ফৰাচী ফুটবল ক্লাৱ পেৰিছ জেইণ্ট জাৰ্মেইনৰ শিবিৰত ক’ৰণাই এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে। যোৱা ২ জানুৱাৰীত তাৰকা খেলুৱৈ লিঅ’নেল মেছিকে ধৰি দলটোৰ পাঁচনকৈ খেলুৱৈ ক’ৰণাত আক্ৰান্ত হোৱাৰ পিছত এইবাৰ গ’লৰক্ষক জিয়ানলুইগি ড’নাৰুম্মাৰ শৰীৰত ধৰা পৰিছে ক’ৰণাৰ উপস্থিতি।
ক্লাবটোৱে মঙলবাৰে ঘোষণা কৰে যে ভানেছৰ বিৰুদ্ধে ফ্ৰেঞ্চ কাপৰ এখন খেলত অংশ লোৱাৰ পিছতেই ড’নাৰুম্মা শৰীৰত ক’ভিদৰ সংক্ৰমণৰ ধৰা পৰিছে।
ইয়াৰ ফলত ড’নাৰুম্মাই অহা সোমবাৰে লিয়নৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া লিগ ১ মেচখনত অংশ ল’ব নোৱাৰিব।
উল্লেখ্য যে সোমবাৰে ফ্ৰেঞ্চ কাপৰ অন্তিম ১৬ ত প্ৰৱেশ কৰা দলটোত লিঅ’নেল মেছি, দানিলো পেৰেৰা, জুৱান বাৰ্ণাট, ছাৰ্জিঅ’ ৰিকো আৰু নাথন বিতুমাজালা ক’ৰণাত আক্ৰান্ত হোৱাৰ বাবে অনুপস্থিত আছিল। অৱশ্যে খেলখনত পিএছজি ভানেছৰ বিৰুদ্ধে ৪-০ গ’লত জয়ী হয়।
আনহাতে পিএছজিৰ প্ৰশিক্ষক মাউৰিচিঅ পোচেত্তিনোৱে কয় যে দলৰ ভিতৰচৰাত অধিক ক’ভিদ সংক্ৰমণ হ’ব পাৰে। সেয়ে প্ৰতিজন খেলুৱৈৰ পৰিস্থিতি অনুসৰণ কৰি থকা হৈছে।
অৱশ্যে ক’ভিদত আক্ৰান্ত হোৱা জুয়ান বেৰ্ণাট সোমবাৰে আৰু মঙলবাৰে দুটাকৈ ক’ভিদ পৰীক্ষাৰ পিছত ক’ৰণাৰ পৰা মুক্ত হৈছে বুলি ক্লাৱটোৱে জানিবলৈ দিয়ে। স্পেনিছ ডিফেণ্ডাৰজনে বুধবাৰে পুনৰ প্ৰশিক্ষণ শিবিৰত যোগদান কৰিব।
উল্লেখ্য যে পিএছজিৰ লগতে বৰ্ডো, ল’ৰিয়েণ্ট, এংগাৰছ আৰু লিলিকে ধৰি কেইবাটাও লিগ 1 ৰ ক্লাৱত ক’ৰণাৰ সংক্ৰমণ ঘটিছে।
এংগাৰছ আৰু ছেইণ্ট-এটিনৰ মাজত দেওবাৰে অনুষ্ঠিত হ’বলগীয়া খেলখন ইতিমধ্যে পিছুৱাই দিয়া হৈছে। আনহাতে বৰ্ডো আৰু মাৰ্চেইলৰ মাজত শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া মেচখন অনিশ্চয়তাৰ মাজত সোমাই পৰিছে।