• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ এখন ব্যতিক্ৰমী আৰক্ষী চকী, য’লৈ আহিলে আপ্লুত হৈ পৰে অপৰাধীও ,কিন্তু কিয়?

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , February 11, 2021 3:41 pm

2 min read

RPF-1
253
VIEWS
Share on FacebookShare on Twitter

আৰক্ষী থানা বা আৰক্ষী চকী বুলি কলে তালৈ যাবলৈ সকলোৱে এবাৰ ভাবিব লগা হয়। কিয়নো প্ৰায় ক্ষেত্ৰত অপৰাধীহে আৰক্ষী চকীলৈ যায় বুলি মানুহৰ মনত ধাৰণ শিপাই আছে।

কিন্তু আমি এখন আৰক্ষী চকীৰ কথা ক’বলৈ বিচাৰিছো যিখন আৰক্ষী চকী দেখিলে আপুনিও হয়তো এবাৰ তালৈ যাবলৈ আগ্ৰহী হৈ পৰিব।

আৰক্ষী চকীখনলৈ আহি আপোনাৰ মন ভৰি পৰিব  অনাবিল আনন্দ আৰু শান্তিৰে ।আৰক্ষী চকীখনে মনপ্ৰাণ হৰি এক অনাবিল আনন্দ দিয়ে চকীখনলৈ অহা প্ৰতিজন ব্যক্তিৰে।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ এখন ব্যতিক্ৰমী আৰক্ষী চকী ৷ আৰক্ষী চকীখন আছে অসম-ভূটান সীমান্তৰ দৰঙামেলাত। নাম দৰঙামেলা আৰক্ষী চকী ৷

ভাৰত – ভূটান সীমান্তৰ ভূটান ৰাষ্ট্ৰৰ ছানদ্ৰুপ ঝংখাৰ জিলাৰ গাতেই লাগি থকা এইখন শ বছৰীয়া পুৰণি আৰক্ষী চকী । এতিয়া উতলা ফাগুন। মন প্ৰাণ উচতন।

চৌদিশে তেজৰঙা শিমলু ফুলিছে। বলিছে ফাগুনৰ বলিয়া বা ৷

মদাৰ শিমলু ফুলৰ সুবাসত প্ৰকৃতি হৈ পৰিছে গাভৰু।

এই একেই সময়তে দৰংঙামেলা আৰক্ষী চকীৰ চৌহদটোও যেন হৈ পৰিছে  চঞ্চলা।

আৰক্ষী চকীখন কোনে বাৰু সজালে ইমান ধুনীয়াকৈ? ইয়াৰ আঁৰৰ ব্যক্তিজন বাৰু কোন সকলোৰে জানিবলৈ মন গৈছে নিশ্চয়।

জনসাধাৰণক সেৱা কৰি থকাৰ সমান্তৰালভাৱে ভূটান সীমন্তৱৰ্তী গুৰুত্বপূৰ্ণ দৰঙামেলা আৰক্ষী চকীখনৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়া দেৰচুং নাৰ্জাৰী।

নাৰ্জাৰীৰ সৌন্দৰ্য পিপাসু মনৰ বাবেই আজি সুন্দৰকৈ গঢ় লৈ উঠিছে এখন ফুলনি ।

a biden

ফুলনিখন সজাই তোলাত সহায় কৰিছে সহকৰ্মী আৰক্ষী সকলে।

আজি দুবছৰ ধৰি আৰক্ষী চকীৰ চৌহদটোত নানাৰঙী ফুল ৰোপন কৰি চৌহদটোক পৰ্যবসিত কৰিছে এখন বাগিচালৈ ৷ ঘটিছে অপৰূপ সৌন্দৰ্যৰ সমাহাৰ।আজি বটাৰুৱাৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দৰঙামেলা আৰক্ষী চকী।

আৰক্ষী চকীলৈ অভিযোগ লৈ অহা অঞ্চলটোৰ জনসাধাৰণ তথা অপৰাধীসকলো আপ্লুত  হৈ পৰে এই ফুলনি বাগিচা খন দেখি।

আৰক্ষী চকীখনৰ চৌহদত থকা নানাৰঙী ফুলৰ নান্দনিক দৃশ্যই মনপ্ৰাণ হৰি এক অনাবিল আনন্দ দিয়ে চকীখনলৈ অহা প্ৰতিজন ব্যক্তিক।

দৰংঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নাৰ্জাৰীৰ অক্লান্ত পৰিশ্ৰম আৰু প্ৰতিগৰাকী কনিষ্টবল আৰু হোমগাৰ্ডৰ প্ৰচেষ্টাত আৰক্ষী চকীখনৰ চৌহদত এনেদৰে ঠন ধৰি উঠিছে নানাৰঙী ফুলে ৷ডালিয়া, নাৰ্জিকে ধৰি নানাৰঙী ফুলে হাতবাউল দি মাতে বাটৰুৱাক ৷

RPF-1

আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া দেৰচুং নাৰ্জাৰীৰ ভাষাত আৰক্ষী সকলো সৌন্দৰ্যৰ পূজাৰী ৷

জনসাধাৰণে আৰক্ষীৰ লোকক কঠোৰ বুলি ভাবিলেও আচলতে আৰক্ষীৰ লোক সকলৰো এটা সুন্দৰ মন আছে ৷

ৰাজ্যখনৰ প্ৰতি খন আৰক্ষী থানা বা আৰক্ষী চকীত একোখন ফুলনি  স্থাপন কৰিবলৈও  তেওঁ আহ্বান জনায় ৷

আৰক্ষী বিষয়াগৰাকীৰ ভাষাত ফুলনি  দেখিলেই যেন থানাত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিৰ মনলৈ শান্তি আহে ৷

দৰংঙামেলা আৰক্ষী চকীত এনেদৰে এখন ফুলনি গঢ়ি তোলা কাৰ্যক স্থানীয় লোকেও প্ৰশংসা কৰিছে ৷

Recent News

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

prafulla VS Suresh

বঢ়মপুৰত খেলিব মহন্তই, কংগ্ৰেছ মহাজোঁটে মহন্তক এৰি দিব নেকি সমষ্টিটো?

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd