অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি, কোকৰাঝাৰ জিলা প্ৰশাসনে ৩ দিনীয়া কাৰ্যসূচীৰে সমগ্ৰ জিলাখনতে যথাযোগ্য মৰ্যাদা সহকাৰে ৭২ সংখ্যক স্বাধীনতা দিৱস উদ্যাপন কৰিবলৈ আগবাঢ়িছে।
কাৰ্যসূচী অনুসৰি ১৩ আগষ্টত কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ ১০-০০ বজাত বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত দেশপ্ৰেমমূলক গীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। ১৪ আগষ্টত কোকৰাঝাৰৰ বিচিপিএম ইংলিছ মিডিয়াম হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত স্বচ্ছ ভাৰত অভিযানৰ ওপৰত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু স্বাধীনতা সংগ্ৰাম বিষয়ৰ ওপৰত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।
পূৰ্বৰ দৰে এই বছৰতো ১৫ আগষ্টৰ দিনা পুৱা ৪.৩০ বজাত প্ৰভাতফেৰী, পুৱা ৫-৩০ বজাৰ পৰা লাউডস্পীকাৰত দেশপ্ৰেমমূলক গীত, পুৱা ৭-০০ বজাত চৰকাৰী কাৰ্যালয়, বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত পতাকা উত্তোলনৰ কাৰ্যসূচী, পুৱা ৮-৪৫ বজাত চহিদ বেদীত মাল্যাৰ্পণ, পুৱা ৯-০০ বজাত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এমপি বিদ্যালয়ত ভিআইপিৰ দ্বাৰা আনুষ্ঠানিক পতাকা উত্তোলন কাৰ্যসূচী। তাৰোপৰি মাৰ্চ পাষ্ট, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান, আৰএনবি অসামৰিক চিকিৎসালয়ৰ ৰোগীসকল আৰু জিলা কাৰাগাৰৰ আৱাসীসকলৰ মাজত ফলমূল বিতৰণ কৰাৰ লগতে বিটিচি একাদশ বনাম জিলা প্ৰশাসনৰ মাজত ফুটবল মেচ এখনৰো আয়োজন কৰা হৈছে।