• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2026 1:57 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ দিল্লীৰ যন্তৰ মন্তৰত আয়োজিত প্ৰতিবাদক কেন্দ্ৰ কৰি এক নতুন আইনী জটিলতাৰ সৃষ্টি হৈছে। যোৱা ২০ জুলাইত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজকসকলৰ বিৰুদ্ধে পকচো আইন আৰু নতুন ভাৰতীয় ন্যায় সংহিতাৰ অধীনত জিৰো এফ আই আৰ ৰুজু কৰাৰ দাবীৰে আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰা হৈছে।

এই প্ৰতিবাদী কাৰ্যসূচীত এগৰাকী ১২ বছৰীয়া নাবালিকাক জড়িত কৰি বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি কৰা আৰু ৰাষ্ট্ৰবিৰোধী পৰিৱেশ গঢ়ি তোলাৰ অভিযোগত এই আইনী পদক্ষেপ গ্ৰহণ কৰা হৈছে। হঠাতে লোৱা এই আইনী পদক্ষেপে অধিবক্তা আৰু ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Apply Now

পশ্চিমবংগৰ শিলিগুৰিৰ বিশিষ্ট অধিবক্তা ৰিংকী চট্টোপাধ্যায় সিঙে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ জানিবলৈ দিয়া মতে, দিল্লীৰ যন্তৰ মন্তৰত চি জি পিৰ বেনাৰত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীৰ মূল আয়োজক সৌৰভ দাস আৰু অভিজিৎ দিপকেকে ধৰি তেওঁলোকৰ সংগীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে।

মূল অভিযোগ অনুসৰি, যোৱা ২০ জুলাইত নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আয়োজিত এই প্ৰতিবাদৰ সময়ত আৰক্ষীৰ সৈতে হতাহতি আৰু লাঠীচালনাৰ ঘটনা ঘটিছিল। কেৱল সেয়াই নহয়, আন্দোলনৰ নামত তাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সাৰ্বভৌম ভাৰতৰ উদ্দেশ্যি অতি আপত্তিজনক মন্তব্য কৰা হৈছিল বুলিও অধিবক্তাগৰাকীয়ে দাবী কৰিছে। তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে এনে এক স্পৰ্শকাতৰ আৰু উচটনিমূলক ৰাজনৈতিক কাৰ্যসূচীলৈ এটি ১২ বছৰীয়া শিশুক কিয় আৰু কেনেকৈ অনা হ’ল, যিহেতু আইন অনুসৰি এই বয়সৰ শিশুৱে বিশেষ যত্ন আৰু সুৰক্ষা পাব লাগে।

অভিযোগত লগতে কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে তেওঁৰ ইনষ্টাগ্ৰাম লাইভত কৈছিল যে নৱপ্ৰজন্মৰ মন্তব্যবোৰ তেওঁ ক্ষমা কৰি দিছে আৰু তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবি কোনো আইনী পদক্ষেপ লোৱা নহ’ব। কিন্তু ইয়াৰ পিছতে আয়োজকসকলে উদ্দেশ্যপ্ৰণোদিতভাৱে আন এটি বিতৰ্কিত ভিডিঅ’ প্ৰকাশ কৰি দাবী কৰে যে আৰক্ষীয়ে ১২ বছৰীয়া নাবালিকাগৰাকীক লাঠীচালনা কৰিছে আৰু অশালীন আচৰণ কৰিছে।

অধিবক্তাগৰাকীৰ স্পষ্ট দাবী যে ৰাজনৈতিক লাভালাভ আৰু আৰক্ষী-প্ৰশাসনৰ ভাবমূৰ্তি নষ্ট কৰিবলৈ আয়োজকসকলে শিশুটিক ঢাল হিচাপে ব্যৱহাৰ কৰিছে। সেয়েহে পকচো আইনৰ ১৩, ১৪ আৰু ১৫ নম্বৰ ধাৰা লগতে ভাৰতীয় ন্যায় সংহিতাৰ ১৫৩ ধাৰাত কঠোৰ গোচৰ ৰুজু কৰাৰ আবেদন জনোৱা হৈছে।

কেৱল শিশুক ব্যৱহাৰ কৰাই নহয়, যন্তৰ মন্তৰৰ এই প্ৰতিবাদৰ আঁৰত থকা বিপুল আৰ্থিক পুঁজিৰ উৎসক লৈও ডাঙৰ প্ৰশ্ন উত্থাপন কৰা হৈছে। অধিবক্তা ৰিংকীয়ে প্ৰশ্ন কৰিছে যে এই ব্যয়বহুল আন্দোলনৰ বাবে ধন ক’ৰ পৰা আহিছে আৰু ইয়াৰ আঁৰত কোনে কাম কৰি আছে। তেওঁ পোণপটীয়াকৈ অভিযোগ কৰিছে যে ভাৰতৰ গণতান্ত্ৰিক আন্তঃগাঁথনি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰক বিপদত পেলাবলৈ এক বিশাল ডীপ ষ্টেট ষড়যন্ত্ৰ চলি আছে। এই সকলো দিশ নিৰপেক্ষভাৱে তদন্ত কৰি দোষী আয়োজকসকলৰ বিৰুদ্ধে অতি সোনকালে আইনী ব্যৱস্থা লোৱাৰ দাবী উঠিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd