• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোচ ৰাজবংশীক পুনৰ ডি ভোটাৰ সজাই বিদেশীৰ জাননী,কোচ ৰাজবংশী জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিক্ৰিয়া

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
December 12, 2021 9:25 pm
173
VIEWS
Share on FacebookShare on Twitter

অসম তথা পশ্চিম বংগত থকা ভূমিপুত্ৰ কোচ ৰাজবংশী সকলোক সুসংগঠিত কৰি কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণৰ মৰ্যাদা দিয়া আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ বাবে গণতান্ত্ৰিক ভাবে কাম কৰি অহা কোচ ৰাজবংশী জাতীয় পৰিষদে দেওবাৰে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত কালপানী প্ৰাথমিক বিদ্যালয়ত বিশিষ্ট সমাজকৰ্মী প্ৰভাত বৰ্মনৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

কোচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টাদ্বয় সতীশ পাটগিৰি, প্ৰাণজিৎ ৰায়, সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, প্ৰচাৰ সম্পাদক দেৱকুমাৰ বৰ্মন আৰু সদস্য প্ৰাণধৰ কোচ উপস্থিত থকা সাধাৰণ সভাই ৰাইজৰ বিপুল সমৰ্থনত বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সুজিৎ ৰায়ক সভাপতি, ৰাজকুমাৰ দাসক উপ সভাপতি, শ্ৰীবাস বৰ্মনক সাধাৰণ সম্পাদক, নিত্যানন্দ কোচ, নিপু পাঠক আৰু পবিত্ৰ বৰ্মনক সহকাৰী সাধাৰণ সম্পাদক, প্ৰাণধৰ কোচ, প্ৰদীপ কুমাৰ বৰ্মন, উমানন্দ ৰায় আৰু প্ৰভাত বৰ্মনক উপদেষ্টা হিচাবে লৈ ৩১ জনীয়া শালবাৰী জিলা কোচ ৰাজবংশী জাতীয় পৰিষদ গঠন কৰে।

সভাত কোচ ৰাজবংশী জাতীয় পৰিষদৰ উপদেষ্টাদ্বয় সতীশ পাটগিৰি, প্ৰাণজিৎ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে বক্তব্য ৰাখি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসম চৰকাৰে কোচ ৰাজবংশী সকলোক জনজাতিকৰণ কৰিম বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে কাৰ্যকৰী নকৰাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷

অসমৰ কোচ ৰাজবংশী সকলোক অতিশীঘ্ৰে জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী জনাই কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ (আক্ৰাছু) প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে কালপানীত সংবাদ মাধ্যমৰ সম্বোধন কৰি কয় যে যি সময়ত বিজেপি চৰকাৰে বিদেশী ৰাষ্ট্ৰৰ পৰা নিৰ্যাতিত হৈ ভাৰতত অহা বিদেশী হিন্দু লোকক ভাৰতীয় নাগৰিকত্ব দিবৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলে, যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰত হিন্দু ৰাষ্ট্ৰ বুলি ফিতাহি মাৰি বিদেশী হিন্দুুক স্বদেশী সজাব বিচাৰিছে, সেই সময়তে অসম চৰকাৰৰ সীমান্ত আৰক্ষীয়ে স্বদেশী ভূমিপুত্ৰ কোচ ৰাজবংশী লোকক ডি ভোটাৰ হিচাবে চিহ্নিত কৰাই নহয় সেহতীয়াকৈ বাক্স জিলাৰ অন্তৰ্গত শালবাৰী মহকুমাৰ বৃহত্তৰ কালপানী অঞ্চলৰ ১৭ জনতকৈ অধিক কোচ ৰাজবংশী লোকক বিদেশী বুলি সন্দেহ কৰি বিদেশী ন্যায়াধীকৰণ আদালতৰ জৰিয়তে বিদেশী জাননী জাৰি কৰি হাৰাশাস্তি কৰাতো অতি দুৰ্ভাগ্যজনক।

বিশ্বজিৎ ৰায়ে অসম চৰকাৰৰ এই কাৰ্যক ধিক্কাৰ দি অতিশীঘ্ৰে কোচ ৰাজবংশীৰ ওপৰত বিদেশী সজাই হাৰাশাস্তি কৰা বন্ধ কৰি ডি ভোটাৰ সকলোক ভাৰতীয় নাগৰিক হিচাবে স্বীকৃতি দিবলৈ দাবী জনোৱাৰ লগতে কোচ ৰাজবংশী সকলোক ডি ভোটাৰ সজাই বিদেশী জাননী জাৰি কৰা সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাকৈ স্পষ্টীকৰণ দিবলৈ আহ্বান জনাই কালপানীৰ ৰাজহুৱা ঠাইত হাৰাশাস্তি বন্ধ কৰাৰ দাবীত প্ৰতিবাদ কৰে ৷

কোচ ৰাজবংশী সকলোৰ ওপৰত কৰি অহা চৰকাৰী নিৰ্যাতন বন্ধ নকৰিলে কোচ ৰাজবংশী জাতীয় পৰিষদে গণতান্ত্ৰিক আন্দোলন কৰাৰ লগতে অচিৰেই অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কোচ ৰাজবংশী জাতীয় পৰিষদ বাধ্য হব বুলি অসম চৰকাৰক সকীয়াই দিয়ে ৷

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd