বর্তমান বিজেপি চৰকাৰৰ দিনত সাধাৰণ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈ গৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টিৰ অসম শাখাই। কিয়নো ৰাজ্যত ক্ৰমান্বয়ে যেন বাঢ়ি আহিছে মন্ত্রী, বিধায়কৰ কনভয়ৰ দুৰ্ঘটনাত সাধাৰণ নাগৰিকৰ মৃত্যুৰ খবৰ।
অসম চৰকাৰৰ পৰিবহন বিভাগে পালন কৰি অহা স্পীড লিমিট, পথ সুৰক্ষা সপ্তাহ আদি শব্দবোৰ কেৱল ভেকোভাওনা নে ধোৱা চাঙৰ ওপৰত উঠি থকা বগা হাতী সেই লৈ প্ৰশ্ন উত্থাপন কৰি আপ, অসমৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে কয় “অসম চৰকাৰে কেবিনেটত অসমৰ সাধাৰণ লোকৰ বাবে লোৱা যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ সিদ্ধান্ত, নিৰ্ধাৰণ কৰা বাহন অনুযায়ী গতিবেগবোৰ মন্ত্ৰী, বিধায়কসকলেও মানি চলাটো প্রয়োজন। কাৰণ সঘনাই মন্ত্ৰী, বিধায়কৰ কনভয়ৰ গাড়ীৰ খুন্দাত নিহতৰ বাতৰিয়ে সকলোকে আতংকিত আৰু উদ্বিগ্ন কৰি তুলিছে। যোৱা দেওবাৰে মন্ত্ৰী অতুল বৰাৰ দ্ৰুতবেগী কনভয়ে প্রাণ কাঢ়ি নিলে চামগুৰিৰ মানস প্রতিম দাস নামৰ এজন অসমীয়া ডেকাৰ। একমাত্ৰ পুত্ৰ সন্তানক হেৰুৱাই শোকত ত্ৰিয়মান পৰিয়ালৰ লোক।”
লগতে পঢ়ক: বিষ্ণুৰাভাৰ বাসগৃহ বিভ্ৰাট! ছ’চিয়েল মিডিয়াত বিষ্ণুৰাভাৰ বুলি প্ৰচাৰ চলোৱা বাসগৃহটো প্ৰকৃততে কাৰ?
চৌধুৰীয়ে উল্লেখ কৰা অনুসৰি এই একেজন মন্ত্ৰীৰ কনভয়ে ইয়াৰ আগতেও সংঘটিত কৰিছিল দুটাকৈ পথ দূৰ্ঘটনা।
ভৱেন চৌধুৰীয়ে জনোৱা অনুসৰি “যোৱা ২৬ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ কাজিৰঙা ভ্ৰমণৰ সময়ত লগত থকা মন্ত্রী অতুল বৰাৰ কনভয়ৰ খুন্দাত প্ৰাণ গৈছিল বোকাখাতৰ ৰামেশ্বৰ ৰবিদাস নামৰ এজন যুৱকৰ।”
চৌধুৰীয়ে লগতে কয়, “আনফালে পথচাৰীৰ সৈতে দুৰ্ঘটনা সংঘটিত কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়েও। যোৱা কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে আহি থাকোতে আধাবাটত কনভয়ৰ খুন্দাত আঘাটপ্রাপ্ত হৈছিল দুজন লোক। ইয়াৰ পূর্বেও ২০১৮ বৰ্ষত তেখেতে স্বাস্থ্য ও শিক্ষামন্ত্রী হৈ থাকোতে তেখেতৰ কনভয়ৰ খুন্দাত নিহত হৈছিল গুৱাহাটীত অধ্যয়নৰত অনুপম চান্দা নামৰ এজন ছাত্র।”
লগতে পঢ়ক: Ukraine War: নোবেল বিক্ৰী কৰি ইউক্ৰেইনক অৰ্থ সাহায্য ৰুছ সাংবাদিকৰ; বিশ্বজুৰি চৰ্চাত দিমিট্ৰি মুৰাটভ
“২০১৯ বৰ্ষত বিশ্বনাথৰ বাঘমাৰীত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ খুন্দাত মৃত্যুমুখত পৰিছিল দুজনকৈ বাইক আৰোহী। ইফালে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ কনভয়েও ৰহাত কেইদিনমান আগতে মিনু দেৱী নামৰ এগৰাকী মহিলাক মহতিয়াই নিছিল। ফলত থিতাতে মৃত্যু হৈছিল মহিলাগৰাকীৰ।” তথ্য দাঙি ধৰি চৌধুৰীয়ে এইদৰে কয়।
ভৱেন চৌধুৰীয়ে লগতে দাবী কৰি কয়, “এইদৰে সঘনাই নেতা, মন্ত্ৰীৰ কনভয়ে বিভীষিকা কঢ়িয়াই আনিছে পথচাৰীৰ জীৱনলৈ। মন্ত্রী, বিধায়কসকলৰ কনভয়ে দূৰ্ঘটনা কৰাৰ সময়ত গতিবেগ নিয়ন্ত্রণত আছিল নে নাই তদন্ত হ’বনে, নে বিষয়সমূহ কেৱল সাধাৰণ নাগৰিকৰ বাবেহে?
লগতে পঢ়ক: Meet Kanika Tekriwal: কম বয়সতে বিৰাট সফলতা লাভ কৰা এগৰাকী ভাৰতীয় যুৱতী কণিকা তেকৰিৱাল
যানবাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ কেৱল কেবিনেটত সিদ্ধান্তৰ বাহিৰে মন্ত্ৰী, বিধায়কসকলে নিজেও এই ক্ষেত্ৰত আদৰ্শ দাঙি ধৰিবলৈ আপ অসম শাখাই আহ্বান জনায়।