বড়ো সাহিত্য সভাৰ প্ৰয়াত সভাপতি তথা মানৱতাৰ দূত শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ ২২ সংখ্যক মৃত্যুবাৰ্ষিকী আজি কেন্দ্ৰীয়ভাবে বিটিআৰ সদৰ কোকৰাঝাৰত উদযাপন কৰা হয় ৷ বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী চান্দামাৰীস্থিত বিনেশ্বৰ ব্ৰহ্মৰ সমাধিস্থলত উদযাপন কৰা হয় ।
এইবেলি নেতাগৰাকীৰ ২২ সংখ্যক মৃত্যুবাৰ্ষিকী ৷ মৃত্যুবাৰ্ষিকীৰ দিনজোৰা কাৰ্যসূচী অনুসৰি পুৱা পতাকা অবনমিতভাবে উত্তোলন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে ৷ বিনেশ্বৰ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে ৷
ইয়াৰ পাছতে কাৰ্যসূচীত উপস্থিত থকা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো , এবছুৰ সভাপতি দ্বীপেন বড়ো, উপসভাপতি খৰমদাও ওৱাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী , দাওবেচা বড়ো আৰু ৰেওৰেৱা নাৰ্জিহাৰী সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বিনেশ্বৰ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত পুষ্পাঞ্জলি অৰ্পণ কৰে ৷
উল্লেখ্য যে, বিনেশ্বৰ ব্ৰহ্মৰ মৃত্যুবাৰ্ষিকীৰ কাৰ্যসূচীৰ সতে সংগতি ৰাখি এক মুকলি সভাৰো আয়োজন কৰা হয় ৷ বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই প্ৰয়াত বিনেশ্বৰ ব্ৰহ্মৰ কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে ৷ লগতে বিনেশ্বৰ ব্ৰহ্মৰ মৃত্যু বড়ো সমাজৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰি বড়োই কয় যে এই ক্ষতি কেতিয়াও পূৰণ কৰা নাযাব ৷ মুকলি সভাৰ মঞ্চতে ” শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ অৱদান আৰু স্মৃতি ” শীৰ্ষক এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই ৷