কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বাইহাটা চ’কত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হোৱা এক ভয়াবহ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয় আৰু শিশুসহ চাৰিজন লোক গুৰুতৰভাৱে আহত হয়।
ৰাষ্ট্ৰীয় ঘাইপথটোত দীৰ্ঘদিনৰ পৰা চলি থকা ট্ৰাক আস্থানৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি দাবী কৰিছে ৰাইজে।
জানিব পৰা মতে ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এ এছ ০১ ডি এন ৮৩৬৯ নম্বৰৰ ৱাগনাৰ গাড়ীখনে বাইহাটা চ’কৰ ওচৰতে ৰৈ থকা ট্ৰাক এখনত প্ৰচণ্ড জোৰে খুন্দা মৰাত ৱাগনাৰখন বিধ্বস্ত হৈ পৰে।
দুৰ্ঘটনাটোৰ ফলত গাড়ীখনত থকা চালককে ধৰি ছয়গৰাকী যাত্ৰীৰ ভিতৰত আন্ধি বড়ো আৰু মেৰিনা বড়ো থিতাতে নিহত হয়। কমল আৰক্ষীয়ে জনোৱা মতে তেওঁলোক পতি-পত্নী আছিল।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে তেওঁলোকৰ ঘৰ আজাৰা থানাৰ অন্তৰ্গত ৰাণী আন্ধেৰীজুলিত। আনহাতে, দুৰ্ঘটনাটোত শিশুসহ গুৰুতৰভাৱে আহত আন চাৰিজন লোকক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতললৈ প্ৰেৰণ কৰা হয়।
দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পৰা আৰক্ষীয়ে ‘ইউনাইটেড বড়ো পীপল্ছ অ’ৰ্গেনাইজেশ্যন, ছয়গাঁও’ লিখা এখন পেড উদ্ধাৰ কৰাৰ পৰা লোককেইজন উক্ত সংগঠনৰ সৈতে জড়িত বুলি ধাৰণা কৰা হৈছে।
দুৰ্ঘটনাত জড়িত ট্ৰাকখন দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
আনহাতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে মঙলদৈৰ সাংসদ ৰমেন ডেকা ঘটনাস্থলীত উপস্থিত হৈ দুখ প্ৰকাশ কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথটোত অধিকাংশ দুৰ্ঘটনাৰ বাবে অবৈধ ট্ৰাক পাৰ্কিং আৰু প্ৰশাসনৰ শিথিলতাই দায়ী বুলি মন্তব্য কৰে।