• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মানসিক অত্যাচাৰৰ অভিযোগ : চৰম সিদ্ধান্ত ২২ বছৰীয়া যুৱকৰ, ভাইৰেল ভিডিঅ’ই সলাইছে ঘটনাৰ মোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2025 5:44 pm
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ ইন্দোৰৰ শিৱাজী নগৰত সংঘটিত এক হৃদয়বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটো কঁপাই তুলিছে। ঘৰতে জীৱনৰ চৰম সিদ্ধান্ত বাছি লৈছে ২২ বছৰীয়া অভিষেক প্ৰজাপতে। অভিষেকৰ পৰিয়ালটোৱে আৰম্ভণিৰে পৰা এই মৃত্যুক লৈ সন্দেহ প্ৰকাশ কৰি পুংখানুপুংখ তদন্তৰ দাবী জনাইছিল। ইফালে, ঘটনাৰ দুদিন পিছতে এটা ভাইৰেল ভিডিঅ’ পোহৰলৈ অহাত গোচৰটোৱে এক নতুন মোৰ লৈছে।

ভাইৰেল ভিডিঅ’টোত অভিষেকৰ প্ৰেয়সীয়ে চৰম পন্থা লোৱাৰ চেষ্টা কৰা দেখা গৈছে। তদুপৰি, তেওঁ ডিঙি আৰু পেটত ছুৰী ৰাখি অভিষেকক ভাবুকি দিছে, “তুমি মোক এৰি গ’লে মই নিজৰ প্ৰাণ ত্যাগ কৰিম।”

Apply Now

ভিডিঅ’টোত অভিষেকে অহৰহ প্ৰেয়সীক শান্ত কৰিবলৈ আৰু এনে পদক্ষেপ নল’বলৈ বুজাবলৈ চেষ্টা কৰি থকা দেখা গৈছে।

অভিষেকৰ পৰিয়ালৰ লোকে দাবী কৰিছে যে ছোৱালীজনীৰ এই আচৰণ দীৰ্ঘদিন ধৰি চলি আছিল, আৰু এই মানসিক চাপে তেওঁলোকৰ পুত্ৰক ভাঙি পেলাইছিল।

অভিষেকৰ পিতৃ ৰামহিত প্ৰজাপতে ছোৱালীজনী আৰু তেওঁৰ পৰিয়ালে পুত্ৰক চৰম পন্থাৰ দিশলৈ ঠেলি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁ অভিযোগ কৰে যে অভিষেক খুচী নামৰ এগৰাকী ছোৱালীৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কত আছিল, কিন্তু খুচীৰ পৰিয়াল সেই সম্পৰ্কক লৈ অসন্তুষ্ট আছিল। অভিযোগ অনুসৰি, তেওঁলোকে বাৰে বাৰে মাৰপিট কৰি অভিষেকক সম্পৰ্ক ছেদ কৰিবলৈ বাধ্য কৰিছিল।

খুচীয়ে প্ৰায়ে অভিষেকক ভিডিঅ’ কল কৰি ছুৰী ব্যৱহাৰ কৰি বা আত্মহত্যাৰ ভাবুকি দি মানসিক চাপত ৰাখিছিল।

কিছুদিন পূৰ্বে খুচীৰ পৰিয়ালে এখন ভুৱা এজাহাৰ দাখিল কৰিছিল, যাৰ ফলত অভিষেকক ভগীৰথপুৰা আৰক্ষী থানাত আটক কৰি ৰখা হৈছিল।

পিতৃৰ বহু চেষ্টাৰ অন্তত যদিও তেওঁক মুকলি কৰি দিয়া হৈছিল, আৰক্ষীয়ে অভিষেকক খুচীৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছিল।

অহৰহ ভাবুকি, প্ৰহাৰ, আৰু ব্লেকমেইলিং আদিৰ ফলত অভিষেক মানসিকভাৱে দুৰ্বল হৈ পৰিছিল।

১৪ নৱেম্বৰৰ সন্ধিয়া অভিষেকৰ সৰু ভনীয়েকে তেওঁক চৰম পন্থা লোৱা অৱস্থাত দেখা পায় আৰু আতংকিত হৈ দেউতাকক মাতি আনে। অভিষেক আছিল পৰিয়ালটোৰ উপাৰ্জনৰ পথ। তেওঁৰ পৰিয়ালত পিতৃ, মাতৃ, দুগৰাকী ভগ্নী আৰু এজন ভাতৃ আছে।

ঘটনাৰ পিছতে আৰক্ষীয়ে অভিষেকৰ মোবাইল ফোনটো জব্দ কৰিছে। পৰিয়ালৰ দাবী অনুসৰি, চৰম পন্থা লোৱাৰ কেইমিনিটমান পূৰ্বলৈকে তেওঁ আনন্দৰে কথা পাতি আছিল। এই কাৰণেই তেওঁৰ মোবাইল ফোন, মেছেজ, কল ৰেকৰ্ড, আৰু ভিডিঅ’সমূহ এতিয়া তদন্তৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে।

অতিৰিক্ত ডিচিপি ৰাজেশ দণ্ডোটিয়াই জনোৱা মতে, ভাইৰেল ভিডিঅ’টোৰ ফৰেনছিক পৰীক্ষা কৰা হ’ব, আৰু সকলো দিশৰ পুংখানুপুংখ তদন্ত চলি আছে। আৰক্ষীয়ে ফৰেনছিক প্ৰতিবেদন পোৱাৰ পিছত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হ’ব বুলি জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd