• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰি-উদমাৰী-কঠালগুৰি-চাপানলা সংযোগী ৰাজ্যিক ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাত অতিষ্ঠ ৰাইজ

বিদ্যুত জ্যোতি বৰা, চামগুৰি by বিদ্যুত জ্যোতি বৰা, চামগুৰি
February 7, 2022 2:24 pm
Dialiapitaed road

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কংগ্ৰেছ আৰু বিজেপি শাসনাধীষ্ঠ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনৰ পৰা নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ ৩৭ন‍ং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী চামগুৰি- উদমাৰীপথ আৰু কলিয়াবৰ-বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত উদমাৰী-কঠালগুৰি-চাপানলা সংযোগী গড়কাপ্তানী বিভাগৰ গ্ৰাম্য পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে নৰক যন্ত্ৰণা ভূগি যাতায়ত কৰিব লগীয়া হৈছে।

নগাঁও জিলাৰ চামগুৰি-উদমাৰী-কঠালগুৰি-চাপানলা সংযোগী ৰাজ্যিক গ্ৰাম্য পথটোৰ সুদীৰ্ঘ পথচোৱা এতিয়া হৈ পৰিছে কদৰ্যময়। এজাক সাধাৰণ বৰষুণতে পথৰ গাঁতত পানী ভৰ্তি হৈ কদৰ্যময় কৰি তোলা পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

আনহাতে উদমাৰী-বৰজুৰি সংযোগী শালনা চাহ বাগিচা পৰ্যন্ত ৰাজ্যৰ গ্ৰামাঞ্চলৰ পথচোৱা গড়কপ্তানী বিভাগে বিগত দিনত উদমাৰীৰ পৰা ননৈ চাহ বাগিচা পৰ্যন্ত প্ৰায় পাঁচশ মিটাৰ মেৰামতি কৰিছিল যদিও অতি কম দিনৰ ভিতৰতে গাঁতৰ সৃষ্টি হোৱা দেখা গৈছে।

Apply Now

লগতে পঢ়ক: ১৫ ফেব্ৰুৱাৰীৰ পৰা কোভিডৰ সকলো SOP প্ৰত্যাহাৰ; জনতা ভৱনত সংবাদমেল পাতি আৰু কি কি ক’লে মুখ্যমন্ত্ৰীয়ে?

এই দুয়ো জৰাজীৰ্ণ পথটোৰ মাজেৰে নিজৰ বাহনখন লৈ পাৰ হৈ যাবলৈ বহুবাৰ চিন্তা কৰিব লগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে।

যিহেতু নিজ মইমতালিৰে একাধিক শিল ভৰ্তি ডাম্পাৰকে আদি কৰি বিভিন্ন গধুৰ যানবাহন নিতৌ পথচোৱাৰে অবাধে চলাচল কৰি থকাৰ বাবেই ৰাজপথ চোৱা জৰাজীৰ্ণ হৈ পৰিছে বুলি এক দীৰ্ঘদিনীয়া অভিযোগ উত্থাপন কৰিছে স্থানীয় ভুক্তভোগী ৰাইজে।

যাৰ ফলত পথটোত সৃষ্টি হোৱা বোকা-পানীৰে পৰিপূৰ্ণ দ’-দ’ গাঁতৰ বাবেই নিতৌ সৰু-বৰ দূৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হ’ব লগীয়া হৈছে পথটোৰে অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰী, শিশু-মহিলাকে ধৰি বিভিন্ন জন পথচাৰী।

আনকি পথৰ দুৰৱস্থাৰ বাবে ক’ভিড পজিটিভ ৰোগীকো অঞ্চলটোৰ পৰা চিকিৎসালয়লৈ নিবলৈ নাহে জৰুৰীকালীন এম্বুলেঞ্চ।

লগতে পঢ়ক:সাপ ধৰিবলৈ গৈ ফেঁটী সাপৰ দংশনৰ সন্মুখীন প্ৰসিদ্ধ সাপ ধৰা ব্যক্তি ভৱ সুৰেশ, চাওঁক ভিডিঅ’

উল্লেখ্য যে, বৰজুৰি, পাৰ্কোপ পাহাৰ, উদমাৰী, কঠালগুৰি অঞ্চলত থকা সৰু বৰ শিল মহলৰ পৰা বিভিন্ন ক্ৰেচাৰ মেচিনলৈ সৰবৰাহ কৰা শিল ভৰ্তি ডাম্পাৰ, ট্ৰাক আদিয়ে পথচোৱাত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি কৰিছে। বিশেষকৈ ডাম্পাৰ সমুহে গুৰু গোসাঁই নামানি দ্ৰুত গতিত চলাই পথটোৰ বিস্তৰ ক্ষতি সাধন কৰিছে।

চাপানলাৰ পৰা উদমাৰী চাহ বাগিচালৈকে পথচোৱাৰ এটা অংশ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ অধীনত আছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰীজনক বিধায়ক হৈ থকা অৱস্থাত স্থানীয় ৰাইজে বহুবাৰ পথটো নিৰ্মাণৰ বাবে দাবী জনাই আহিছিল যদিও বিফল হ’বলগীয়া হৈছিল।

বৰ্তমানৰ নব নিৰ্বাচিত বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়ক জিতু গোস্বামীক স্থানীয় ৰাইজে পথচোৱাৰ মেৰামতিৰ ক্ষেত্ৰত গুৰুত্ব ল’বলৈ দাবী জনাইছে।

আনহাতে, চাপানালা পাৰ হোৱাৰ পাছতে কঠালগুৰি অঞ্চলতো বৰ্তমানৰ স্বাস্থ্য মন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তৰ অধীনত। ইয়াৰ বিপৰীতে ১৭ নং ৰাজ্যিক  গ্ৰাম্য পথটোৰ চামগুৰি, উদমাৰী, একাংশ‌কে ধৰি প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ অধীনত পৰে।

লগতে পঢ়ক:বেটে-বলে উজলিল টীম ইণ্ডিয়া; ৰোহিতৰ নেতৃত্বত প্ৰথম এদিনীয়াত ৬ উইকেটত হৰুৱালে ৱেষ্ট ইণ্ডিজক

এই তিনিজন দায়িত্বশীল ৰাইজৰ প্ৰতিনিধি থকাৰ পাছতো পথটো পুনৰ নিৰ্মাণ তথা মেৰামতি নকৰাতো অতি পৰিতাপৰ বিষয় বুলি স্থানীয় ভুক্তভোগী ৰাইজে অভিযোগ কৰিছে।

স্থানীয় ভুক্তভোগী ৰাইজে মন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তকে ধৰি অসমৰ মুখ্যমন্ত্ৰী গৰাকীক শীঘ্ৰেই পথচোৱা মেৰামতিৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ দাবী জনাইছে।

বিদ্যুত জ্যোতি বৰা, চামগুৰি

বিদ্যুত জ্যোতি বৰা, চামগুৰি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd