‘চাহ হ’ল অসমৰ পৰিচয়। সেয়েহে চাহ উদ্যোগৰ সৰ্বাংগীণ উত্তৰণৰ বাবে চাহ বাগিচাৰ পৰিচালক, চাহ শ্ৰমিক আৰু চৰকাৰে ঐক্যবদ্ধ প্ৰয়াস চলাব লাগিব যাতে এই উদ্যোগটোৱে ইয়াৰ গৌৰৱৰ ধ্বজা সদায়ে বহন কৰিব পাৰে।’ আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত চাহ খণ্ডৰ বিভিন্ন বিষয় আৰু প্ৰত্যাহ্বানৰ বিষয়বস্তু সামৰি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা টি কনক্লেভ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত এইদৰে কয়।
ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ১৯ শতিকাৰ আৰম্ভণিৰে পৰা চাহ শিল্পই অসমৰ এক সুকীয়া পৰিচয় বহন কৰি আহিছে। লগতে তেওঁ চাহ উদ্যোগৰ বিকাশমুখী ধাৰাক আৰু অধিক গতি প্ৰদানৰ বাবে চাহ কোম্পানী সমূহক এক ৰোড মেপ প্ৰস্তুত কৰাৰ বাবেও নিৰ্দেশ দিয়ে।
মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰখনে ৰাজ্যখনৰ চাহ শ্ৰমিকসকলৰ সৰ্বাংগীণ কল্যাণৰ বাবে নিৰৱচ্ছিন্নভাৱে কৰ্মত অৱতীৰ্ণ হৈছে বুলি কয়।
আনহাতে ৰাজ্য চৰকাৰে মহিলা চাহ শ্ৰমিক সকলক প্ৰসৱকলীন ছুটি ৬ মাহলৈ বৃদ্ধি কৰাৰ উপৰি এই ছুটিৰ সময়ছোৱাত গৰ্ভৱতী চাহ শ্ৰমিকে ১২ হাজাৰ টকাৰ সাহায্য লাভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও সৰ্বানন্দই কয়।
তাৰোপৰি চাহ শ্ৰমিকসকলৰ সংহত বিকাশ আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিৰ বাবে বিমুদ্ৰাকৰণৰ সময়ত বেংক একাউণ্ট খোলা চাহ শ্ৰমিক সকললৈ চৰকাৰে আৰ্থিক উদগণি আগবঢ়োৱাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।
আজিৰ অনুষ্ঠানতে মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ দ্বাৰা টি কনক্লেভ উপলক্ষে প্ৰকাশ কৰি উলিওৱা নিউজ লেটাৰ এখন আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ উপৰি ‘ষ্টৰী অৱ আসাম টি’ শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰে।
উল্লেখযোগ্য যে দুদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানত ৰাজ্যখনৰ চাহ উদ্যোগ আৰু অধিক গতিশীলতা প্ৰদান কৰাৰ বাবে ইয়াৰ লগত জড়িত বিভিন্ন বিষয় আৰু প্ৰত্যাহ্বান সম্পৰ্কত আলোচনা কৰা হ’ব।
উক্ত অনুষ্ঠানত শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছা, টি বোৰ্ডৰ অধ্যক্ষ পি কে বেজবৰুৱা, ইণ্ডিয়ান টি এছ’চিয়েশ্যনৰ অধ্যক্ষ আজম মোনেম, ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক বৰঠাকুৰেও চাহ উদ্যোগৰ লগত জড়িত বিভিন্ন বিষয় সামৰি বক্তব্য আগবঢ়ায়।