• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূব কয়লা ক্ষেত্ৰ বন্ধ হ’বলৈ দিয়া নহ’ব: ৰামেশ্বৰ তেলী

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 23, 2020 8:43 pm
Won't let Northeastern coalfields to stop: Rameswar Teli
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মেৰুদণ্ড। তিনিচুকীয়া জিলাৰ লগতে ৰাজ্যৰ বহু উদ্যোগ-প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৰ পৰা উৎপাদিত কয়লাৰ ওপৰত নিৰ্ভৰশীল। এই জাতীয় উদ্যোগটো কোনোপধ্যেই বন্ধ হ’বলৈ দিয়া নহ’ব।

ভাৰত চৰকাৰৰ কয়লা দপ্তৰে বুধবাৰে সমগ্ৰ ভাৰতবৰ্ষতে আয়োজন কৰা বন মহোৎসৱ আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ অংশবিশেষ হিচাপে লিডুৰ টিৰাপ কলিয়ৰীত অনুষ্ঠিত এখন সভাত ভাষণ প্ৰদান কৰি ভাৰত চৰকাৰৰ খাদ্য সংশাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই মন্তব্য কৰে।

Apply Now

দিহিং-পাটকাইত কয়লা খননক লৈ চলিত বিতৰ্ক আৰু প্ৰতিবাদৰ মাজতে ক’ল ইণ্ডিয়া লিমিটেডে যোৱা ৩ জুনত উত্তৰ-পূব কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাত সকলো খনন বাতিলৰ নিৰ্দেশ দিছিল।

মুখ্য অতিথি তেলীয়ে উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ কয়লা খননস্থলীকলৈ মাৰ্ঘেৰিটাৰ বাহিৰৰ দল-সংগঠন-ব্যক্তি বিশেষে ব্যাপক অপপ্ৰচাৰ চলাই উদ্যোগটো আজি বন্ধ হোৱাৰ পৰিৱেশ সৃষ্টি কৰা বুলি কয়।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো কোনোপধ্যেই বন্ধ হ’বলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দি তেওঁ প্ৰতিষ্ঠানটোৰ অচলাৱস্থা দূৰ কৰাৰ সম্পৰ্কত কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰৰ সৈতে সঘন যোগাযোগ ৰাখি আহিছে বুলি কয়।

খাদ্য সংশাধন দপ্তৰে দেশৰ লগতে ৰাজ্যৰ বহু ঠাইত উদ্যোগ স্থাপনৰ বাবে পুঁজি আৱণ্টন দিয়াৰ কথা তেলীয়ে জানিবলৈ দিয়ে।

তাৰ ভিতৰত নলবাৰী, তিনিচুকীয়া আৰু তেজপুৰত ৩০কোটি টকাকৈ ফুড প্ৰচেচিং পাৰ্কৰ বাবে পুজিঁ আৱণ্টন দিয়া হৈছে বুলি কয়।

নতুন দিল্লীত গৃহ মন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰা এই কাৰ্যসূচীৰ লাইভ সকলোৱে উপভোগ কৰাৰ পাছতে আৰম্ভ কৰা সভাখনত বিধায়ক ভাস্কৰ শৰ্মাই ভাষণ প্ৰদান কৰি কয়লা উদ্যোগটোলৈ অহা ভাবুকিৰ কথা ব্যক্ত কৰি মাৰ্ঘেৰিটাবাসীয়ে এই উদ্যোগটো বন্ধ হোৱাটো কোনোপধ্যে নিবিচাৰে বুলি স্পষ্ট কৰি দিয়ে।

শৰ্মাই কয় স্থানীয় বিধায়ক হিচাপেই নহয় স্থানীয় বাসিন্দা হিচাপে উদ্যোগটোৰ স্বাৰ্থত কাম কৰি যাব।

বিধায়ক শৰ্মাই দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খনন চলাৰ অপপ্ৰচাৰত লিপ্ত থকাসকলৰ কথা প্ৰকাশ কৰি ক্ষোভ প্ৰকাশ কৰে।

এচ পি দত্তই আতঁ ধৰা সভাখনত উপস্থিত থাকে স্থানীয় মহকুমাধিপতি, উত্তৰ-পূব কয়লা খনিৰ মুখ্য মহাপ্ৰবন্ধক যুগল কুমাৰ বৰা তথা অসম চৰকাৰৰ অন্যান্য বিষয়াবৰ্গ।

সভাৰ পাছতে প্ৰায় ৫০ হাজাৰ গছপুলি ৰোপণৰ লক্ষ্যৰে প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰা পাৰ্কখনত এটিকৈ গছপুলি ৰোপণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তেলী, বিধায়ক শৰ্মাৰ লগতে অতিথিসকলে।

তাৰপাছতে মাৰ্ঘেৰিটা উন্নয়ন খণ্ড সভাকক্ষত অনুষ্ঠিত এখন সভাত সাংসদ তেলীয়ে অংশগ্ৰহণ কৰি বিভিন্ন ধৰ্মীয় মঠ-মন্দিৰ আৰু নামঘৰৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ২০১৭-১৮ বৰ্ষৰ সাংসদ উন্নয়ৰ পুঁজিৰ তৰফৰ পৰা মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন ধৰ্মীয় ক্ষেত্ৰলৈ অনুদানৰ চেক আগবঢ়ায়।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd