• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক : কাইলৈৰ পৰা ৭০টা সংগঠনৰ ব্যাপক আন্দোলন

আৰ এছ এছ কৰ্মীসকলক বিধেয়কখনৰ বিৰুদ্ধে মাত মতাৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ ৰাইজক আহ্বান অখিল গগৈৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 21, 2019 6:50 pm
KMSS and 70 Org

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত ৭০টা সংগঠনৰ প্ৰতিনিধিৰ সংবাদমেল। ২১ জানুৱাৰিত। ফটো : য়ু বি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩১ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব লগীয়া ৰাজ্যসভাৰ অধিৱেশনৰ আগমুহূৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে চলা আন্দোলনখনক অধিক তীব্ৰতৰ কৰি তোলাৰ বাবে ৭০টা জাতীয়-জনগোষ্ঠীয় আৰু সামাজিক সংগঠনে কাইলৈৰ পৰা ব্যাপক আন্দোলন কাৰ্যসূচী হাতত লৈছে।

সোমবাৰে গুৱাহাটীৰ গান্ধীবস্তিত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত ৭০টা সংগঠনৰ প্ৰতিনিধিয়ে এখন সংবাদমেলযোগে এই কথা জানিবলৈ দিছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে সংবাদমেলত কাইলৈৰ পৰা হ’ব লগীয়া ৭০টা সংগঠনৰ হৈ এই কাৰ্যসূচীসমূহৰ বিষয়ে ঘোষণা কৰে।

Apply Now

কাইলৈ অৰ্থাৎ ২২ জানুৱাৰিৰ পৰা ৭০টা সংগঠনৰ প্ৰতিনিধিয়ে দেশৰ বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বক সাক্ষাৎ কৰি ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ অনুৰোধ জনাব।

ইয়াৰ সমান্তৰালভাৱে বিধেয়কখনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি তেওঁ প্ৰকাশ কৰে। সেই অনুসৰি ২৩ জানুৱাৰিৰ সন্ধিয়া ৫ বজাত গুৱাহাটীৰ লগতে ৰাজ্যৰ সকলো জিলা আৰু মহকুমা সদৰত ৭০টা সংগঠনৰ প্ৰতিনিধিয়ে জোঁৰ সমদল কৰি বিধেয়ক বাতিলৰ দাবী জনাব। এই কাৰ্যসূচীত গুৱাহাটীত কেইবা হাজাৰ লোকে অংশ ল’ব বুলিও পলাশ চাংমায়ে জানিবলৈ দিয়ে।

২৭ জানুৱাৰিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংগঠনকেইটাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথ অৱৰোধ কৰিব। সেইদিনা পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ এই কাৰ্যসূচী চলিব বুলি সংবাদমেলত চাংমায়ে প্ৰকাশ কৰে।

ইয়াৰ পৰৱৰ্তী সময়ত ২৮ জানুৱাৰিৰ পুৱা ১০ বজাৰ পৰা ২৯ জানুৱাৰিলৈ ৭০টা সংগঠনে দিচপুৰ লাষ্টগেইটত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব। ২৮ জানুৱাৰিৰ পৰা অনুষ্ঠিত হ’ব লগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই কাৰ্যসূচী হাতত লোৱাৰ কথাও ৭০টা সংগঠনৰ নেতৃবৰ্গই প্ৰকাশ কৰে।

অসম বিধান সভাৰ বাজেট অধিৱেশনৰ প্ৰাক মুহূৰ্তত হ’ব লগীয়া এই কাৰ্যসূচী সমূহত ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ পূৰ্ণ সহযোগ কৰাৰ বাবে ৭০টা সংগঠনৰ হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে আহ্বান জনাইছে।

“কেৱল সংগঠনসমূহে আন্দোলন কৰি থাকিলেই নহ’ব। সমগ্ৰ ৰাইজ ওলাই আহিব লাগিব, তেতিয়াহে জাতি বাচিব। ৰাইজে এনে ধৰণেৰে আন্দোলন কৰক, যাতে আগন্তুক বাজেট অধিৱেশনৰ আৰম্ভণিতেই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰিবলৈ অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত হয়”, অখিল গগৈয়ে কয়।

তেওঁ লগতে অসমৰ গাঁৱে-ভূঞে থকা ৰাইজক নিজে উদ্যোগ লৈ বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। লগতে বিজেপি আৰু আৰ এছ এছ কৰ্মীসকলক বিধেয়কখনৰ বিৰুদ্ধে মাত মতাৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ অখিল গগৈয়ে ৰাইজলৈ আহ্বান জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd