• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ এখন ব্যতিক্ৰমী আৰক্ষী চকী, য’লৈ আহিলে আপ্লুত হৈ পৰে অপৰাধীও ,কিন্তু কিয়?

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 11, 2021 3:37 pm
RPF-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষী থানা বা আৰক্ষী চকী বুলি কলে তালৈ যাবলৈ সকলোৱে এবাৰ ভাবিব লগা হয়। কিয়নো প্ৰায় ক্ষেত্ৰত অপৰাধীহে আৰক্ষী চকীলৈ যায় বুলি মানুহৰ মনত ধাৰণ শিপাই আছে।

কিন্তু আমি এখন আৰক্ষী চকীৰ কথা ক’বলৈ বিচাৰিছো যিখন আৰক্ষী চকী দেখিলে আপুনিও হয়তো এবাৰ তালৈ যাবলৈ আগ্ৰহী হৈ পৰিব।

Apply Now

আৰক্ষী চকীখনলৈ আহি আপোনাৰ মন ভৰি পৰিব  অনাবিল আনন্দ আৰু শান্তিৰে ।আৰক্ষী চকীখনে মনপ্ৰাণ হৰি এক অনাবিল আনন্দ দিয়ে চকীখনলৈ অহা প্ৰতিজন ব্যক্তিৰে।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ এখন ব্যতিক্ৰমী আৰক্ষী চকী ৷ আৰক্ষী চকীখন আছে অসম-ভূটান সীমান্তৰ দৰঙামেলাত। নাম দৰঙামেলা আৰক্ষী চকী ৷

ভাৰত – ভূটান সীমান্তৰ ভূটান ৰাষ্ট্ৰৰ ছানদ্ৰুপ ঝংখাৰ জিলাৰ গাতেই লাগি থকা এইখন শ বছৰীয়া পুৰণি আৰক্ষী চকী । এতিয়া উতলা ফাগুন। মন প্ৰাণ উচতন।

চৌদিশে তেজৰঙা শিমলু ফুলিছে। বলিছে ফাগুনৰ বলিয়া বা ৷

মদাৰ শিমলু ফুলৰ সুবাসত প্ৰকৃতি হৈ পৰিছে গাভৰু।

এই একেই সময়তে দৰংঙামেলা আৰক্ষী চকীৰ চৌহদটোও যেন হৈ পৰিছে  চঞ্চলা।

আৰক্ষী চকীখন কোনে বাৰু সজালে ইমান ধুনীয়াকৈ? ইয়াৰ আঁৰৰ ব্যক্তিজন বাৰু কোন সকলোৰে জানিবলৈ মন গৈছে নিশ্চয়।

জনসাধাৰণক সেৱা কৰি থকাৰ সমান্তৰালভাৱে ভূটান সীমন্তৱৰ্তী গুৰুত্বপূৰ্ণ দৰঙামেলা আৰক্ষী চকীখনৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়া দেৰচুং নাৰ্জাৰী।

নাৰ্জাৰীৰ সৌন্দৰ্য পিপাসু মনৰ বাবেই আজি সুন্দৰকৈ গঢ় লৈ উঠিছে এখন ফুলনি ।

a biden

ফুলনিখন সজাই তোলাত সহায় কৰিছে সহকৰ্মী আৰক্ষী সকলে।

আজি দুবছৰ ধৰি আৰক্ষী চকীৰ চৌহদটোত নানাৰঙী ফুল ৰোপন কৰি চৌহদটোক পৰ্যবসিত কৰিছে এখন বাগিচালৈ ৷ ঘটিছে অপৰূপ সৌন্দৰ্যৰ সমাহাৰ।আজি বটাৰুৱাৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দৰঙামেলা আৰক্ষী চকী।

আৰক্ষী চকীলৈ অভিযোগ লৈ অহা অঞ্চলটোৰ জনসাধাৰণ তথা অপৰাধীসকলো আপ্লুত  হৈ পৰে এই ফুলনি বাগিচা খন দেখি।

আৰক্ষী চকীখনৰ চৌহদত থকা নানাৰঙী ফুলৰ নান্দনিক দৃশ্যই মনপ্ৰাণ হৰি এক অনাবিল আনন্দ দিয়ে চকীখনলৈ অহা প্ৰতিজন ব্যক্তিক।

দৰংঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নাৰ্জাৰীৰ অক্লান্ত পৰিশ্ৰম আৰু প্ৰতিগৰাকী কনিষ্টবল আৰু হোমগাৰ্ডৰ প্ৰচেষ্টাত আৰক্ষী চকীখনৰ চৌহদত এনেদৰে ঠন ধৰি উঠিছে নানাৰঙী ফুলে ৷ডালিয়া, নাৰ্জিকে ধৰি নানাৰঙী ফুলে হাতবাউল দি মাতে বাটৰুৱাক ৷

RPF-1

আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া দেৰচুং নাৰ্জাৰীৰ ভাষাত আৰক্ষী সকলো সৌন্দৰ্যৰ পূজাৰী ৷

জনসাধাৰণে আৰক্ষীৰ লোকক কঠোৰ বুলি ভাবিলেও আচলতে আৰক্ষীৰ লোক সকলৰো এটা সুন্দৰ মন আছে ৷

ৰাজ্যখনৰ প্ৰতি খন আৰক্ষী থানা বা আৰক্ষী চকীত একোখন ফুলনি  স্থাপন কৰিবলৈও  তেওঁ আহ্বান জনায় ৷

আৰক্ষী বিষয়াগৰাকীৰ ভাষাত ফুলনি  দেখিলেই যেন থানাত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিৰ মনলৈ শান্তি আহে ৷

দৰংঙামেলা আৰক্ষী চকীত এনেদৰে এখন ফুলনি গঢ়ি তোলা কাৰ্যক স্থানীয় লোকেও প্ৰশংসা কৰিছে ৷

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd