৩৩ কোটি টকীয়া বিজ্ঞাপন কেলেংকাৰিত অভিযুক্ত জনসংযোগ বিভাগৰ প্ৰাক্তন সঞ্চালক ৰঞ্জিত গগৈৰ জামিন আবেদন নাকচ কৰিছে অসমৰ বিশেষ আদালতে। ফলত বৰ্তমান গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত থকা গগৈ অধিক দিন কাৰাগাৰত থকাটো নিশ্চিত হৈছে।
উল্লেখযোগ্য যে কংগ্ৰেছৰ আমোলত জনসংযোগ বিভাগত হোৱা ৩৩ কোটি টকীয়া বিজ্ঞাপন কেলেংকাৰিৰ অভিযোগনামাত সঞ্চালক গগৈৰ লগতে আন ভালেকেইজন বিষয়া-আমোলাৰ নাম আছিল যদিও কেৱল ৰঞ্জিত গগৈহে গ্ৰেপ্তাৰ হ’ল। এই অভিযোগত নাম থকা আনসকল বিষয়া-আমোলা এতিয়া নিৰ্ভয়ে ঘূৰি ফুৰিছে বা নিজৰ পদত কাৰ্য্য নিৰ্বাহ কৰি আছে। আনহাতে বিজ্ঞাপন লগোৱাৰ ঠিকা লোৱা বহুকেইজন ঠিকাদাৰৰ নামো আছিল অভিযোগ নামাত।
এই অভিযুক্ত ঠিকাদাৰসকলক কেলেংকাৰিটো তদন্ত কৰি থকা মুখ্য মন্ত্ৰীৰ তদাৰকী কোষে তদন্তকাৰী সংস্থাটোৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিছিল যদিও তেওঁলোক হাজিৰ নহ’ল বা তাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। আনকি এই ঠিকাদাৰসকলে গ্ৰেপ্তাৰ হোৱাৰ ভয়ত দিল্লীত বাহৰ পাতি আগতীয়া জামিন লোৱাৰো চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে।
কিন্তু ৰহস্যজনক কাৰণত এই কেলেংকাৰিৰ তদন্ত প্ৰায় থাম কটা বুলি বিভিন্ন পক্ষই মত প্ৰকাশ কৰিছে। কিয়নো কেৱল ৰঞ্জিত গগৈৰ বাদে এজনো আন অভিযুক্ত আজি পৰ্য্যন্ত তদন্ত প্ৰক্ৰিয়াৰ আওতালৈ নাহিল। প্ৰশ্ন উঠিছে যদি তদন্তৰ আওতালৈ আহিব লগীয়া নহয়, তেন্তে অভিযোগনামাত এইসকল বিষয়া-আমোলা-ঠিকাদাৰী প্ৰতিষ্ঠানৰ নাম আহিছিল কেনেকৈ?
উল্লেখযোগ্য কংগ্ৰেছৰ আমোলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী বিজ্ঞাপন (হৰ্ডি, গ্ল’ছাইন বেনাৰ) আদি লগোৱাৰ নামত ঠিকাদাৰসকল কেইবা কোটি টকা কাম নকৰাকৈয়ে সৰকাই নিবলৈ সক্ষম হৈছিল বুলি অভিযোগ উঠিছিল। চৰকাৰী তথ্যত থকাৰ দৰে বহু ঠাইত কোনো বিজ্ঞাপন দিয়াই হোৱা নাছিল।
প্ৰথম অৱস্থাত এই কেলেংকাৰিয়ে বেচ হৈ-চৈৰ সৃষ্টি কৰাৰ লগতে ইয়াৰ তদন্তই ক্ষিপ্ৰ গতি লাভ কৰা দেখা গৈছিল যদিও কিছুমান বিশেষ বিশেষ আমোলা-বিষয়াৰ নাম অহাৰ লগে লগে ই শাম কাটিবলৈ ধৰে। অভিযোগ উঠা মতে এই কেলেংকাৰিৰ তদন্ততো কেলেংকাৰি হোৱাৰ সম্ভাৱনা খুবেই বেছি। কাৰণ কেলেংকাৰিটোত জড়িত বহুতো বিষয়া-আমোলাই চৰকাৰক সফলভাৱে ‘মেনেজ’ কৰাৰ অভিযোগ উত্থাপিত হৈছে, যাৰ ফলত থমকি ৰৈছে তদন্তৰ গতি।