Indian Army activates satellite broadband service ভাৰতীয় সেনাই চিয়াচেন হিমবাহত ইণ্টাৰনেট সেৱা আৰম্ভ কৰিছে। দেওবাৰে চিয়াচেন হিমবাহৰ পাদদেশত উপগ্ৰহ-আধাৰিত ইণ্টাৰনেট সেৱা আৰম্ভ কৰা হয়।
ভাৰতীয় সেনাই এতিয়া সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ২০,০০০ ফুট উচ্চতাত ইণ্টাৰনেট সেৱা লাভ কৰিব।
লগতে পঢ়ক: Iran Women Protest: আৰক্ষীৰ জিম্মাত যুৱতীৰ মৃত্যু; চুলি কাটি হিজাব জ্বলাই দি প্ৰতিবাদ ইৰাণী মহিলাৰ
ভাৰতীয় সেনাই এই বিষয়ে টুইট কৰিছে য’ত এজন ভাৰতীয় সৈনিকক টিলাটোত এটা ডিছ এণ্টেনা স্থাপন কৰা দেখা গৈছে।
টুইট কৰাৰ পিছত নেটিজেনসকলে ভাৰতীয় সেনাক প্ৰশংসাৰে উপচাই পেলাইছে।
"Always Through"
Satellite based internet service activated on the #SiachenGlacier at 19,061 feet, the World's Highest Battlefield, by the Siachen Signallers#SiachenWarriors@adgpi@NorthernComd_IA@ANI pic.twitter.com/kK8xQG8aQj
— @firefurycorps_IA (@firefurycorps) September 18, 2022
তদুপৰি, সাধাৰণ মানুহে ভাবে যে বিশ্বৰ সৈতে যোগাযোগ এতিয়া বহুত সহজ হৈ পৰিছে।
জানিব পৰা গৈছে যে ভাৰত ব্ৰডবেণ্ড নেটৱৰ্ক লিমিটেডৰ সৌজন্যত ইমান উচ্চতাত ইণ্টাৰনেট সেৱা আৰম্ভ কৰা হৈছে।