দেশৰ চিকিৎসা বিজ্ঞানীৰ শিক্ষাৰ্থীসকলক এইবাৰৰ পৰা ‘হিপ’ক্ৰেটিক ওৱাথ’ৰ সলনি ‘মহৰ্ষি চৰক শপত’ পাঠ কৰোৱাৰ বাবে কিছুদিন পূৰ্বে একাংশ হিন্দুত্ববাদী সংগঠনে দাবী তুলিছিল। তাকলৈ দেশজুৰি বিতৰ্কৰো সূত্ৰপাত হৈছিল। কিন্তু এইবাৰ বাস্তৱতে সেই কাণ্ড ঘটিল।
তামিলনাডুৰ এখন চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ঘটনা এই ঘটনাকলৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। এনে ভুলৰ বাবে ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়খনৰ ডীনক অপসাৰণ কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তৰো নিৰ্দেশ দিয়া হৈছে। অনুষ্ঠানত উপস্থিত থকা দুগৰাকী মন্ত্ৰী এই ঘটনাত হতভম্ব হৈ পৰে।
লগতে পঢ়ক: লক্ষ্য মোদীৰ ৰাজ্য! এইবাৰ গুজৰাটত গৈ বিজেপিক প্ৰত্যাহ্বান জনালে কেজৰিৱালে
তামিলনাডুৰ মাদুৰাই মেডিকেল কলেজৰ এমবিবিএছ পাঠ্যক্ৰমৰ প্ৰথম বৰ্শৰ শিক্ষাৰ্থীসকলে নিয়ম অনুযায়ী শপত পাঠ কৰিছিল। কিন্তু তেওঁলোকে শপতবাক্য পাঠ কৰিবলৈ আৰম্ভ কৰিয়েই বুজিব পাৰিলে যে কিবা এটা ভুল হৈছে। দৰাচলতে শিক্ষাৰ্থীসকলে ‘হিপ’ক্ৰেটিক শপত’ৰ সলনি ‘মহৰ্ষি চৰক শপত’ পাঠ কৰা শুনা যায়। অৱশ্যে মাজতেই সেই শপত পাঠ বন্ধ কৰি দিয়া হয়।
মেডিকেল কলেজখনৰ এই শপত পাঠ অনুষ্ঠানত উপস্থিত আছিল তামিলনাডুৰ বিত্তমন্ত্ৰী পিটিআই পালানিভেল থিয়াগা ৰাজন আৰু ৰাজহ মন্ত্ৰী পি মূৰ্তি। গোটেই ঘটনাটোত দুয়োগৰাকীয়ে স্তম্ভিত হৈ পৰে।
মন্ত্ৰী ৰাজনে কয়, ‘’যেতিয়া সেই নতুন শপতবাক্য পাঠ কৰো শুনো মই হতভম্ব হৈ পৰো। মই জানিছিলো যে চিকিৎসকসকলে ‘হিপ’ক্ৰেটিক শপত’ লয়। মইতো ৰাজনীতিকসকলকো এনে শপত ল’বলৈ কৈ থাকো।‘’
এই সমস্ত ঘটনাৰ বাবে অভিযোগৰ আঙুলি উঠিছে মাদুৰাই মেডিকেল কলেজৰ ডীন ডঃ ৰাথিনাভেলৰ পিনে। তেওঁক ইতিমধ্যে এই পদৰ পৰা অপসাৰণ কৰা হৈছে। তেওঁ দোষী প্ৰমানিত হ’লে কঠোৰ শাস্তিৰো সন্মুখীন হ’ব পাৰে। অৱশ্যে তেওঁ এই অভিযোগ অস্বীকাৰ কৰিছে।
লগতে পঢ়ক: কংগ্ৰেছৰ সৈতে নিমিলিল কথা; আজি নতুন পৰিকল্পনাৰ কথা সদৰী কৰিব প্ৰশান্ত কিশোৰে
ডীনগৰাকীয়ে জানিবলৈ দিয়ে যে ছাত্ৰ সংগঠনৰ সম্পাদকৰ ভুলৰ বাবেই এনে বেমেজালি হৈছে। তেওঁ ভুলকৈ বিপ’ক্ৰেটিক শপতৰ সলনি মহৰ্ষি চৰকৰ শপত ডাউনলোড কৰে আৰু সেইটোকে শপত গ্ৰহণৰ প্ৰেক্ষাগৃহত বজাই দিয়ে।