• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীম ইণ্ডিয়াৰ বেটিং তাণ্ডৱ! টী-২০ ছিৰিজৰ প্ৰথমখন মেচত শ্ৰীলংকাক হৰুৱাই অগ্ৰগতি ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2022 7:32 am
1st-T20-India-beat-Sri-Lanka-by-62-runs-take
255
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে লক্ষ্ণৌত অনুষ্ঠিত টী-২০ ছিৰিজৰ প্ৰথমখন মেচত শ্ৰীলংকাক ভাৰতে অনায়াসে পৰাজিত কৰে।মেচখনত ভাৰতে শ্ৰীলংকাক ৬২ৰাণৰ ব্যৱধানত পৰাজিত কৰে।

টছত জিকি শ্ৰীলংকাই প্ৰথমে ভাৰতক বেটিং কৰিবলৈ পঠিয়ায়। বেটিং কৰিবলৈ নামি ভাৰতীয় বেটাৰসকলে একপ্ৰকাৰ তাণ্ডৱ চলায়।

অধিনায়ক ৰোহিত শৰ্মা, ঈষাণ কিষান আৰু শ্ৰেয়াস আয়াৰৰ বেটিং তাণ্ডৱৰ ফলত ভাৰতে নিৰ্দিষ্ট ২০ অভাৰত দুটা উইকেট হেৰুৱাই ১৯৯ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি শ্ৰীলংকাই ৬টা উইকেট হেৰুৱাই ১৩৭ৰাণতে নিজৰ ইনিংছ সামৰে।

লগতে পঢ়ক: গুগলত নিৰাপদ আশ্ৰয় বিচাৰক; ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক লুকাই থাকিবলৈ পৰামৰ্শ ভাৰতৰ

মেচখনত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই একাধিক অভিলেখ গঢ়িবলৈ সক্ষম হয়। টী-২০ ফৰ্মেটত বিশ্বৰ ভিতৰতে সৰ্বোচ্চ ৰাণৰ অধিকাৰী হয় ৰোহিত। এইক্ষেত্ৰত তেওঁ নিউজিলেণ্ডৰ মাৰ্টিন গুপ্তিল আৰু ভাৰতৰ পূৰ্বৰ অধিনায়ক বিৰাট কোহলিক অতিক্ৰম কৰে।

ৰোহিতে টী-২০ত ১২৩খন মেচ খেলি মুঠ ৩৩০৭ৰাণ সংগ্ৰহ কৰিছে। আনহাতে, ১২২খন মেচত গুপ্তিলৰ সংগ্ৰহ হৈছে ৩২৯৯ৰাণ। বিৰাট কোহলিয়ে ৯৭খন মেচ খেলি সংগ্ৰহ কৰিছে ৩২৯৬ৰাণ।

বৃহস্পতিবাৰে ৰোহিতে ৩২টা বল খেলি এটা ছয় আৰু দুটা চাৰিৰ সহায়ত ৪৪ৰাণ কৰে। ৰোহিত আৰু ঈষাণ কিষানে ইনিংছ মুকলি কৰি ১১১ৰাণ যোগ দিয়ে। আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক খেল খেলে ঈষাণ কিষানে।

লগতে পঢ়ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: থমকি ৰৈছে নাটো! ইউক্ৰেইনলৈ সৈন্য প্ৰেৰণ নকৰাৰ সিদ্ধান্ত

ৰোহিত ব্যক্তিগত ৪৪ৰাণত আউট হোৱাৰ পিছত তিনি নম্বৰত বেটিং কৰিবলৈ নামে শ্ৰেয়াস আয়াৰ। শ্ৰেয়াসে ঈষাণৰ সৈতে ৪৪ৰাণৰ যুটী বান্ধে। ঈষাণ কিষানে ৫৬টা বলত ৮৯ৰাণৰ এক দমনীয় ইনিংছ খেলে। তেওঁ মুঠতে ১০টা চাৰি আৰু ৩টা ছয় কোবায়। শেষৰ পিনে কোবাবলৈ গৈ আউট হয় ঈষাণ। তেওঁ আউট হোৱাৰ সময়ত ভাৰতৰ ১৫৫ ৰাণ আছিল। পিছত শ্ৰেয়াস আয়াৰেও আক্ৰমণাত্মকভাৱে খেলি ভাৰতৰ ৰাণ ১৯৯লৈকে আগবঢ়াই নিয়ে।

ভাৰতৰ বিশাল ১৯৯ৰাণ অতিক্ৰম কৰাৰ লক্ষ্য লৈ বেটিং কৰিবলৈ নামি আৰম্ভণিৰে পৰা উইকেট হেৰুৱাবলৈ লয় শ্ৰীলংকাই। ভুৱনেশ্বৰ কুমাৰে শূন্য ৰাণতে নিছানকাক উভতাই পঠোৱাৰ পিছত কামিল মিছাৰাও ১৩ৰাণ কৰি ভুৱনেশ্বৰৰ চিকাৰ হয়। ব্যক্তিগত ১১ৰাণত পেভলিয়নমুখী হয় লিয়ানাগে।

শ্ৰীলংকাই ৩৬ৰাণতে ৩টা উইকেট হেৰুৱাই শলঠেকত পৰে। তাৰপিছতো দীনেশ চাণ্ডিমালক ১০ৰাণত জাডেজাই আউট কৰে। ছানাকাই মাত্ৰ ৩ৰাণ কৰিয়েই বিদায় লয়। কৰুনাৰত্নে ২১ৰাণ কৰি ভংকটেশ আয়াৰৰ বলত আউট হয়।

লগতে পঢ়ক: ৰামদেৱৰ ‘পতঞ্জলি’ৰ ‘ৰুচি ছয়া’ক ধনী কৰিবলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংস কৰিব খুজিছে মোদী চৰকাৰে- প্ৰদ্যুৎ বৰদলৈ

শ্ৰীলংকাৰ হৈ ছাৰিথ আছালংকাই অপৰাজিত ৫৩ৰাণ কৰে। শ্ৰীলংকাৰ ইনিংছৰ তেওঁৱেই আছিল সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী।

ভাৰতৰ হৈ ভুৱনেশ্বৰ কুমাৰ আৰু ভেংকটেশ আয়াৰে দুটাকৈ উইকেট লয়। চাহাল আৰু ৰবীন্দ্ৰ জাডেজাই লাভ কৰে এটাকৈ উইকেট।   

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd