• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাপনৰ চুম্বনকাণ্ডৰ অনাহক বিতৰ্কক লৈ মঙলদৈত প্ৰতিক্ৰিয়া : নাবালিকাগৰাকীৰ কেৰিয়াৰক লৈ উদ্বেগ

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
February 23, 2018 8:45 pm
Papon
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২০ ফেব্ৰুৱাৰিত মুম্বাইত চলি থকা এটা ৰিয়েলিটি শ্ব’ৰ শ্বুটিঙৰ সময়ত অসমৰ গায়ক পাপন অংগৰাগ মহন্তই এজনী নাবালিকা শিল্পীক আপত্তিজনকভাৱে চুমা খোৱাৰ ঘটনাক লৈ চলি থকা তীব্ৰ বিতৰ্কৰ প্ৰতিক্ৰিয়া হৈছে নাবালিকাগৰাকীৰ নিজৰ অঞ্চল মঙলদৈতো।

মঙলদৈবাসীৰ বহুকেইজনে এই ঘটনাটোৰ অনাহক চৰ্চা আৰু প্ৰচাৰে অঞ্চলটোৰ নতুন সংগীত প্ৰতিভাগৰাকীৰ ক্ষতি কৰিব বুলি শংকা প্ৰকাশ কৰিছে। লগতে এয়া এক পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ বুলিও অভিযোগ কৰে ভালেকেইজন লোকে।

Apply Now

এণ্ড টি ভিয়ে আয়োজন কৰা সংগীত প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনেলৰ বাবে মাত্ৰ কেইটামান দিনহে থকা অৱস্থাত শিশু শিল্পীগৰাকীৰ ওপৰত এয়া চাপ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ বুলি তেওঁলোকে অভিযোগ কৰিছে।

নাবালিকা শিল্পীগৰাকীৰ মাক-দেউতাক লগত থকা সত্ত্বেও, আৰু তেওঁলোকে একো আপত্তি নকৰা সত্ত্বেও কিছুমান সম্পৰ্কহীন মানুহে মিছাতে এই বিতৰ্কবোৰ চলাই আছে বুলি স্থানীয় লোকসকলে অভিযোগ কৰিছে।

অৱশ্যে মাক-দেউতাকৰ একো মন্তব্য এই পৰ্য্যন্ত ল’ব পৰা হোৱা নাই।

উল্লেখযোগ্য যে যোৱা ২০ ফেব্ৰুৱাৰিত অসমৰ নৱ প্ৰজন্মৰ মাজত বেচ জনপ্ৰিয় গায়ক পাপন অংগৰাগ মহন্তই এণ্ড টি ভিৰ বাবে এটা ৰিয়েলিটি শ্ব’ৰ শ্বুটিঙৰ সময়ত শ্বুটিঙত ভাগ লৈ থকা শিশু শিল্পীসকলৰ মাজৰ এজনী নাবালিকাক জোৰ কৰি চুমা খোৱাৰ ভিডিঅ’ এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

ভিডিঅ’টোত পাপনে ছোৱালীজনীক হাতেৰে মুখ-মণ্ডলত স্পৰ্শ কৰাৰ উপৰি নিজৰ ফালে প্ৰায় টানি আনি গালত চুমা খাইছিল। তাৰোপৰি তেওঁ অলপতে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা নতুন অভিনেত্ৰী priya prakash varrier ই কৰাৰ দৰে আঙুলি দুটাৰে (যিটো প্ৰেমৰ এটা প্ৰকাশ ভংগি হিচাপে priya prakash varrier –এ ব্যৱহাৰ কৰিছিল) নাবালিকাগৰাকীৰ গালত হেঁচি ধৰিছিল।

এতিয়া এই ভিডিঅ’টোৰ জৰিয়তে প্ৰকাশ পোৱা পাপনৰ আচৰণক লৈ বিভিন্ন মাধ্যম আৰু বিভিন্ন স্তৰত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ লগতে পাপনক চাৰিওফালৰ পৰা কঠোৰ সমালোচনা কৰা হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও বিষয়টো গুৰুতৰ বুলি প্ৰচাৰ কৰি থকা দেখা গৈছে। আনকি পাপনৰ বিৰুদ্ধে নাবালিকা গৰাকীক উৎপীড়ন চলোৱাৰ অভিযোগ তুলি national commission for protection of child rights ৰ অধ্যক্ষলৈ অভিযোগপত্ৰ প্ৰেৰণ কৰিছিল ৰুণা ভূঞা নামৰ এগৰাকী অধিবক্তাই।

আনহাতে পাপনে আজি তেওঁৰ টুইটাৰত আপল’ড কৰা এটা টোকাৰ জৰিয়তে নিজৰ অবাঞ্ছিত আচৰণৰ বাবে ক্ষমা বিচাৰিছে।

ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

July 16, 2026 6:06 pm
E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

July 16, 2026 5:29 pm
ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

July 16, 2026 6:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd