টেলিকম বিভাগৰ সহযোগত অসমত নিজৰ গ্ৰাহকসকলক ফ’ৰ জি সেৱা আগবঢ়াবলৈ সাজু হৈছে ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বিএছএনএলে।
গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ অসম টেলিকম চক্ৰৰ মহা প্ৰৱন্ধক সন্দীপ গোভিলে সোমবাৰে মোবাইল আৰু লেণ্ডলাইন গ্ৰাহকৰ বাবে অতি ন্যুনতম হাৰত বিভিন্ন গ্ৰাহক উপযোগী প্ৰিপেইড আৰু প’ষ্টপেইড আঁচনিৰ ঘোষণা কৰে।
‘’ঘৰ ৱাপচী প্লেন’’ আৰু হোলীৰ অ’ফাৰ ‘’অসীম’’ প্লেন কেইটামান গুৰুত্বপূৰ্ণ প্লেন বুলি তেওঁ সদৰি কৰে।
তেওঁ লগতে প্ৰকাশ কৰে যে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ (ট্ৰাই) শেহতীয়া এক সমীক্ষা অনুসৰি বিএছএনএলে ডাউনলোড স্পীডৰ ক্ষেত্ৰত আন অপাৰেটৰসকলতকৈ সামান্য আগবাঢ়ি আছে।
গ্ৰাহকক আকৰ্ষিত কৰিবলৈ বিএছএনএলেলগতে গোটেই দেশতে, বিশেষকৈ পৰ্যটনস্থলীসমূহৰ ওপৰত দৃষ্টি ৰাখি আন্তৰ্জাতিক ৱাইফাই হটস্পট সেৱা আৰম্ভ কৰিছে।
তেওঁ লগতে প্ৰকাশ কৰে যে অসমত বৰ্তমান ২৭৫ টা ৱাইফাই হটস্পট জ’ন আছে যাৰ ভিতৰত ১৬৫ টা গ্ৰাম্যাঞ্চলত আছে। তেওঁলোকে আৰু অধিক এনে সেৱা বৃদ্ধি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।
বৰ্তমান টেলিকম খণ্ডত চলি থকা অস্থিৰ অৱস্থাটোৰ প্ৰতি লক্ষ্য কৰি বিএছএনএলৰ সেৱা অধিক দ্ৰুত আৰু সুলভ হোৱাটো গ্ৰাহকসকলে বিচাৰিছে।