• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল….. অসমীয়া নাট্যক্ষেত্ৰৰ অন্য এক নতুন প্ৰৱাহ!

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
February 9, 2021 12:53 pm
index.jpg
161
VIEWS
Share on FacebookShare on Twitter

১৬ আৰু ১৭ ফেব্ৰুৱাৰী ২০১৯ বৰ্ষ। শংকৰী সংস্কৃতি আদৰ্শৰে অনুপ্ৰাণিত এখনি সৰু চহৰ মৰিগাঁও। চহৰখনৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত চৰাইবাহী গাঁৱৰ দাঁতিৰে বৈ যোৱা সোণই নৈৰ তীৰত, জুইফুলীয়া শিমলুৰ আভাত অনুষ্ঠিত হ’ল প্ৰথমবাৰৰ বাবে এখনি নাট সমাৰোহ হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল প্ৰথম প্ৰয়াসত উদ্যোগ ল’লে সেই অঞ্চলৰে নাটবলীয়া এচাম যুৱশক্তিয়ে। তত্বান্বেষীৰ জৰিয়তে  মূলতে প্ৰীতম যোগী, পাৰ্থ বৰদলৈ, লক্ষ্য নাথ, বলেন নাথ, বিদ্যুৎ বৰদলৈ, মৃণাল, অৰূপ, আদিৰ এক সাহসী পদক্ষেপ।

বহু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ অন্তত নিৰ্দিষ্ট দিনৰ দূপৰত আৰম্ভ হ’ল সম্পূৰ্ণ প্ৰাকৃতিক ভাৱে সজাই তোলা অস্থায়ী মঞ্চত প্ৰথম বাৰ্ষিক নাটসমাৰোহ হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল। মুঠ ৫ খনকৈ নাটৰ সমাহাৰ ঘটা চৰাইবাহী লৈ ঢপলিয়াই গ’ল অসমৰ বিভিন্ন ঠাইৰ নাট্যকৰ্মীসকল।

উদ্দেশ্যে কেৱল অনুপ্ৰেৰণা দিয়া। চৰণদাস চোৰ, ভাইৰাছ, নোপোৱা কৰিলেও পাত, অস্ত্ৰোপচাৰ আৰু  বন্ধ্যা এই পাঁচখনকৈ নাটৰ সফল মঞ্চায়নত সমগ্ৰ চৰাইবাহী ৰাইজৰো উৎসাহ লক্ষণীয় আছিল। প্ৰথমবাৰলৈ যেন এই চৰাইবাহীবাসীয়ে নাটকক কিছু বেলেগ ধৰণে উদযাপন কৰিলে।

নাটকীয় এই সংযোগৰ যোগেদি আমাৰো প্ৰীতমবাহিনীৰ স’তে এক আবেগ জড়িত হ’ল। এই যে আৰম্ভ…. ক্ৰমে আকৌ প্ৰত্যাহ্বান সামৰি দ্বিতীয় বাৰৰ বাবেও অনুষ্ঠিত কৰিলে দ্বিতীয় বাৰ্ষিক হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল। এইবাৰ শিমলুৰ ৰঙচুৱা আভাত নহ’য় এইবেলি চৰাইবাহীৰ সোণাই নৈৰ হালধীয়া তীৰত জিলিকিল তত্বান্বেষীৰ  হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল। মুঠ সাতখনকৈ নাটকৰ মঞ্চায়নত পূৰ্বতকৈও দুগুণ উৎসাহ দেখা গ’ল চৰাইবাহী ৰাইজৰ। এঢাপ এঢাপকৈ ৰাজ্যিক পৰ্যায়ৰ পৰা দ্বিতীয় বাৰ্ষিকীত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ হেপাঁহ পূৰ হ’ল প্ৰীতম বাহিনীৰ।

বৰষুণ, স্বাতিৰ মাক হাৱাই চেণ্ডেলৰ ফিটা, সংগ্ৰাম, অম্বিকা গাঁথা, ছুইচাইড আদিৰ নাটকৰ লগতে সুদূৰ পশ্চিমবঙ্গৰ পৰাও আমন্ত্ৰণ কৰিলে দুখনকৈ নাট এক্স ৱাই জেড আৰু ইলা দিদি।

উৎসাহ বোৰ বাঢ়িল পুনৰ এইবৰ্ষতো অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল। সোণাই নৈৰ তীৰত সেই একেই নৈসৰ্গিক পৰিৱেশত। ফাগুনৰ আগমণী বতাহৰ বা লাগি নাচি উঠিব তত্বান্বেষীৰ সেউজীয়া মঞ্চ। ১৩ আৰু ১৪ ফেব্ৰুৱাৰি ২০২১ৰ এই নাটসমাৰোহখনি ক’ভিড১৯ এই বিধ্বস্ত পৰিৱেশৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ অনুমতি নাপালে। তথাপি ৰাজ্যৰ ৭ টাকৈ নাট্যদলে অংশ ল’ব এইবাৰৰ সমাৰোহত।

প্ৰথম দিনা নগাঁও শিল্পকাণন নিবেদনত বুঢ়ী আইতাৰ সাধু, পথভ্ৰষ্ট সোণাপুৰৰ অন্তহীন, নগাঁও নিবেদনৰ এজন ডাক্তৰ আৰু এজাক কুকুৰ। একেদৰে দ্বিতীয় দিনা প্ৰথম নিবেদন হ’ব ছন্দ মৰিগাঁৱৰ সভ্যতা সংকট, পথাৰ দুলীয়াজানৰ ছন্দিত গদ্যত এপিয়লা মদ্য অথবা এটি পদ্য অথবা নৈবদ্য, জিৰচং থিয়েটাৰ গুৱাহাটীৰ বান্টি আৰু বাবলী। সমাৰোহখনিৰ শেষ প্ৰযোজনা হ’ব চৰাইবাহী  তত্বান্বেষীৰ নামঘৰ।

নাট্য আন্দোলনৰ ধাৰাক আগবঢ়াই নিয়াৰ বাবে নাটকক জনমুখী কৰিবলৈ তত্বান্বেষীৰ কৰ্মকৰ্তা সকলৰ এই যি শাৰীৰিক, মানসিক কষ্ট, সেয়া স্বীকাৰ কৰিব লাগিব। আৰু যেতিয়াই অনুষ্ঠানটি সফল হ’য়, তেতিয়াই কষ্টবোৰ হৈ পৰে অনুপ্ৰেৰণা। এইবৰ্ষটো তত্বান্বেষীৰ হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল সফল হওঁক।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd