বিগত কংগ্ৰেছ আৰু বিজেপি শাসনাধীষ্ঠ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনৰ পৰা নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী চামগুৰি- উদমাৰীপথ আৰু কলিয়াবৰ-বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত উদমাৰী-কঠালগুৰি-চাপানলা সংযোগী গড়কাপ্তানী বিভাগৰ গ্ৰাম্য পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে নৰক যন্ত্ৰণা ভূগি যাতায়ত কৰিব লগীয়া হৈছে।
নগাঁও জিলাৰ চামগুৰি-উদমাৰী-কঠালগুৰি-চাপানলা সংযোগী ৰাজ্যিক গ্ৰাম্য পথটোৰ সুদীৰ্ঘ পথচোৱা এতিয়া হৈ পৰিছে কদৰ্যময়। এজাক সাধাৰণ বৰষুণতে পথৰ গাঁতত পানী ভৰ্তি হৈ কদৰ্যময় কৰি তোলা পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।
আনহাতে উদমাৰী-বৰজুৰি সংযোগী শালনা চাহ বাগিচা পৰ্যন্ত ৰাজ্যৰ গ্ৰামাঞ্চলৰ পথচোৱা গড়কপ্তানী বিভাগে বিগত দিনত উদমাৰীৰ পৰা ননৈ চাহ বাগিচা পৰ্যন্ত প্ৰায় পাঁচশ মিটাৰ মেৰামতি কৰিছিল যদিও অতি কম দিনৰ ভিতৰতে গাঁতৰ সৃষ্টি হোৱা দেখা গৈছে।
এই দুয়ো জৰাজীৰ্ণ পথটোৰ মাজেৰে নিজৰ বাহনখন লৈ পাৰ হৈ যাবলৈ বহুবাৰ চিন্তা কৰিব লগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে।
যিহেতু নিজ মইমতালিৰে একাধিক শিল ভৰ্তি ডাম্পাৰকে আদি কৰি বিভিন্ন গধুৰ যানবাহন নিতৌ পথচোৱাৰে অবাধে চলাচল কৰি থকাৰ বাবেই ৰাজপথ চোৱা জৰাজীৰ্ণ হৈ পৰিছে বুলি এক দীৰ্ঘদিনীয়া অভিযোগ উত্থাপন কৰিছে স্থানীয় ভুক্তভোগী ৰাইজে।
যাৰ ফলত পথটোত সৃষ্টি হোৱা বোকা-পানীৰে পৰিপূৰ্ণ দ’-দ’ গাঁতৰ বাবেই নিতৌ সৰু-বৰ দূৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হ’ব লগীয়া হৈছে পথটোৰে অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰী, শিশু-মহিলাকে ধৰি বিভিন্ন জন পথচাৰী।
আনকি পথৰ দুৰৱস্থাৰ বাবে ক’ভিড পজিটিভ ৰোগীকো অঞ্চলটোৰ পৰা চিকিৎসালয়লৈ নিবলৈ নাহে জৰুৰীকালীন এম্বুলেঞ্চ।
লগতে পঢ়ক:সাপ ধৰিবলৈ গৈ ফেঁটী সাপৰ দংশনৰ সন্মুখীন প্ৰসিদ্ধ সাপ ধৰা ব্যক্তি ভৱ সুৰেশ, চাওঁক ভিডিঅ’
উল্লেখ্য যে, বৰজুৰি, পাৰ্কোপ পাহাৰ, উদমাৰী, কঠালগুৰি অঞ্চলত থকা সৰু বৰ শিল মহলৰ পৰা বিভিন্ন ক্ৰেচাৰ মেচিনলৈ সৰবৰাহ কৰা শিল ভৰ্তি ডাম্পাৰ, ট্ৰাক আদিয়ে পথচোৱাত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি কৰিছে। বিশেষকৈ ডাম্পাৰ সমুহে গুৰু গোসাঁই নামানি দ্ৰুত গতিত চলাই পথটোৰ বিস্তৰ ক্ষতি সাধন কৰিছে।
চাপানলাৰ পৰা উদমাৰী চাহ বাগিচালৈকে পথচোৱাৰ এটা অংশ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ অধীনত আছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰীজনক বিধায়ক হৈ থকা অৱস্থাত স্থানীয় ৰাইজে বহুবাৰ পথটো নিৰ্মাণৰ বাবে দাবী জনাই আহিছিল যদিও বিফল হ’বলগীয়া হৈছিল।
বৰ্তমানৰ নব নিৰ্বাচিত বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়ক জিতু গোস্বামীক স্থানীয় ৰাইজে পথচোৱাৰ মেৰামতিৰ ক্ষেত্ৰত গুৰুত্ব ল’বলৈ দাবী জনাইছে।
আনহাতে, চাপানালা পাৰ হোৱাৰ পাছতে কঠালগুৰি অঞ্চলতো বৰ্তমানৰ স্বাস্থ্য মন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তৰ অধীনত। ইয়াৰ বিপৰীতে ১৭ নং ৰাজ্যিক গ্ৰাম্য পথটোৰ চামগুৰি, উদমাৰী, একাংশকে ধৰি প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ অধীনত পৰে।
লগতে পঢ়ক:বেটে-বলে উজলিল টীম ইণ্ডিয়া; ৰোহিতৰ নেতৃত্বত প্ৰথম এদিনীয়াত ৬ উইকেটত হৰুৱালে ৱেষ্ট ইণ্ডিজক
এই তিনিজন দায়িত্বশীল ৰাইজৰ প্ৰতিনিধি থকাৰ পাছতো পথটো পুনৰ নিৰ্মাণ তথা মেৰামতি নকৰাতো অতি পৰিতাপৰ বিষয় বুলি স্থানীয় ভুক্তভোগী ৰাইজে অভিযোগ কৰিছে।
স্থানীয় ভুক্তভোগী ৰাইজে মন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তকে ধৰি অসমৰ মুখ্যমন্ত্ৰী গৰাকীক শীঘ্ৰেই পথচোৱা মেৰামতিৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ দাবী জনাইছে।