• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাধাৰণ নাগৰিকৰ দৰে মন্ত্ৰী, বিধায়কৰ কনভয়ৰো ‘স্পীড লিমিট’, ‘পথ সুৰক্ষা সপ্তাহ’ আদিৰ ব্যৱস্থা হওক: আপ, অসম

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 21, 2022 8:49 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বর্তমান বিজেপি চৰকাৰৰ দিনত সাধাৰণ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈ গৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টিৰ অসম শাখাই। কিয়নো ৰাজ্যত ক্ৰমান্বয়ে যেন বাঢ়ি আহিছে মন্ত্রী, বিধায়কৰ কনভয়ৰ দুৰ্ঘটনাত সাধাৰণ নাগৰিকৰ মৃত্যুৰ খবৰ।

অসম চৰকাৰৰ পৰিবহন বিভাগে পালন কৰি অহা স্পীড লিমিট, পথ সুৰক্ষা সপ্তাহ আদি শব্দবোৰ কেৱল ভেকোভাওনা নে ধোৱা চাঙৰ ওপৰত উঠি থকা বগা হাতী সেই লৈ প্ৰশ্ন উত্থাপন কৰি আপ, অসমৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে  কয় “অসম চৰকাৰে কেবিনেটত অসমৰ সাধাৰণ লোকৰ বাবে লোৱা যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ সিদ্ধান্ত, নিৰ্ধাৰণ কৰা বাহন অনুযায়ী গতিবেগবোৰ মন্ত্ৰী, বিধায়কসকলেও মানি চলাটো প্রয়োজন। কাৰণ সঘনাই মন্ত্ৰী, বিধায়কৰ কনভয়ৰ গাড়ীৰ খুন্দাত নিহতৰ বাতৰিয়ে সকলোকে আতংকিত আৰু উদ্বিগ্ন কৰি তুলিছে। যোৱা দেওবাৰে মন্ত্ৰী অতুল বৰাৰ দ্ৰুতবেগী কনভয়ে প্রাণ কাঢ়ি নিলে চামগুৰিৰ মানস প্রতিম দাস নামৰ এজন অসমীয়া ডেকাৰ। একমাত্ৰ পুত্ৰ সন্তানক হেৰুৱাই শোকত ত্ৰিয়মান পৰিয়ালৰ লোক।”

লগতে পঢ়ক: বিষ্ণুৰাভাৰ বাসগৃহ বিভ্ৰাট! ছ’চিয়েল মিডিয়াত বিষ্ণুৰাভাৰ বুলি প্ৰচাৰ চলোৱা বাসগৃহটো প্ৰকৃততে কাৰ?

Apply Now

চৌধুৰীয়ে উল্লেখ কৰা অনুসৰি এই একেজন মন্ত্ৰীৰ কনভয়ে ইয়াৰ আগতেও সংঘটিত কৰিছিল দুটাকৈ পথ দূৰ্ঘটনা।

ভৱেন চৌধুৰীয়ে জনোৱা অনুসৰি “যোৱা ২৬ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ কাজিৰঙা ভ্ৰমণৰ সময়ত লগত থকা মন্ত্রী অতুল বৰাৰ কনভয়ৰ খুন্দাত প্ৰাণ গৈছিল বোকাখাতৰ ৰামেশ্বৰ ৰবিদাস নামৰ এজন যুৱকৰ।”

চৌধুৰীয়ে লগতে কয়, “আনফালে পথচাৰীৰ সৈতে দুৰ্ঘটনা সংঘটিত কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়েও। যোৱা কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে আহি থাকোতে আধাবাটত কনভয়ৰ খুন্দাত আঘাটপ্রাপ্ত হৈছিল দুজন লোক। ইয়াৰ পূর্বেও ২০১৮ বৰ্ষত তেখেতে স্বাস্থ্য ও শিক্ষামন্ত্রী হৈ থাকোতে তেখেতৰ কনভয়ৰ খুন্দাত নিহত হৈছিল গুৱাহাটীত অধ্যয়নৰত অনুপম চান্দা নামৰ এজন ছাত্র।”

লগতে পঢ়ক: Ukraine War: নোবেল বিক্ৰী কৰি ইউক্ৰেইনক অৰ্থ সাহায্য ৰুছ সাংবাদিকৰ; বিশ্বজুৰি চৰ্চাত দিমিট্ৰি মুৰাটভ

“২০১৯ বৰ্ষত বিশ্বনাথৰ বাঘমাৰীত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ খুন্দাত মৃত্যুমুখত পৰিছিল দুজনকৈ বাইক আৰোহী। ইফালে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ কনভয়েও ৰহাত কেইদিনমান আগতে মিনু দেৱী নামৰ এগৰাকী মহিলাক মহতিয়াই নিছিল। ফলত থিতাতে মৃত্যু হৈছিল মহিলাগৰাকীৰ।” তথ্য দাঙি ধৰি চৌধুৰীয়ে এইদৰে কয়।

ভৱেন চৌধুৰীয়ে লগতে দাবী কৰি কয়, “এইদৰে সঘনাই নেতা, মন্ত্ৰীৰ কনভয়ে বিভীষিকা কঢ়িয়াই আনিছে পথচাৰীৰ জীৱনলৈ। মন্ত্রী, বিধায়কসকলৰ কনভয়ে দূৰ্ঘটনা কৰাৰ সময়ত গতিবেগ নিয়ন্ত্রণত আছিল নে নাই তদন্ত হ’বনে, নে বিষয়সমূহ কেৱল সাধাৰণ নাগৰিকৰ বাবেহে?

লগতে পঢ়ক: Meet Kanika Tekriwal: কম বয়সতে বিৰাট সফলতা লাভ কৰা এগৰাকী ভাৰতীয় যুৱতী কণিকা তেকৰিৱাল

যানবাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ কেৱল কেবিনেটত সিদ্ধান্তৰ বাহিৰে মন্ত্ৰী, বিধায়কসকলে নিজেও এই ক্ষেত্ৰত আদৰ্শ দাঙি ধৰিবলৈ আপ অসম শাখাই আহ্বান জনায়।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd