• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মিজোৰামত বায়ু সেনাৰ বোমাবৰ্ষণক সুঁৱৰি জোৰাম দিৱস : দুখজনক স্মৃতি আখ্যা দিলে বহুজনে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 6, 2018 7:22 pm

2 min read

Mizoram
77
VIEWS
Share on FacebookShare on Twitter

১৯৬৬ চনত মিজোৰামত ভাৰতীয় বায়ু সেনাই চলোৱা বোমাবৰ্ষণে ৫২ টা বছৰ অতিক্ৰম কৰাৰ উপলক্ষে উক্ত ঘটনাৰ সোঁৱৰণিত কালি মিজোৰাম ছাত্ৰ সংস্থাৰ উদ্যোগত ৰাজ্যখনৰ বিভিন্ন স্থানত ‘জোৰাম নি’ বা জোৰাম দিৱস উদযাপন কৰা হয়।

উল্লেখযোগ্য যে মিজো নেশ্যনেল ফ্ৰণ্টৰ নেতৃত্বত সূচনা হোৱা বিদ্ৰোহক দমন কৰাৰ উদ্দেশ্যে ১৯৬৬ চনৰ ৫ মাৰ্চত আইজলত ভাৰতীয় বায়ু সেনা বাহিনীৰ দ্বাৰা বিমান আক্ৰমণ চলোৱা হৈছিল।

উক্ত ঘটনাৰ পুৰ্বে ভাৰতৰ কোনো স্থানতে উগ্ৰপন্থীৰ সৈতে যুঁজিবৰ বাবে বায়ু সেনা বাহিনীক ব্যৱহাৰ কৰা হোৱা নাছিল।

মন কৰিব লগীয়া যে, লালডেংগা নেতৃত্বাধীন মিজো নেশ্যনেল ফ্ৰণ্টে একপক্ষীয়ভাৱে ‘মিজোৰামৰ স্বাধীনতা’ ঘোষণা কৰাৰ কিছুদিন পিছতেই আইজলৰ লগতে মিজোৰামৰ বহু গাৱঁত এই বিমান আক্ৰমণ চলোৱা হৈছিল।

উক্ত বিমান আক্ৰমণৰ সাক্ষী হৈ বাচি থকাসকলৰ মনত তাৰ দুঃস্মৃতিয়ে এতিয়াও দোলা দি থাকে। সেইসকলৰ মাজৰ বহুকেইজন লোকে কালি আইজলৰ লাল থানহাওলা প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘জোৰাম নি’ অনুষ্ঠানত ভাষণ দি উক্ত ঘটনাৰ সৈতে থকা নিজৰ অভিজ্ঞতাক সুঁৱৰে।

অনুষ্ঠানটোত বক্তাসকলে, ৰাজ্যখনৰ নৱপ্ৰজন্মৰ মাজত দেশপ্ৰেমৰ ভাব সঞ্চাৰিত কৰাৰ বাবে উক্ত দিৱসটোক উদযাপন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৰ্তমান দেশৰ ভিতৰতে এখন শান্তিময় ৰাজ্য হিচাপে স্বীকৃত মিজোৰামত, ১৯৬৬ চনত মিজোসকলৰ বাবে স্বাধীন ৰাজ্যৰ লক্ষৰে ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি মিজো নেশ্যনেল ফ্ৰণ্টে তেতিয়াৰ অসমৰ অন্তৰ্গত মিজো জিলাৰ বিভিন্ন ঠাইত নিৰাপত্তা বাহিনীৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলাইছিল।

ইয়াৰ প্ৰত্যুত্তৰত ভাৰত চৰকাৰে বিমান আক্ৰমণৰ লগতে স্থলভাগতো অভিযান চলাই উক্ত বিদ্ৰোহটোক দমন কৰাৰ লগতে ১৯৬৬ চনৰ ২৫ মাৰ্চৰ ভিতৰত মিজো নেশ্যনেল ফ্ৰণ্টৰ দখলত থকা সকলো স্থান নিজৰ অধীনলৈ আনে।

অৱশেষত সংগঠনটোৱে ১৯৮৬ চনত ভাৰত চৰকাৰৰ সৈতে মিজো চুক্তি স্বাক্ষৰিত কৰি হিংসাৰ পথ ত্যাগ কৰাৰ লগতে বিছিন্নতাৰ দাবী প্ৰত্যাহাৰ কৰে।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd