পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ সকলো দল-সংগঠনে তৎপৰ হৈ পৰা সময়তে অন্তঃকন্দলে দেখা দিছে কংগ্ৰেছ দলত। প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত প্ৰৱেশ কৰা লবী ৰাজনীতিৰ ফলতেই এইবাৰ দল এৰিবলৈ বাধ্য হ’ল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিচিত্ৰ চৌধুৰীয়ে ।
লক্ষ্যণীয় যে চৌধুৰীৰ মতামতক দলৰ শীৰ্ষ নেতাই গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ ছ’চিয়েল মিডিয়াত দলৰ বাব ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ উপৰি সোমবাৰে চৌধুৰীয়ে দলৰ প্ৰথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে।
দলৰ নেতৃত্বই আস্থাত নোলোৱা মনোভাবৰ প্ৰতি সন্মাই জনাই প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক শাখাৰ সাধাৰণ সম্পাদক বিচিত্ৰ চৌধুৰীয়ে এই পদৰ লগতে জাতীয় কংগ্ৰেছৰ সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ কৰাৰ কথা ঘোশণা কৰি কংগ্ৰেছ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।
পদত্যাগ পত্ৰৰ জৰিয়তে চৌধুৰীয়ে হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা দলটোৰ সৈতে যুক্ত হৈ থাকি বিগত ৩০ বছৰে দলৰ কাম কৰিবলৈ সুযোগ দিয়াৰ বাবে কংগ্ৰেছ নেতৃবৃন্দৰ লগতে সকলো কংগ্ৰেছ কৰ্মীকে ধন্যবাদ জনায়।
উল্লেখ্য যে আমালৈ অহা খবৰ অনুসৰি এই পৰ্যন্ত দলৰ ৰাজ্যিক সভাপতিয়ে তেওঁৰ পত্ৰ গ্ৰহণ কৰা নাই যদিও কংগ্ৰেছৰ জ্যেষ্ঠ নেতা চৌধুৰীৰ পদত্যাগে প্ৰদেশ কংগ্ৰেছৰ খাম খেয়ালী পুনৰবাৰ উদঙাই দিছে।
স্মৰ্তব্য যে যোৱা ১৪ মাৰ্চত এআইচিচিৰ সদস্য তালিকা প্ৰকাশৰ পাছতেই ৰাজীৱ ভৱনত সৃষ্টি হৈছিল অস্বস্তিমূলক পৰিস্থিতিৰ। ইয়াৰ পৰিণতিতে ৰাজীৱ ভৱনত উদগীৰণ হৈছিল ক্ষোভৰ বহিঃপ্ৰকাশ।
পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত দেখা দিয়া এনে বিবাদৰ ফলত দলটোৰ ওপৰত যে বিৰূপ প্ৰভাব পৰিব সেয়া খাতাং।