• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়াৰ বিড়ম্বনা! কা-বিৰোধী গণ আন্দোলনৰ প্ৰথম শ্বহীদ দ্বীপাঞ্জল দাসৰ নাম নাই চৰকাৰী তথ্যত

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
July 20, 2021 7:44 pm
Dwipanjal Das from facebook

ফটো উৎস: ফেচবুক।

442
VIEWS
Share on FacebookShare on Twitter

২০১৯ চনৰ ডিচেম্বৰ মাহ। অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰৱল গণ আন্দোলন চলিছিল।

১২ ডিচেম্বৰৰ সন্ধিয়া গুাৱাহাটীৰ লাচিত নগৰত সেই CAA বিৰোধী গণ আন্দোলনতেই প্ৰাণ হেৰুৱাইছিল ছয়গাঁৱৰ যুৱক দ্বীপাঞ্জল দাসে।

দ্বীপাঞ্জল দাস হৈছে কা-আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ। কিন্তু চৰকাৰৰ তথ্যত নাই শ্বহীদ দ্বীপাঞ্জল দাসৰ নাম।

২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত গুৱাহাটীত আৰক্ষীৰ গুলিত কিমানজন লোক নিহত আৰু কিমানজন আহত হৈছিল? ১৯ জুলাইত বিধানসভাত এই প্ৰশ্ন উত্থাপন কৰিছিল কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে।

ৰেকিবুদ্দিন আহমেদৰ তৰাবিহীন প্ৰশ্নৰ উত্তৰ দিছিল গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

চৰকাৰৰ উত্তৰ আছিল গুৱাহাটীত CAA বিৰোধী আন্দোলনত মৃত্যু হৈছিল তিনিজনৰ। তেওঁলোকৰ নাম আছিল ক্ৰমে- ছেম ষ্টেফ’ৰ্ড, ঈশ্বৰ নায়ক আৰু আব্দুল হালিম। পুলিচৰ গুলিত আহত হৈছিল- চানিদুল ইছলাম, আতিকুৰ ৰহমান, ইমতাজ মহম্মদ কাজিম, ৰাজেন মেধি আৰু প্ৰকাশ চাহানী।

কিন্তু আশ্বৰ্যজনকভাবে ক’তো নাম নাই শ্বহীদ দ্বীপাঞ্জল দাসৰ।

গুৱাহাটীৰ ভঙাগড়ত থকা সৈনিক কেন্টিনৰ কৰ্মচাৰী আছিল দ্বীপাঞ্জল দাস। ১২ ডিচেম্বৰত প্ৰৱল গণ আন্দোলনৰ মাজতেই গুলিবিদ্ধ হৈছিল দ্বীপাঞ্জল। গুলিবিদ্ধ অৱস্থাতেই জি এম চি এইচলৈ নিয়া হৈছিল দীপাঞ্জলক। কিন্তু মৃত্যুক আঁকোৱালি লৈছিল যুৱকজনে।

ইতিমধ্য সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ সমাজকে ধৰি বিভিন্ন জাতীয় সংগঠনে দ্বীপাঞ্জল দাসক CAA বিৰোধী আন্দোলনৰ শ্বহীদ হিচাপে ঘোষণা কৰিছে।

কিন্তু বিধানসভাত চৰকাৰে দিয়া উত্তৰৰ পাছত স্বাভাৱিকতেই প্ৰশ্ন হৈছে কেনেদৰে মৃত্যুবৰণ কৰিছিল দ্বীপাঞ্জল দাসে? চৰকাৰৰ তথ্যত নাম নাই কিয় দীপাঞ্জল দাসৰ?

পুলিচৰ গুলিত মৃত্যু হোৱা নাছিল নেকি দীপাঞ্জলৰ? পুলিচ-চি আৰ পি নহ’লে কাৰ্ফিউৰ মাজতে দীপাঞ্জলক হত্যা কৰা বন্দুকধাৰী কোন আছিল? এতিয়া এই প্ৰশ্নৰ উত্তৰ কোনে দিব?

Recent News

লাডাখবাসীৰ প্ৰতিবাদত হাৰ মানিলে কেন্দ্ৰই! নতুন সংৰক্ষণ আইনত অনুমোদন কেন্দ্ৰৰ

লাডাখবাসীৰ প্ৰতিবাদত হাৰ মানিলে কেন্দ্ৰই! নতুন সংৰক্ষণ আইনত অনুমোদন কেন্দ্ৰৰ

ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে সাত দফীয়া নিৰ্দেশনা

ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে সাত দফীয়া নিৰ্দেশনা

ন্যায়াধীশৰ স্বাধীনতা অতি প্ৰয়োজনীয়! নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপক লৈ কঠোৰ মন্তব্য মুখ্য ন্যায়াধীশৰ

ন্যায়াধীশৰ স্বাধীনতা অতি প্ৰয়োজনীয়! নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপক লৈ কঠোৰ মন্তব্য মুখ্য ন্যায়াধীশৰ

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd