Adani Group approaches SBI ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) পৰা আদানি গ্ৰুপে ইতিমধ্যে ১২,০০০ কোটি টকা আৰু ৬,০০০ কোটি টকাৰ দুটা ঋণ লৈ থৈছে। বাতৰি অনুসৰি এইবাৰ আদানিয়ে নতুন প্ৰকল্পৰ বাবে ১৪,০০০ কোটি টকাৰ ঋণ বিচাৰিছে।
আদানি গ্ৰুপে গুজৰাটৰ মুন্দ্ৰাত এটা কয়লাৰ পৰা পলিভিনাইল ক্লৰাইড (পিভিচি) প্ৰ স্তুত কৰাৰ বাবে প্ৰকল্প স্থাপন কৰিব। ইয়াৰ বাবে গৌতম আদানিয়ে ভাৰতীয় ষ্টেট বেংকৰ সাহায্য বিচাৰিছে।
বাতৰি অনুসৰি, আদানি গ্ৰুপে এই সন্দৰ্ভত এছবিআইৰ সৈতে যোগাযোগ কৰিছে। সূত্ৰ অনুসৰি তেওঁলোকে প্ৰায় ১৪,০০০ কোটি টকাৰ ঋণ বিচাৰিছে।
যোৱা কেইমাহমানত এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ ঋণৰ আবেদন বুলি ক’ব পাৰি। আদানি এণ্টাৰপ্ৰাইজেছে আগতে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অধিগ্ৰহণৰ বাবে ১২,৭৭০ কোটি টকাৰ ঋণ লৈছিল।
আদানি গ্ৰুপে এছ বি আইৰ সহায়ত আন এক বৃহৎ পৰিমাণৰ ঋণ লাভ কৰিছে। আদানি গ্ৰুপে গুজৰাটত কচ্ছ কপাৰ লিমিটেডৰ (KCL) তাম শোধনাগাৰ প্ৰকল্প স্থাপন কৰিছে।
লগতে পঢ়ক: CBSE Class 12th Result 2022: চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা; কেনেদৰে চাব ফলাফল?
ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) নেতৃত্বত বেংকসমূহৰ এটা কনছ’ৰ্টিয়ামে প্ৰকল্পটোৰ বাবে ৬,৭০১ কোটি টকাৰ ঋণ অনুমোদন দিছে।
আদানি এণ্টাৰপ্ৰাইজেছ লিমিটেডৰ সঞ্চালক বিনয় প্ৰকাশে জনাইছে যে প্ৰকল্পটো ২০২৪ চনত আৰম্ভ হ’ব।