• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উদ্যোগত আয়োজিত টি কনক্লেভৰ আনুষ্ঠানিকভাৱে উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2018 7:58 pm
মুখ্য মন্ত্ৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘চাহ হ’ল অসমৰ পৰিচয়। সেয়েহে চাহ উদ্যোগৰ সৰ্বাংগীণ উত্তৰণৰ বাবে চাহ বাগিচাৰ পৰিচালক, চাহ শ্ৰমিক আৰু চৰকাৰে ঐক্যবদ্ধ প্ৰয়াস চলাব লাগিব যাতে এই উদ্যোগটোৱে ইয়াৰ গৌৰৱৰ ধ্বজা সদায়ে বহন কৰিব পাৰে।’ আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত চাহ খণ্ডৰ বিভিন্ন বিষয় আৰু প্ৰত্যাহ্বানৰ বিষয়বস্তু সামৰি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা টি কনক্লেভ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত এইদৰে কয়।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ১৯ শতিকাৰ আৰম্ভণিৰে পৰা চাহ শিল্পই অসমৰ এক সুকীয়া পৰিচয় বহন কৰি আহিছে। লগতে তেওঁ চাহ উদ্যোগৰ বিকাশমুখী ধাৰাক আৰু অধিক গতি প্ৰদানৰ বাবে চাহ কোম্পানী সমূহক এক ৰোড মেপ প্ৰস্তুত কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

Apply Now

মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰখনে ৰাজ্যখনৰ চাহ শ্ৰমিকসকলৰ সৰ্বাংগীণ কল্যাণৰ বাবে নিৰৱচ্ছিন্নভাৱে কৰ্মত অৱতীৰ্ণ হৈছে বুলি কয়।

আনহাতে ৰাজ্য চৰকাৰে মহিলা চাহ শ্ৰমিক সকলক প্ৰসৱকলীন ছুটি ৬ মাহলৈ বৃদ্ধি কৰাৰ উপৰি এই ছুটিৰ সময়ছোৱাত গৰ্ভৱতী চাহ শ্ৰমিকে ১২ হাজাৰ টকাৰ সাহায্য লাভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও সৰ্বানন্দই কয়।

তাৰোপৰি চাহ শ্ৰমিকসকলৰ সংহত বিকাশ আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিৰ বাবে বিমুদ্ৰাকৰণৰ সময়ত বেংক একাউণ্ট খোলা চাহ শ্ৰমিক সকললৈ চৰকাৰে আৰ্থিক উদগণি আগবঢ়োৱাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

আজিৰ অনুষ্ঠানতে মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ দ্বাৰা টি কনক্লেভ উপলক্ষে প্ৰকাশ কৰি উলিওৱা নিউজ লেটাৰ এখন আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ উপৰি ‘ষ্টৰী অৱ আসাম টি’ শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰে।

উল্লেখযোগ্য যে দুদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানত ৰাজ্যখনৰ চাহ উদ্যোগ আৰু অধিক গতিশীলতা প্ৰদান কৰাৰ বাবে ইয়াৰ লগত জড়িত বিভিন্ন বিষয় আৰু প্ৰত্যাহ্বান সম্পৰ্কত আলোচনা কৰা হ’ব।

উক্ত অনুষ্ঠানত শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছা, টি বোৰ্ডৰ অধ্যক্ষ পি কে বেজবৰুৱা, ইণ্ডিয়ান টি এছ’চিয়েশ্যনৰ অধ্যক্ষ আজম মোনেম, ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক বৰঠাকুৰেও চাহ উদ্যোগৰ লগত জড়িত বিভিন্ন বিষয় সামৰি বক্তব্য আগবঢ়ায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd