কংগ্ৰেছৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস বৃদ্ধি কৰাৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধীয়ে বিভিন্ন কৌশল অৱলম্বন কৰাৰ লগতে দলৰ নিৰ্বাচন শান্তিপূৰ্ণভাবে সম্পন্ন কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰিছে।
ৰাজ্যত আজিৰে পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন বৰপেটাত শান্তিপূৰ্ণভাবে সম্পন্ন হয় ৷
আনহাতে, একাংশ বিতৰ্কিত কংগ্ৰেছ নেতাই নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা চলাইছিল যদিও নিষ্ঠাবান কংগ্ৰেছ নেতা কৰ্মীৰ বাবে বিতৰ্কিত কংগ্ৰেছ নেতাক হতাশ কৰি তোলা পৰিলক্ষিত হৈছে। বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সম্পাদকৰ বাবে অনিৰুদ্ধ মণ্ডল আৰু আনিছুৰ ইছলামে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ লগতে বৰপেটা বিধানসভা সমষ্টিত সভাপতি পদৰ বাবে মুঠ পাঁচগৰাকী প্ৰাৰ্থী ক্ৰমে নুৰ ইনচান, জাহাংগীৰ আলম, ৰকিবুৰ ইছলাম, এলভিছ হাজৰিকা আৰু জাফৰ আলীয়ে প্ৰাৰ্থিত্ব আগবঢ়ায়।
মন কৰিব লগীয়া যে, নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা জাফৰ আলী নামৰ প্ৰাৰ্থীগৰাকী অপৰাধত অভিযুক্ত হৈ কাৰাবাস খটা বুলি কংগ্ৰেছ মহলত চৰ্চিত হৈছে। আমছুৰ প্ৰাক্তন সভাপতি তথা ২০১৬ৰ বিধান সভাৰ নিৰ্বাচনত বৰপেটা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজিত হোৱা আব্দুৰ ৰহিম আহমেদে জাফৰ আলীক প্ৰত্যক্ষ সহযোগ কৰা বুলি বৰপেটাৰ কংগ্ৰেছ শিবিৰত চৰ্চিত হৈছে।
বিতৰ্কিত জাফৰ আলীৰ পৰিৱৰ্তে আন যিকোনো প্ৰাৰ্থীক বৰপেটা বিধান সভা সমষ্টিৰ সভাপতি হিচাপে জয়ী কৰোবাৰ বাবে নিষ্ঠাবান কংগ্ৰেছ কৰ্মীসকলে ভিতৰি ভিতৰি প্ৰচাৰ চলাই আছে যদিও ২৬জুনত ঘোষিত হব লগা ফলাফলতহে জানিব পৰা যাব শেষ হাঁহি কোনে মাৰে।
নিকা ভাবমুৰ্তিৰ নুৰ ইনচান এলভিছ হাজৰিকাই সভাপতি নিৰ্বাচনৰ প্ৰতিযোগিতাৰ দৌৰৰ শীৰ্ষত থকা বুলি একাংশই মত ব্যক্ত কৰিছে ৷ বৰপেটা বিধান সভা সমষ্টিত মুঠ ১১৮৫গৰাকী ভোটাৰ আছে যদিও আজি সম্পন্ন হোৱা নিৰ্বাচনত ৫১৫গৰাকীয়ে ভোট প্ৰদান কৰে।