• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰা আৰু নাগালেণ্ডত আমি এখনো আসন নাপাওঁ বুলি আগতীয়াকৈ জানিছিলো : তৰুণ গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2018 7:04 pm
Tarun Gogoi
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আমি বিজেপিৰ ধনবলৰ সৈতে ফেৰ মাৰিব নোৱাৰো। নিৰ্বাচন যি দলে টকা খৰচ কৰিব পাৰে সেই দলেই জিকিব। আমাৰ দলৰ খৰচ কৰিবলৈ টকা নাই। দুৰ্নীতিগ্ৰস্তৰ দল বিজেপি।’ উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ সদ্যসমাপ্ত নিৰ্বাচনৰ পিছত এইদৰে মন্তব্য কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

মেঘালয়ৰ প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় যে ৰাজ্যখনত কংগ্ৰেছ একক সংখ্যাগৰিষ্ঠ দল হোৱা সত্ত্বেও দলটোৱে তাতো চৰকাৰ গঠন কৰিব নোৱাৰিব পাৰে। ‘আমাৰ হাই কমাণ্ডে তিনিজন জ্যেষ্ঠ নেতাক মেঘালয়লৈ পঠাইছে, যাতে হৰ্ছ ট্ৰেডিঙৰ ঘটনা নঘটে। কিন্তু আমি শেষ পৰ্য্যন্ত বিজেপিৰ ধনবলৰ সৈতে যুঁজিব নোৱাৰিব পাৰো।’ এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে গগৈয়ে।

Apply Now

আনহাতে ত্ৰিপুৰা আৰু নাগালেণ্ড নিৰ্বাচনত দলটোৰ হতাশাজনক ফলাফল সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয় যে তেওঁ আগতীয়াকৈ গম পাইছিল যে ৰাজ্য দুখনত তেওঁলোকৰ দলে এখনো আসন নাপায়। ‘মই জানিছিলোৱে ত্ৰিপুৰা আৰু নাগালেণ্ডত আমি এখনো আসন নাপাওঁ। ৰাজ্য দুখনত আমাৰ কোনো সক্ৰিয় সংগঠন নাই।’ এইদৰে কয় তেওঁ।

উল্লেখযোগ্য যে দুয়োখন ৰাজ্যতে কংগ্ৰেছ এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে বিজেপিক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দল বুলি কয়। তেওঁ লগতে কয় যে নিৰ্বাচন ৰাজনৈতিক দলবোৰে খৰচ কৰিব পৰা ধনৰ এটা সীমা নিৰ্ধাৰণ হোৱা উচিত। ‘মই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজনৈতিক দলবোৰে খৰচ কৰিব পৰা ধনৰ পৰিমাণৰ এটা সীমা নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাইছো। বিজেপিয়ে স্বচ্ছতা (transparency)ৰ কথা কয়, কিন্তু প্ৰকৃততে এইটো হ’ল আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দল। তাৰ পৰিৱৰ্তে আমাৰ নিৰ্বাচনত খৰচ কৰিবলৈ টকা নাই।’ এইদৰে কয় প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

আনহাতে তেওঁৰ এসময়ৰ প্ৰিয়পাত্ৰ ড০ হিমন্ত বিশ্ব শৰ্মায়েই উত্তৰ-পূবত  বিজেপিক এনে অৱস্থানলৈ আনিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কয়, ‘হিমন্তৰ নিজৰ দলেই ত্ৰিপুৰা আৰু নাগালেণ্ডৰ জয়ৰ কৃতিত্ব তেওঁক দিয়া নাই। দলটোৱে এই জয়ৰ বাবে মোদী, অমিত শ্বাহ, ৰাম মাধৱ আৰু সুনীল দেওধৰৰ নামহে হিমন্ততকৈ আগত লৈ আছে। হিমন্ত এটা নিগনিহে, বিজেপিৰ এই উত্থানৰ বাবে আচল কাৰণ অমিত শ্বাহহে।’ এইদৰে কয় গগৈয়ে।

আনহাতে গগৈয়ে আজি ৰাজীৱ ভৱনত হোৱা দলৰ কাৰ্য্যনিৰ্বাহকত সাংবাদিকক কয় যে তেওঁৰ দলে অহা পঞ্চায়ত নিৰ্বাচন আৰু পিছৰ বছৰৰ লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি দলটোক শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm
অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

October 4, 2026 4:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd