ কেনেকৈ ৰক্ষা কৰিব বুলি প্ৰশ্ন অৱতাৰ কৰে। তেওঁ শংকৰ-আজানৰ দেশত মিলাপ্ৰীতিৰে থাকি অসমখন আগুৱাই নিবলৈ সহায় কৰাৰ বাবে সকলোকে আহ্বান জনায়।

কেবা শতাধিক ৰাইজ উপস্থিত থকা এই অনুষ্ঠানত দলটোৰ ৰাজ্যিক সহকাৰী সম্পাদক ৰাজীৱ হাজৰিকা, জ্যেষ্ঠ অধিবক্তা হাৰিকুল ইছলাম ভূঞা আদিকে ধৰি বহু কেইগৰাকী নেতা-কৰ্মী উপস্থিত থাকে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd