৬ৰ পৰা ২০১৪ বছৰ বয়সৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলকভাৱে প্ৰাথমিক শিক্ষা দিয়াৰ বাট সুচল কৰাৰ লগতে অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ দফা সংলগ্ন কৰি চৰকাৰে প্ৰণয়ন কৰা শিক্ষাৰ অধিকাৰ আইন ২০০৯ ত থকা আসোঁৱাহৰ বাবেই অসমৰ গ্ৰাম্যাঞ্চলৰ চৰকাৰী বিদ্যালয় সমূহত শিক্ষাৰ অৱস্থা পুতৌজনক হৈছে বুলি অভিযোগ কৰিছে সদৌ মিচিং ছাত্ৰ সন্থা, চমুকৈ টি এম পি কেই।
সন্থাটোৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে, গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি দিগ্বিজয় দলে, আৰু সম্পাদক সৌৰভজ্যোতি চিন্তেই কয় যে অসমৰ গ্ৰাম্যাঞ্চলৰ চৰকাৰী বিদ্যালয়বিলাকত উপযুক্ত সংখ্যক শিক্ষক নথকাটোৱেই এই অঞ্চলবোৰত শিক্ষাৰ মান কমি যোৱাৰ অন্যতম কাৰণ।
লগতে ছাত্ৰ অনুপাতে শিক্ষকৰ অভাৱৰ মূলতে এই শিক্ষাৰ অধিকাৰ আইন ২০০৯ বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে। নেতাকেইজনে কয় যে আইনখনৰ ১৯ নং আৰু ২৫ নং দফাত থকামতে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ৩০জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক, ৬০ জনত দুজন আৰু ৯০ জনত ৩জন শিক্ষক থাকিব লাগে।
কিন্তু এইবোৰ শ্ৰেণীগত সংখ্যাৰ পৰা বিবেচনা কৰা হোৱা নাই। যদি প্ৰতিটো শ্ৰেণীত নিচেই কমেও তিনিটাকৈ ক্লাছ ল’ব লগীয়া হয় তেন্তে এই ৩০জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ত এজন শিক্ষকে প্ৰায় ১৫টা ক্লাছ ল’ব লাগিব।
আনহাতে আইনখনত আছে যে ১০০জনতকৈ কম সংখ্যক ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ নাথাকে। তেনেস্থলত এই ৩০ জন ছাত্ৰ-ছাত্ৰীৰ শিক্ষকজনেই চৰকাৰী অফিচিয়েল কামত যাব লাগিব, ছাত্ৰ-ছাত্ৰীক এৰি থৈ।
উল্লেখযোগ্য যে নেতাকেইজনে অন্যান্য দাবীৰ লগতে মিচিং জনগোষ্ঠীৰ বসতিপ্ৰধান অঞ্চলৰ প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ মাধ্যমত প্ৰাথমিক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক আহ্বান জনায়।