DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰয়াত সাংবাদিক প্রণৱ নাৰায়ণ সিংহৰ নামত প্ৰতিবছৰে বঁটা প্ৰদান কৰিব শোণিতপুৰ জিলা প্ৰশাসনে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2018 8:26 am
Journo_Award
92
VIEWS
Share on FacebookShare on Twitter

তিনি বছৰ পূৰ্বে অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক প্ৰয়াত প্ৰণৱ নাৰায়ণ সিংহৰ মৃত্যু হোৱা দিনটোতে (১ মে’) সাংবাদিকজনৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে শোণিতপুৰ জাৰ্নেলিষ্ট য়ুনিয়নে প্ৰতি বছৰেই এক মে’ৰ দিনটো বিশেষ ধৰণে উদ্‌যাপন কৰি আহিছে। সেই উদ্দেশ্যে উক্ত দিনটোত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগ বঢ়োৱা বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাই আহিছে। যোৱা বছৰৰ পৰা সাংবাদিকজনৰ নামত প্ৰণৱ সিংহ স্মাৰক সাংবাদিক বঁটা প্ৰদান কৰি আহিছে।

কিন্তু প্ৰয়াত সাংবাদিকজনৰ প্ৰতি শোণিতপুৰ জাৰ্নেলিষ্ট য়ুনিয়নৰ এই শ্ৰদ্ধাঞ্জলিক নতুন মাত্ৰা দি শোণিতপুৰ জিলা প্ৰশাসনে প্ৰতিবছৰে তেওঁৰ ওপজা দিন ১৫ আগষ্টত ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকক নগদ ধনেৰে স্মাৰক বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জিলা প্ৰশাসনৰ এই সিদ্ধান্তত স্বাভাৱিকতে উৎসাহিত হৈছে শোণিতপুৰ জাৰ্নেলিষ্ট য়ুনিয়ন। লগতে সাংবাদিকজনৰ অনুৰাগীসকলো উৎফুল্ল হৈছে।

জানিব পৰামতে, ১ মে’ত শোণিতপুৰ জাৰ্নেলিষ্ট য়ুনিয়নৰ প্ৰাংগণত অনুষ্ঠিত সাংবাদিকজনৰ চতুৰ্থ মৃত্যু দিৱসৰ কাৰ্যসূচীত জিলা প্ৰশাসনে এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছে।

সাংবাদিকজনৰ চতুৰ্থ মৃত্যু দিৱসৰ অনুষ্ঠানটো তেজপুৰ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০ প্ৰাণজিৎ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত হৈছিল। ইয়াত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শোণিতপুৰৰ উপায়ুক্ত মনোজ কুমাৰ ডেকাই প্ৰণৱ সিংহ এগৰাকী নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিক আছিল বুলি মন্তব্য কৰে।

আনহাতে, এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত আছিল জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা। সঞ্চালক বৰুৱাই প্ৰণৱ সিংহৰ সান্নিধ্যৰ কথা সুঁৱৰি তেওঁৰ জীৱনাদৰ্শ স্মৃতিচাৰণ কৰে আৰু যিখন মহাজাতি কাকতৰ লগত সাংবাদিকজন জড়িত আছিল, সেই কাকতখন পুনৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা কৰিবলৈ তেজপুৰৰ সুধীমণ্ডলীক আহ্বান জনায়। কাৰ্য্যসূচীটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল লেখক ঐশ্বৰ্য কাকতী। উপস্থিত আছিল বিশিষ্ট কণ্ঠশিল্পী সংগীতা কাকতী।

অনুষ্ঠানটোতে দীৰ্ঘদিন ধৰি লোকশিল্পৰ সাধনাত ব্যস্ত থকা তথা দিব্যাংগসকলৰ কল্যাণৰ অৰ্থে নিজৰ সমস্ত সময় অতিবাহিত কৰা বিশিষ্ট সাহিত্যিক প্ৰবীণ গগৈক শোণিতপুৰ  জাৰ্নেলিষ্ট য়ুনিয়নে সম্বৰ্ধনা জ্ঞাপন কৰে। এই সম্বৰ্ধনাৰ লগতে, প্ৰণৱ সিংহৰ সান্নিধ্যত সাংবাদিকতাৰ পাঠ শিকা তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ বৰাক ২০১৮ বৰ্ষৰ বাবে প্ৰণৱ সিংহ স্মাৰক বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদান কৰিছে শোণিতপুৰ  জাৰ্নেলিষ্ট য়ুনিয়নে।

Recent News

শিক্ষানুষ্ঠানত হিজাব পিন্ধিব পাৰিবনে? কি সিদ্ধান্ত দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে

কৰ্ণাটকত পুনৰ উত্তেজনা: হিজাব পৰিহিতা ১২ ছাত্ৰীক নিদিলে শ্ৰেণীত উপস্থিত থাকিবলৈ

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd