সদৌ অসম টাইকোৱানডো সন্থাৰ সৌজন্যত আৰু ডিব্ৰুগড় জিলা টাইকোৱানডো সংস্থাৰ উদ্যোগত ২৬ জুলাইৰ পৰা ২৯ জুলাইলৈকে চাৰি দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৩৫ সংখ্যক অসম ৰাজ্যিক টাইকোৱানডো প্রতিযােগিতাখন ডিব্রুগড়ৰ চৌকিডিঙ্গি খেল পথাৰত অনুষ্ঠিত হ’ব ৷
এই প্ৰতিযোগিতাত ডিব্ৰুগড় টাইকোৱানডো একাডেমী’, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ডিব্রুগড় মণ্ডলৰ লগতে বৰবৰুৱা মণ্ডলেও সহযোগিতা আগবঢ়াইছে ৷
আনহাতে এই উদ্দেশ্যে মুখ্য মন্ত্রী সৰ্বানন্দ সােণোৱালক মুখ্য পৃষ্ঠপােষক, টিটেন পল্লৱ শইকীয়া সভাপতি আৰু দিগন্ত বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি শক্তিশালী আয়ােজক সমিতি গঠন কৰা হৈছে আৰু আয়ােজক সমিতিয়ে অসমৰ সকলাে জিলালৈকে নিমন্ত্ৰণী পত্ৰ প্রেৰণ কৰিছে।
এই প্রতিযােগিতাত সদৌ অসমৰ ২৯ খন জিলাৰ টাইকোৱানডো দলে অংশ গ্রহণ কৰিব বুলি আয়োজক সমিতিয়ে জনাইছে ৷ ল’ৰা-ছােৱালী উভয় শাখাত “কিৰােগী” আৰু “পুমছে”ৰ মুঠ ১২০০ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব।
এই প্রতিযােগিতাৰ চূড়ান্ত বিজয়ী সকলক আগন্তুক ৰাষ্ট্ৰীয় প্রতিযােগিতাৰ বাবে অসম ৰাজ্যিক দলটি গঠন কৰা হ’ব বুলি টাইকোৱানডো সন্থাৰ তৰফৰ পৰা জনাইছে।
ইফালে উক্ত প্রতিযােগিতাৰ থলীতেই ২৭ জুলাইত সদৌ অসম টাইকোৱানডো সন্থাৰ বার্ষিক সাধাৰণ সভাও অনুষ্ঠিত হ’ব। আৰু এই সভাতেই অসমৰ সকলো ব্লেক বেল্টধাৰীৰ প্ৰীতি সন্মিলনৰো আয়োজিত হ’ব ৷
উল্লেখযােগ্য যে এই ৰাজ্যিক দলৰ বাছনি প্রতিযােগীতাখন পর্যবেক্ষণৰ বাবে টাইকোৱানডো ফেডাৰেচন অব ইণ্ডিয়াৰ সচিব প্ৰধান আৰ ডি মঙ্গেচকাৰৰ লগতে নৰ্থ ইষ্ট টাকোৱানডো ইউনিয়নৰ সভাপতি, সচিব প্ৰধান আৰু কোষাধ্যক্ষও উপস্থিত থাকিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।