• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭ আগষ্টৰ পৰা বৰ্ষজোৰা কাৰ্যসূচীৰে নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী

মিণ্টু দাস by মিণ্টু দাস
July 9, 2018 9:11 pm
বিধায়ক ৰূপক শৰ্মা

বিধায়ক ৰূপক শৰ্মা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ উচ্চশিক্ষাৰ অন্যতম কেন্দ্ৰ নগাঁও মহাবিদ্যালয়ে ৭৫ বছৰত পদাৰ্পণ কৰিবলৈ আগবাঢ়িছে। সেই উপলক্ষে মহাৰজত জয়ন্তী বৰ্ষজোৰা কাৰ্যসূচীৰে বিস্তৃতভাবে উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে।

মহাৰজত জয়ন্তীৰ প্ৰথম কাৰ্যসূচী অহা ৭ আগষ্টৰ পৰা ১২ আগষ্টলৈ ছদিনীয়াকৈ আয়োজন কৰা হৈছে। আজি নগাঁও মহাবিদ্যালয়ত আয়োজন কৰা এক সংবাদমেলত মহাৰজত জয়ন্তীৰ উদযাপন সমিতিৰ সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই এই কথা সদৰী কৰে।

Apply Now

অনুষ্ঠানৰ কাৰ্যসূচী সম্পৰ্কত জানিবলৈ দি বিধায়কগৰাকীয়ে কয় যে ৭ আগষ্টৰ পুৱা ৯ বজাত পতাকা উত্তোলনৰ পিছতে ১১ বজাত মহাবিদ্যালয়খনৰ অনিল বৰা প্ৰেক্ষাগৃহত আৰম্ভ হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত  ৰাজ্যপাল জগদীশ মুখী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

ৰূপক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগা উক্ত উদ্বোধনী অনুষ্ঠানটোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট অতিথি আৰু কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বুলি জানিবলৈ দি শৰ্মাই লগতে কয় যে অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত আৰু সিদাৰ্থ ভট্টাচাৰ্যও উপস্থিত থাকিব।

৮ আগষ্টত বিশিষ্ট অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই উদ্বোধন কৰিব লগা চলচ্চিত্ৰ মহোৎসৱ সঞ্চালনা কৰিব বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই। ৯ আগষ্ট পুৱা চাফাই অভিযান, গ্ৰাম্য বিজ্ঞান মেলা অনুষ্ঠিত হোৱাৰ পিছতে ‘গুৰু প্ৰণাম’ অনুষ্ঠান উদ্বোধন কৰিব প্ৰাক্তন মুখ্য মন্ত্ৰী তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ প্ৰফুল্ল কুমাৰ মহন্তই।

১০ আগষ্টত প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক পৰাগমণি আদিত্যই উদ্বোধন কৰিব লগা নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকা। ১১ আগষ্টত পুৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে। ইয়াৰ পিছতে সাংবাদিক সুনীল বৰাই আঁ‌ত ধৰিব লগা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনখন উদ্বোধন কৰিব বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, ১২ আগষ্টত বক্তৃতানুষ্ঠান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন আৰম্ভ হ’ব। ‘উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনাপূৰ্ণ লঘু উদ্যোগ আৰু বহনক্ষম উন্নয়ন’ শীৰ্ষক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বিজ্ঞানী ড° ত্ৰিদিপ গোস্বামী উপস্থিত থাকিব। সেইদিনা সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ উপৰি অন্যান্য শিল্পীয়ে অংশ গ্ৰহণ কৰিব।

আজিৰ সংবাদমেলত মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকী, যুটীয়া সম্পাদক অধ্যাপক বিশ্বজিৎ ভূঞা, ড° ৰঞ্জিৎ মজুমদাৰ, শৈক্ষিক উপাধ্যক্ষ ড° দিলীপ শৰ্মা আৰু শৈলেন শইকীয়া উপস্থিত থাকে। উক্ত সংবাদমেলতে উদযাপন সমিতিৰ সভাপতি  ৰূপক শৰ্মাই ইচ্ছ্যুক ব্যক্তিক আছাম গ্ৰামীণ বিকাশ বেংক নগাঁও শাখাৰ – প্লেটিনাম জুবিলি ফাণ্ড, নগাঁও কলেজ, একাউণ্ট নম্বৰ- ৭২৫৭০১০০৫৬৬৪৭, IFSC CODE -UTBIORRBAGB ত বৰঙনি দিবলৈ অনুৰোধ জনায়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd